শেহতীয়া খবৰ
Home / আঞ্চলিক

আঞ্চলিক

আঞ্চলিক

দুৰ্বৃত্তই ভাঙিলে ৰৌতা কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ তোৰণঃ ৰৌতা থানাত এজাহাৰ দাখিল এবছুৰ

ডিজিটেল ডেস্ক, লালপুলঃ ১৯৯৩ চনৰ ১০ জুন তাৰিখে স্থাপন হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা কনিষ্ঠ মহাবিদ্যালয়খনে চলিত বৰ্ষৰ ১০ জুন তাৰিখে ২৫ বছৰ অতিক্ৰম কৰে । ২৫ বছৰ গৰকা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ সিদ্ধান্তমৰ্মে যোৱা ২২ আৰু ২৩ চেপ্তেম্বৰ তাৰিখে দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হয় । …

অধিক »

নগাঁৱত আছুৰ প্ৰতিভা সন্ধানী পৰীক্ষাত পাঁচ শতাধিকৰ অংশগ্ৰহণ

ডিজিটেল ডেস্ক, চেঙাঃ “শিক্ষা জাতিৰ বাবে মেৰুদণ্ড স্বৰূপ। আজিৰ প্ৰতিভাৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাই হ’ল অমোঘ অস্ত্ৰ। সেয়েহে আমাৰ জাতীয় জীৱনৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ জ্ঞানাহৰণেই ছাত্ৰ-ছাত্ৰীসকলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত।” বৰপেটা জিলাৰ নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা প্ৰতিভা সন্ধানী পৰীক্ষা কাৰ্যসূচীত উপস্থিত থাকি এই …

অধিক »

অসমলৈ আহিব অভিনেত্ৰী ৰবীনা টেণ্ডন

ডিজিটেল ডেস্ক, হোজাইঃ বলিউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ ৰবীনা টেণ্ডনৰ সৈতে যোৱা নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ অৰ্কিড মানৱ ৰহমত আলী লস্কৰ ৷ লস্কৰে মহাৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে বন বিভাগৰ এক কৰ্মশালাত মিলিত হ’বলৈ মায়ানগৰী মুম্বাইলৈ গৈছে ৷ সেই আলোচনাৰ সময়ৰ …

অধিক »

গোৱালপাৰাত প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চাফাই অভিযান

ডিজিটেল ডেস্ক, গোৱালপাৰাঃ সমগ্র ভাৰততে  থকা  প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, মাউণ্ট আবু, ৰাজস্থান’ৰ অন্তৰ্গত ৫০ হাজাৰ সেৱা কেন্দ্ৰই যোৱা ১৫ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈকে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী চলাই আছে । ইয়াৰে গোৱালপাৰাও এক উল্লেখযোগ্য সেৱা কেন্দ্ৰ হিচাপে ২২ চেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰ লৈকে পাঁচ দিনীয়াকৈ চাফাই অভিযানৰ কাৰ্যসূচী …

অধিক »

লংকা আৰক্ষীৰ জালত হিজবুল মুজাহিদীনৰে জড়িত থকা আন এক অভিযুক্ত

বৰপেটাৰ পৰা আৰক্ষীয়ে আটক কৰা তিনিজনক মুকলি সন্ত্ৰাসবাদী মৰিলে কবৰস্থানত ঠাই নিদিয়াৰ আহ্বান মস্তাক আনফৰ জমিয়তৰ ডিজিটেল ডেস্ক, নীলবাগানঃ জেহাদী সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা সাতজন লোকক চলাই থকা জেৰাৰ অন্তত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ জেৰাত ধৃত লিংকমেন সকলে প্ৰকাশ কৰে …

অধিক »

কাকপথাৰত প্ৰতিকী চেক গেটেৰে অভিনৱ প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ, আন্ত:ৰাজ্যিক পাৰপত্ৰৰ দাবী

ডিজিটেল ডেস্ক, কাকপথাৰঃ অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰৰ প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিকী ছেক গেটেৰে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাক গেটত প্ৰতিবাদ সাব্যস্ত কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত অসম অৰুণাচল সীমান্তৱতী ডিৰাক গেটৰ সমিপতে উক্ত কাৰ্যসুচীটো ৰূপায়ন কৰে ৷ চেক গেটৰ যোগোদি …

অধিক »

আজিৰ পৰা পুনৰ আৰম্ভ হ’ব স্বাস্থ্যৰ জৰুৰীকালীন সেৱা

ডিজিটেল ডেস্কঃ প্রায় ১৫ দিন ৰাজ্যত অচল হৈ থকা স্বাস্থ্য খণ্ডৰ জৰুৰীকালীন সেৱাসমূহ কাইলৈৰ পৰা পুনৰ সক্রিয় হ’ব৷ আজি স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগত অনুষ্ঠিত আলোচনাৰ অন্তত মৃত্যুঞ্জয়, আদৰণি অর্থাৎ ১০৮, ১০২ সেৱা আৰু কল চেণ্টাৰত নিয়োজিত চালক আৰু কর্মচাৰীসকলে কাইলৈ কামত যোগ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখযোগ্য যে …

অধিক »

৫০ শতাংশলৈকে বৃদ্ধি পাব যান-বাহনৰ ভাৰা

ডিজিটেল ডেস্কঃ পেট্রল-ডিজেল, ৰন্ধন গেছ, নিত্য ব্যৱহার্য সামগ্রীৰ দাম বৃদ্ধিৰ পাছত এইবাৰ সকলো শ্রেণীৰ ব্যাৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি পাব৷ অহা ৩ অক্টোবৰৰ পৰা ৰাজ্যজুৰি বৃদ্ধি পাব ব্যাৱসায়িক যান-বাহনৰ ভাৰা৷ বর্তমান প্রযোজ্য হৈ থকা ভাৰাৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ বৃদ্ধি পাব৷ ইতিমধ্যে ৫০ শতাংশ ভাৰা বৃদ্ধি কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ …

অধিক »

নগাঁৱৰ উত্তৰ খাটোৱালত বিদ্যুত প্ৰবাহিত হৈ শিশুসহ ছজনৰ কৰুণ মৃত্যু, তদন্তৰ ঘোষণা

ডিজিটেল ডেস্কঃ বিদ্যুত্‍ বিভাগৰ চৰম গাফিলতিৰ বাবেই আজি পুৱা নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ উত্তৰ খাটোৱালত বিদ্যুত প্ৰবাহিত হৈ একেটা পৰিয়ালৰ শিশুসহ ছজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই শোকাৱহ ঘটনাটো আজি পুৱা স্থানীয় একাংশ লোকৰ চকুৰ সন্মুখতে সংঘটিত হয়। জানিব পৰা …

অধিক »

পবিত্ৰ মহৰম উপলক্ষে দৰিদ্ৰ লোকৰ মাজত ফলমূল বিতৰণ আমছুৰ

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ মহৰম৷ দেশবাসীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলামধৰ্মালম্বী লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে পবিত্ৰ মহৰম৷ এই পবিত্ৰ দিনটোতে আমছুৰ মহানগৰ জিলা সমিতিৰ এক প্ৰসংশনীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷ এমুঠি অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি মহানগৰীৰ ফুটপাথে ফুটপাথে অঘৰী জীৱন যাপন কৰা নিচলা লোকসকলৰ …

অধিক »