গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত “দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু”
আজি পুৱা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত “দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু”ৰ আয়োজল কৰা হয় ।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিকসকলে তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰে সমাজৰ বিভিন্ন বাস্তৱতাক সমাজৰ আগত দাঙি ধৰে।
ভাষা আৰু সংস্কৃতি সংৰক্ষণ, সুৰক্ষা আৰু বিকশিত কৰি তোলাৰ ক্ষেত্ৰতো সাংবাদিকসকলৰ ভূমিকা অপৰিসীম। সাংবাদিকসকলে তেওঁলোকৰ কৰ্মৰ মাজেৰে সমাজৰ প্ৰতি অধিক দায়বদ্ধ হোৱাৰ লগতে আমাৰ সাহিত্য আৰু সংস্কৃতিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ।

কৰ্ম ব্য়স্ততাৰ মাজতে দশম বার্ষিক সাংবাদিকৰ মুকলি বিহুত সংবাদিকসকল একলগ হৈ বিহুগীত , নৃত্য় পৰিৱেন কৰে ।
আজিৰ এই অনুষ্ঠানত বহু কেইগৰাকী জেষ্ঠ সাংবাদিকৰ লগতে আন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
দীঘলীপুখুৰীপাৰত সাংবাদিকৰ বিহুত কেইবাজনো জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।