শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / শিশুৰ অধিকাৰ সুৰক্ষা আইন আৰু প্ৰাসংগিক চিন্তা

শিশুৰ অধিকাৰ সুৰক্ষা আইন আৰু প্ৰাসংগিক চিন্তা

হিমাংশু ৰণজন ভূঞা 

শিশু হৈছে দেশৰ অমূল্য সম্পদ – ভৱিষ্যত সমাজৰ গুৰি ধৰোতা। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজ্বলি উঠে। এক কথাত জন্ম লাভ কৰা শিশুটোৱে সময়ত বয়সপ্ৰাপ্ত হৈ একো একোজন উপযুক্ত নাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে সমাজৰ নানান সেৱা আগবঢ়াবলৈ, দেশ পৰিচালনাৰ গুৰি ব’ঠা ধৰিবলৈ অথবা আন্তজাৰ্তিক ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সÊক্ষম হৈ উঠে। সেয়ে শিশু সকলক কোৱা হয় মানৱ জাতিৰ অমূল্য সম্পদ। সেই গুণেই দেশ আৰু জাতিয়ে দিব পৰা সকলো ভালখিনি তেওঁলোকৰ প্ৰাপ্য হোৱা উচিত। শিশুৰ হাঁহিতেই ফুলে সৰগৰ পাৰিজাত। পৃথিৱীৰ সকলো দেশৰ সকলো জাতিৰ শিশুসকলৰ আধাফুটা মাত, থুনুক-থানাক খোজ, হাঁহি-ধেমালি, ঠেহ-পেচ এই সকলোবিলাকে উপচাই তোলে সৰগৰ অমৃত ধাৰা। শিশুৱে বুজি নাপাই হিংসা-খেয়াল, ঠগবাজ, চল-চাতুৰী, কপততা, সংকীৰ্ণতা আদি। সিহঁতে ভাল পায় সুন্দৰতাক, শিশুৰ মুখৰ অনাবিল হাঁহিত উপচি থাকে অনাবিল পৱিত্ৰতা। সেয়ে হয়তু শিশুক কোৱা হয় ‘দেৱশিশু’। এই দেৱশিশুয়েই কল-কলকৈ বাঢ়ি গৈ ক্ৰমান্বয়ে শৈশৱ-কৈশোৰ আৰু ডেকাকালত ভৰি দিয়ে আৰু উপযুক্ত মানৱ-সম্পদ হিচাপে জিলিকি উঠি দেশৰ ভোটাতৰাত পৰিণত হয়গৈ।

এনে নিস্কলুষ সাৰল্যৰে পৰিপূৰ্ণ হাঁহি-ধেমালি, মাত-কথাৰে পৃথিৱীখন ধুনীয়া কৰি ৰখা এই শিশুসকলৰ শৈশৱৰ সোণালী দিনবোৰ সকলোৰে ক্ষেত্ৰত জানো সুখময় হৈছে দৰাচলতে বহু শিশু উপযুক্তভাৱে প্ৰতিপালিত হোৱা নাই, যিটো বিষয় সাম্প্ৰতিক সময়ত দুখজনক বিষয়ত পৰিণত হৈছে। বিভিন্ন কাৰণত বহুসংখ্যক শিশু শৈশৱতে নানান সমস্যাৰ মাজত জীয়াই থাকিবলগা হৈছে। যি সময়ত পিতৃ-মাতৃৰ মৰমৰ আৱেষ্টনীৰ মাজত থাকিব লাগে, সমনীয়াৰ লগত খেলা-ধুলা কৰিব লাগে, স্কুললৈ গৈ পাঠ আওঁৰাব লাগে সেই সময়ত এচাম শিশুৱে পেটৰ তাড়নাত কঠোৰ শ্ৰম কৰিব লগা হৈছে। আকোঁৱালি ল’ব লগা হৈছে সীমাহীন দুখ-যন্ত্ৰণাক। আজি এটা সুলভ দৃশ্য সকলোতে দেখা পোৱা যায় যে অনেক শিশুৱে কান্ধত একোটা বস্তা লৈ ৰাস্তাৰ কাষৰ পেলনীয়া বটল, টিং, প্লাষ্টিক, গ্লাছ, টেমা আদি বুটলি ফুৰিছে। হোটেলত বাচন ধুইছে, চকী টেবুল চাফা কৰিছে, সকলো গ্ৰাহককে সুন্দৰ সুন্দৰ মিঠাই দিছে, মাছ-মাংস আদি বিভিন্ন উপকৰণৰে বনোৱা খাদ্য টেবুলত সজাই দিছে অথচ নিজে খোৱাৰ সুযোগ পোৱা নাই, পথৰ কাষত জোতা চাফা-ৰং কৰিছে, কোনোবা ইটাভাটাত ইটা বনোৱা, ইটা কঢ়িওৱাৰ দৰে কঠোৰ শ্ৰম কৰিছে, বাছ-ট্ৰেকাৰ, চিটিবাছ, মেজিক আদিৰ হেণ্ডিমেনৰ কাম কৰিছে অথবা কোনো লোকৰ ঘৰত বনকৰা ল’ৰা-ছোৱালী হিচাপে থাকি ঘৰ-সৰা, মচা, বাচন বৰ্তন, কাপোৰ-কানি ধোৱা, একে বয়সৰে মালিকৰ সন্তানসকলক অন্তৰৰ ভিতৰতে নিজৰ দুৰ্ভাগ্যৰ কথা সুঁৱৰি চকুপানী টুকি-টুকি স্কুললৈ অনা-নিয়া কৰিছে। মজিয়াৰ এচুকত বহি কৰলিয়াকৈ ভাত খাই জীৱন নিৰ্বাহ কৰিছে। বহুক্ষেত্ৰত খাদ্য, মৰম,  স্বাধীনতা, শিক্ষা আদিৰ পৰা বঞ্চিত, অৱহেলিত এনে শিশুসকল এটা সময়ত বিভিন্ন অ-সামাজিক কাৰ্যকলাপত লিপ্ত হৈ পৰাও দেখা পোৱা যায়। সদা-সৰ্বদা দেখি অহা এই দৃশ্যসমূহৰ অৱসান কেতিয়া হ’ব, সকলো শিশুৱে প্ৰাপ্য অধিকাৰ, প্ৰাপ্য সুবিধা কেতিয়া লাভ কৰিব, সকলো শিশুৱেই একে মৰমলগা হাঁহি কেতিয়া মাৰিবলৈ পাব সেয়া এক ডাঙৰ প্ৰশ্ন।

দেখা গৈছে, বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে নিজ-নিজ দেশৰ শিশুসকলৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত সু-ব্যৱস্থা গ্ৰহণৰে বিভিন্নধৰণৰ কল্যাণমূলক কাৰ্যসূচী লৈ শিশু-সকললৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে, উন্নত সা-সুবিধা প্ৰদান কৰিছে। যাৰ বাবে তেনে দেশৰ শিশুৱে আধুনিক জগতৰ শিশুৰ বাবে প্ৰয়োজনীয় সকলো সুযোগ আৰু সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে তৃতীয় বিশ্ব অথবা দুখীয়া দেশসমূহত শিশুসকলে শৈশৱকালৰ ৰং-ধেমালিৰ পৰিৱৰ্তে সংগী কৰি ল’বলগীয়া হৈছে সীমাহীন দুখ-যন্ত্ৰণাক। আমাৰ দেশ ভাৰতবৰ্ষৰ দুখীয়া শ্ৰেণীৰ লোকৰ শিশুসকলৰ কল্যাণ-সাধন কিমানদূৰ সম্ভৱ হৈছে, সেইটোও ভাবিবলগীয়া। দৰাচলতে শিশুৰ কল্যাণৰ অৰ্থে আমাৰ দেশৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেই আঁচনি আৰু পৰিকল্পনা সফলভাৱে ৰূপায়িত হ’বলৈ এতিয়াও বহুখিনি বাকী আছে। সাধাৰণতে আৰ্থিকভাৱে দুৰ্বল শিশুসকলে বিভিন্ন সমস্যা যেনে – অপৰিপুষ্টি, স্বাস্থ্যৰ যতন নোপোৱা, বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হোৱা, শ্ৰমিক হ’বলৈ বাধ্য হোৱা, লিংগ বৈষম্য, বৰ্ণ-বৈষম্য, জাতি-ধৰ্মৰ বৈষম্য আদি দিশৰ বলি হ’ব লগীয়া হয়। তাৰোপৰি বহু শিশু শাৰীৰিক, মানসিক, যৌন শোষণৰ বলি হয়। শিশুৰ ওপৰত চলা এনে দুবৰ্্যৱহাৰ আৰু নিৰ্যাতন জন্মঘৰ, স্কুল, হোষ্টেল, শিশুগৃহ, ৰাজহুৱা স্থান আদি সকলোতে যে চলে সেয়া কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত চলা সমীক্ষাতেই প্ৰকাশ পাইছিল। যিটো দেশৰ ভৱিষ্যত বুলি গণ্য কৰি অহা আমাৰ দেশৰ শিশুৰ দুখজনক প্ৰতিচ্ছবি হিচাপে বিবেচিত হৈছে।

বিশ্বৰ সমগ্ৰ দেশতে কোনো শিশুৱেই যাতে কোনোধৰণৰ নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ সন্মূখীন নহয়, শিশুৰ প্ৰাপ্য সকলো অধিকাৰ যাতে প্ৰতিগৰাকী শিশুৱে বিনা বাধাই লাভ কৰিব পাৰে সেই কাৰণেই বিগত ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই কেৱল শিশুসকলৰ বাবে ‘ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ’ শীৰ্ষক এখনি মানৱ অধিকাৰ সম্পৰ্কীয় চনদ প্ৰস্তুত কৰে। এই চনদত বিশ্বৰ ১৯০ খনতকৈও অধিক দেশে স্বাক্ষৰ কৰে। আমাৰ দেশ ভাৰতবৰ্ষইও ১৯৯২ চনত এই চনদৰ প্ৰতিটো দফা অনুসৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ বাবে আমাৰ দেশৰ প্ৰতিজন শিশুৱেই সুৰক্ষাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, অংশগ্ৰহণৰ অধিকাৰ লাভ কৰাৰ দিশত ভাৰত চৰকাৰ দায়বদ্ধ হৈ পৰে। এই দায়বদ্ধতাই দেশখনত বিভিন্ন বিপদাপন্ন অৱস্থাত থকা শিশুসকলৰ মুখত হাঁহি বিৰিঙাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

প্ৰতিজন শিশুৱেই প্ৰকৃতিগতভাৱে জন্মগ্ৰহণ কৰি পৃথিৱীখনক জানিবলৈ, নিজক বুজিবলৈ, সমগ্ৰ জীৱনটোৰ কৰ্ম-দায়িত্ব সুষ্ঠভাৱে পৰিচালনা কৰিবলৈ সৰ্বাংগীন বিকাশ লাভ কৰিব লাগিব আৰু তাৰ কাৰণেই উল্লিখিত অধিকাৰ সমূহ শিশুৱে লাভ কৰিব লাগিব। এইয়া শিশুৰ জন্মস্বত্ব অধিকাৰ। সেয়ে শিশুসকলৰ প্ৰাপ্য অধিকাৰ লাভ কৰাৰ দিশত চৰকাৰৰ দায়বদ্ধতাই সাধাৰণ অধিকাৰ সমূহৰ উপৰিও শিশুসকলক কিছুমান বিশেষ অধিকাৰ লাভ কৰাৰো সুযোগ প্ৰদান কৰিছে। সেই অধিকাৰ সমূহ হৈছে –

  • সকলো ধৰণৰ হিংসা-শোষণৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ। কোনো ডাঙৰ মানুহে ইচ্ছাকৃতভাৱে  শিশুক আঘাত কৰিব নোৱাৰিব। পিতৃ-মাতৃ বা শিক্ষকে বেছি আৱেগিক হৈ মানসিক বা শাৰিৰীক ভাৱে আঘাত কৰিব নোৱাৰিব। বৰঞ্চ তেওঁলোক সকলোধৰণৰ হিংসা, অৱহেলা, শোষণৰ পৰা ৰক্ষা কৰাৰ বাবেহে দায়বদ্ধ হৈ থাকিব।
  • প্ৰত্যেকজন শিশুৰেই পিতৃ-মাতৃ, ভাইটি-ভন্টি, দাদা-বাইদেউৰ লগত একেলগে থকাৰ অধিকাৰ আছে  আৰু পাৰিবাৰিক জীৱন লাভ কৰাৰ অধিকাৰো আছে।
  • প্ৰত্যেকজন শিশুৱে নিজৰ মত দাঙি ধৰাৰো অধিকাৰ আছে আৰু জ্যেষ্ঠ সকলৰো তেওঁলোকৰ মতক  গুৰুত্ব দিয়াৰ বাবে দায়বদ্ধতা আছে।
  • সকলো শিশুৰে সৰ্বাঙ্গীন বিকাশত অৰিহণা যোগাব পৰা আৰু এজন দায়িত্বশীল নাগৰিক হোৱাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ আছে।

দৰাচলতে প্ৰয়োজনীয়তা শিশুসকলৰ ক্ষেত্ৰত অসীম। এই প্ৰয়োজনীয়তাই শিশুসকলৰ অধিকাৰৰ জন্ম দিছে। যিসমূহ অধিকাৰ প্ৰতিখন সমাজ, প্ৰতিখন চৰকাৰ সকলোৱেই সুৰক্ষিত কৰাৰো প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ দেশ ভাৰতবৰ্ষত শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰিৰখাৰ স্বাৰ্থতেই ‘শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ খন গ্ৰহণ কৰা হৈছে। এই আয়োগে শিশুৰ অধিকাৰৰ লগত জড়িত কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন হৈছেনে নাই তাক চোৱা-চিতা কৰে। শিশু অধিকাৰ খৰ্ব সম্পৰ্কীয় যিকোনো গোচৰ গ্ৰহণ কৰি স্বতন্ত্ৰভাৱে ৰুজু কৰাৰ লগতে তদন্ত কৰি প্ৰয়োজনীয় দিহা পৰামৰ্শ চৰকাৰক দিব পাৰে।

শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ ৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হ’ল –

  • প্ৰচলিত কোনো আইনৰ অধীনত বা আইনৰ দ্বাৰা প্ৰদান কৰা শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাসমূহ  পৰীক্ষা আৰু পুনৰীক্ষণ কৰি এই সমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথাযথ পৰামৰ্শ প্ৰদান কৰা।
  • আয়োগৰ সুবিধা অনুযায়ী শিশুৰ নিৰাপত্তা জনিত ব্যৱস্থাসমূহৰ কাৰ্যকৰণৰ ওপৰত ৰাজ্যচৰকাৰক সময়ে- সময়ে প্ৰতিবেদন দাখিল কৰা।
  • শিশুৰ কোনো অধিকাৰ উলংঘা কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক তদন্ত সম্পাদনা কৰা আৰু এনে ক্ষেত্ৰত ল’ব লগীয়া কাৰ্যব্যৱস্থাৰ বাবে পৰামৰ্শ দিয়া।
  • শিশুৰ অধিকাৰ বাধাগ্ৰস্থ কৰা উপাদানসমূহ, যেনে – সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসা, বিদ্ৰোহ, প্ৰাকৃতিক দুৰ্যোগ, এইচ আই ভি (এইড্ছ)ৰ সংক্ৰমণ, মানৱ সৰবৰাহ, অসৎ আচৰণ, উৎপীড়ন আৰু শোষণ, অশ্লীলতা  আৰু বেশ্যা বৃত্তি আদিৰ দৰে অসামাজিক কাৰ্যবোৰ প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থাৱলীৰ নিৰ্দেশ দিয়া।
  • যন্ত্ৰণাক্লিষ্ট শিশু, পাশ্চাৎ পদতা অনগ্ৰসৰতাত ভোগা শিশু, শিশু বা কৈশোৰ অপৰাধত লিপ্ত হোৱা শিশু, পৰিয়ালবিহীন শিশু, কাৰাবন্দী শিশুসকলক দিবলগীয়া বা পাবলগীয়া যত্ন আৰু নিৰাপত্তা সম্পৰ্কীয় দিশবোৰ  চালি-জাৰি চোৱা আৰু তাৰ বাবে ল’বলগীয়া উপযোগী ব্যৱস্থাৱলী সন্দৰ্ভত নিৰ্দেশ দিয়া।
  • শিশুৰ অধিকাৰ সন্দৰ্ভত সময়ে সময়ে স্বাক্ষৰিত হোৱা বিভিন্ন চুক্তি, আন্তজাৰ্তিক বিধিসমূহ অধ্যয়ণ কৰা, শিশুৰ অধিকাৰ বিষয়ক কাম-কাজ, আঁচনি আৰু অন্যান্য কাৰ্যাৱলীসমূহ সময়ে-সময়ে পুণৰীক্ষণ কৰি চোৱা  আৰু এই কাযাৱলী তথা নীতি-নিয়মসমূহৰ প্ৰতি শিশুৰ আগ্ৰহ তথা মনোযোগ সাপেক্ষে কাৰ্যকৰী কৰাৰ  নিৰ্দেশ জাৰি কৰা৷
  • ‘শিশুৰ অধিকাৰ’ শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণামূলক অধ্যয়ণ চলোৱা আৰু সেইমৰ্মে উচিত পদক্ষেপ  গ্ৰহণ কৰা।
  • শিশুৰ অধিকাৰ কাৰ্যকৰীকৰণ সম্পৰ্কত সংবাদ-মাধ্যম, আলোচনা-চক্ৰ, সজাগতামূলক কাৰ্যসূচী তথা অন্যান্য মাধ্যমৰ যোগেদি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ চলোৱা আৰু অধিকাৰসমূহ সুৰক্ষিত  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।
  • যিকোনো অভিযোগ সন্দৰ্ভত অনুসন্ধান চলোৱা আৰু নিজাববীয়া জাননী জাৰি কৰা।

এই আইনৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে শিশুৰ সুৰক্ষাৰ হেতু গ্ৰহণ কৰা আন এখন আইন হৈছে – ‘যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন ২০১২। এইখন আইনৰ উদ্দেশ্য হ’ল – ওঠৰ বছৰৰ তলৰ সকলো শিশুকে যৌন হাৰাশাস্তি আৰু পৰ্ণগ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। ইয়াৰ দ্বাৰা সকলো ধৰণৰ যৌন অপৰাধৰ পৰা শিশুসকলক সুৰক্ষিত আৰু অপৰাধীক উচিত শাস্তি বিহিব পাৰি। এইক্ষেত্ৰত নিৰ্যাতিত শিশুৱে পৰিয়ালৰ লোকক, বিশ্বাসী বন্ধুক জনাব লাগে বা ১০৯৪ নম্বৰত ফোন কৰি সবিশেষ জনাব পাৰে। স্থানীয় আৰক্ষী চকী বা জিলাত থকা বিশেষ জুভেনাইল পুলিচ ইউনিটক ঘটনাৰ সবিশেষ জনাব পাৰে। আৰক্ষী বিষয়াই ঘটনাৰ সবিশেষ লিপিবদ্ধ কৰাটো বাধ্যতামূলক আৰু চিকিৎসকৰ দ্বাৰা নিৰ্যাতিতাক পৰীক্ষা কৰাই দণ্ডাধীশৰ ওচৰত জমানবন্দী লোৱাৰ ব্যৱস্থা কৰাটোও বাধ্যতামূলক।

দৰাচলতে এটি সুন্দৰ আৰু সুৰক্ষিত শৈশৱ লাভ কৰাতো সকলো শিশুৰে জন্মগত অধিকাৰ। প্ৰতিজন শিশুৱে এটি সুন্দৰ, সুখী আৰু সুৰক্ষিত শৈশৱ পাব লাগে, সন্মান-সহকাৰে কোনোধৰণৰ বৈষম্য নথকাকৈ শিশুসকল ডাঙৰ-দীঘল হোৱাৰ সুযোগ আৰু সুবিধা পাব লাগে। আমাৰ ৰাজ্যত শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ খন ৪ মাৰ্চ তাৰিখত গঠন হোৱাৰ কাৰণে প্ৰতিবছৰৰ ৪ মাৰ্চ তাৰিখটোত ‘শিশু সুৰক্ষা দিৱস’ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০১৩ চনৰ ৩ ডিচেম্বৰ তাৰিখে এখন অধিসূচনা জাৰি কৰে। যিটো দেশৰ ভিতৰতে প্ৰথম আৰু উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য শিশুসকলৰ প্ৰাপ্য অধিকাৰৰ সম্পৰ্কত ১৯৪৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে এখন পত্ৰত উল্লেখ কৰিছিল -“আমাৰ দেশ ভাৰতবৰ্ষ এখন ডাঙৰ দেশ আৰু দেশৰ বাবে আমাৰ প্ৰত্যেক জনৰেই কিছু কৰণীয় আছে। আমি প্ৰত্যেকজনেই যদি নিজৰ ফালৰ পৰা অলপ-অলপ হ’লেও কৰণীয়খিনি কৰো তেনেহ’লে এই সকলোবোৰ একগোট হৈ ডাঙৰ হৈ পৰিব আৰু আমাৰ দেশখন বিকাশৰ দিশত, উন্নতিৰ ক্ষেত্ৰত এখোপ আগবাঢ়ি যাব। ভাৰতবৰ্ষৰ শিশু হিচাপে তোমালোক প্ৰত্যেকৰে এটি সুন্দৰ, আনন্দময় শৈশৱ পোৱাৰ অধিকাৰ আছে লগতে তোমালোকৰ আন যি যি অধিকাৰ আছে এই সকলোবোৰ উপভোগ কৰাৰ অধিকাৰ আছে।’’