শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ছুইছ বেংকত ধন জমাঃ ৭৩ নম্বৰ স্থানত ভাৰত

ছুইছ বেংকত ধন জমাঃ ৭৩ নম্বৰ স্থানত ভাৰত

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ছুইছ বেংকত ধন ৰখা ভাৰতীয়ৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ভাৰতীয় নাগৰিক তথা কোম্পানীসমূহে বিদেশৰ এই বেংকটোত জমা ৰখা ধনৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। কিয়নো, ২০১৭ বৰ্ষত ছুইছ বেংকত জমা কৰা ধনৰ তালিকাত বিশ্বৰ ভিতৰত ভাৰতে লাভ কৰিছে ৭৩ নম্বৰ স্থান। য’ত শীৰ্ষস্থানত আছে ব্ৰিটেইন। আনহাতে ২০১৬ বৰ্ষত ছুইছ বেংকৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৮৮ নম্বৰ। উল্লেখ্য যে শেহতীয়াকৈ ছুইছ নেচনেল বেংকে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ২০১৭ত বেংকটোত জমা কৰা ধন ৫০ শতাংশ বৃদ্ধি পাইছে। অৰ্থাৎ ছুইছ বেংকত ভাৰতীয়ই জমা কৰা ধনৰ পৰিমাণ ৭ হাজাৰ কোটি টকা হৈছেগৈ। কিন্তু ২০১৬ত ছুইছ বেংকত ভাৰতীয় জমা কৰা ধনৰ পৰিমাণ ৪৪ শতাংশলৈ হ্ৰাস পাইছিল। যাৰ বাবে ২০১৬ত ছুইছ বেংকত জমা কৰা ধনৰ তালিকাত ভাৰত ৮৮ নম্বৰ স্থানত আছিল। আনহাতে এই তালিকাত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ভাৰততকৈ এটা স্থান আগবাঢ়ি ৭২ নম্বৰ স্থানত আছে। উল্লেখ্য যে ছুইছ বেংকত জমা কৰা ধনৰ তালিকাত ২০১৫ বৰ্ষত ভাৰতৰ স্থান আছিল ৭৫ নম্বৰ আৰু ২০১৪ত এই তালিকাত ৬১ নম্বৰ স্থানত আছিল। ব্ৰিটেইন প্ৰথম আৰু আমেৰিকা দ্বিতীয় স্থানত ছুইছ বেংকত জমা কৰা ধনৰ তালিকাত। ছুইছ বেংকত জমা কৰা ধনৰ তালিকাত বিশ্বৰ শীৰ্ষৰ দহখন দেশৰ ভিতৰত আছে ৱেষ্ট ইণ্ডিজ, ফ্ৰান্স, হংকং, বাহামাছ, জাৰ্মানীৰ দৰে দেশ।