শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / সন্ধানহীন এএন৩২ এয়াৰক্ৰাফ্‌টৰ অনুসন্ধানৰ বাবে সকলোধৰণৰ সমৰ্থন আগবঢ়োৱাৰ ঘোষণা প্ৰতিৰক্ষামন্ত্ৰীৰ

সন্ধানহীন এএন৩২ এয়াৰক্ৰাফ্‌টৰ অনুসন্ধানৰ বাবে সকলোধৰণৰ সমৰ্থন আগবঢ়োৱাৰ ঘোষণা প্ৰতিৰক্ষামন্ত্ৰীৰ

মহানগৰ প্ৰতিবেদক, ৯ জুন : যোৱা ৪জুনত সন্ধানহীন হোৱা বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ সন্ধান এতিয়ালৈ উলিয়াবলৈ সক্ষম হোৱা নাই। বিমানখনৰ সন্ধানৰ বাবে বায়ুসেনাৰ লগতে স্থলসেনা, নৌসেনাই ব্যাপক অভিযান চলাই আহিছে যদিও বিমানখনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নোহোৱাত বিমোৰত পৰিছে ভাৰতীয় বায়ু সেনা। আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা তথা গৃহমন্ত্ৰী ৰাজনাথ সিঙে নিখুজ হৈ থকা এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ সম্ভেদ উলিয়াবলৈ সকলোধৰণৰ সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে। আনহাতে ভাৰতীয় বায়ু সেনাই স্থানীয় কোনো লোকে উক্ত বিমনখনৰ সম্ভেদ দিওতালৈ পুৰস্কাৰ হিচাপে ৫ লাখ টকা দিয়াৰ ঘোষণা কৰিছে।


সন্ধানহীন বিমান বুজ ল’বলৈ যোৰহাটত উপস্থিত বিএছ ধনুৱা :


মহানগৰ প্ৰতিবেদক, ৮ জুন : বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ সন্ধান এতিয়ালৈ ওলোৱা নাই। সোমবাৰে অন্তৰ্ধান হোৱা বিমানখনৰ সন্ধানৰ বাবে বায়ুসেনাৰ লগতে স্থলসেনা, নৌসেনাই ব্যাপক অভিযান চলাই আহিছে যদিও বিমানখনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইমানেই নহয়, বিমানখনৰ সন্ধানৰ বাবে কৃত্ৰিম উপগ্ৰহৰ সহায় লৈছে যদিও এতিয়ালৈ ভাৰতীয় বায়ুসেনাই তেওঁলোকৰ সন্ধানহীন বিমানখনৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে সোমবাৰে দিনৰ ভাগত যোৰহাট বিমানঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ মেছুকা অভিমুখে যোৱাৰ সময়ছোৱাতেই বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখন সন্ধানহীন হৈ পৰে।

অৰুণাচল প্ৰদেশত সন্ধানহীন হোৱা বিমানখনৰ সন্ধানৰ বাবে বায়ুসেনাই সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও তাৰ কোনো ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে বায়ুসেনাই বিমানখনৰ সন্ধানৰ বাবে অৰুণাচল প্ৰদেশ আৰক্ষীৰ লগতে স্থানীয় লোকৰ সহায় লৈছে যদিও বিমানসহ কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। এনে সময়ছোৱাতে বিমানখনৰ সন্ধানৰ সবিশেষ তথ্যৰ বুজ ল’বলৈ আজি যোৰহাটত উপস্থিত হয় বায়ুসেনাৰ প্ৰমুখ বি এছ ধানোৱা। তেওঁ আজি যোৰহাটৰ বায়ুসেনাৰ বিমানঘাটিত উপস্থিত হয়। বায়ুসেনাৰ প্ৰমুখগৰাকীয়ে যোৰহাটত উপস্থিত হৈ সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে কেনেধৰণৰ ব্যৱস্থা লৈছে তথা গ্ৰহণ কৰিছে তাৰ সবিশেষ বুজ লয়। লগতে বায়ুসেনাৰ প্ৰমুখগৰাকীয়ে সন্ধানহীন বিমানখনৰ বিষয়টোক লৈ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে সন্ধানহীন বিমানখনত ১৩গৰাকী পাইলটসহ যাত্ৰী আছিল।

যাত্ৰীসকলৰো কোনো ধৰণৰ সম্ভেদ এতিয়ালৈ ওলোৱা নাই বুলি জানিব পৰা গৈছে। স্থানীয় লোকে বিমানখন অৰুণাচল প্ৰদেশৰ জংঘলত পৰা বুলি দাবী কৰিছে যদিও তাৰ প্ৰকৃত তথ্য এতিয়ালৈ লাভ কৰা নাই বায়ুসেনাই। আনহাতে বায়ুসেনাই বিমানখনৰ সন্ধান কাৰ্যত পলম হোৱা বুলিও জানিব পৰা গৈছে। কিয়নো অৰুণাচল প্ৰদেশৰ প্ৰতিকূল বতৰৰ বাবেই বিমানখনৰ সন্ধান কাৰ্যত পলম হৈছে। যাৰ বাবে সোমবাৰে সন্ধানহীন হোৱা বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ আজিলৈ কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই বায়ুসেনাই।