শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক নিৰজ চোপ্ৰা

এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক নিৰজ চোপ্ৰা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ কেইটামান দিনৰ পিছতে আৰম্ভ হ’বলগীয়া ১৮ সংখ্যক এছিয়ান গেমছত ভাৰতৰ ধবজা বহন কৰিব জেভলিন থ্ৰো এথলিট নিৰজ চোপ্ৰাই। গ’ল্ডকোষ্ট কমনৱেল্থ ক্ৰীড়াত সোণৰ পদক জয়ী নিৰজ চোপ্ৰাই সমাগত এছিয়ান গেমছত ভাৰতীয় দলৰ নেতৃত্বলৈ পতাকা বহন কৰিব বুলি প্ৰকাশ কৰিছে ভাৰতীয় অলিম্পিক সংঘৰ অধ্যক্ষ নৰেন্দ্ৰ ধ্ৰুৱ বাৰ্তাই। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা আৰু পেলিমবাং চহৰত অনুষ্ঠিত হ’ব ১৮ সংখ্যক এছিয়ান গেমছ। ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছক লৈ ইণ্ডোনেছিয়াই ব্যাপক আয়োজন কৰিছে। মন কৰিবলগীয়া যে ২০১৪ বৰ্ষৰ এছিয়ান গেমছত পদক তালিকাৰ  অষ্টম স্থানত আছিল ভাৰত। কিন্তু এইবাৰৰ এছিয়ান গেমছত এই স্থানতকৈ ঊধৰ্বগামী হ’ব বুলি আশা কৰিছে দেশবাসীয়ে।সেইদৰে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে ২০১৪ বৰ্ষৰ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল দক্ষিণ কোৰিয়াত। য’ত ভাৰতৰ ৫৪১জন এথলীটে ২৮টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিছিল। য’ত ২০১৪ এছিয়ান গেমছত সৰ্বমুঠ ৫৭টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছিল। ভাৰতে ১১টা স্বৰ্ণ, ৯টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জসহ ৫৭টা পদক হস্তগত কৰিছিল। ২০১৪ৰ তালিকাত প্ৰথম স্থানত আছিল চীনদেশ আৰু কোৰিয়া দেশ তালিকাৰ দ্বিতীয় স্থানত আছিল। য’ত দেশখনে ৭৫টা স্বৰ্ণ, ৭১টা ৰূপ আৰু ৭৮টা ব্ৰঞ্জসহ মুঠ ২২৪টা পদকেৰে দ্বিতীয় স্থানত আছিল। একেদৰে জাপানে ৪৬টা স্বৰ্ণ, ৭২ টা ৰূপ আৰু ৭৪ টা ব্ৰঞ্জসহ ১৯২ টা পদকেৰে তালিকাৰ তৃতীয় স্থানত আছিল। জাকাৰ্টা এছিয়ান গেমছত ভাৰতৰ মুঠ ৫৪১জন এথলীটে অংশগ্ৰহণ কৰিব। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনে ঘোষণা কৰা অনুসৰি এছিয়ান গেমছৰ ৩৭টা ক্ৰীড়া শাখাত মুঠ ৫৪১জন এথলীটে অংশগ্ৰহণ কৰিব। ইয়াৰে ৩৬জন খেলুৱৈয়ে হকী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ২০জন এথলীটে বেডমিণ্টন আৰু ১০জনে টেবুল টেনিছত অংশগ্ৰহণ কৰিব। আনসকল এথলীটে এছিয়ান গেমছৰ আন ক্ৰীড়া শাখাসমূহত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনে। উল্লেখ্য যে চোপ্ৰাই অলপতে ফ্ৰান্সৰ শ্বুটবেলত আয়োজিত এথলেটিক মীট্ছত সোণৰ পদক জয় কৰিছে। খেলুৱৈগৰাকীয়ে ৮৫.১৭ মিটাৰ দূৰত্বৰ সৈতে জেভলিন থ্ৰ’ শাখাত ভাৰতৰ হৈ সোণৰ পদক জয় কৰে। উক্ত শাখাত চোপ্ৰাৰ প্ৰতিদ্বন্দ্বী আছিল ২০১২ৰ লণ্ডন অলিম্পিকৰ সোণৰ পদক জয়ী কেশান ৱালক’ট। কমনৱেল্থ ক্ৰীড়াত চোপ্ৰাই ৮৬.৪৭ মিটাৰ দূৰত্বৰ সৈতে সোণৰ পদক জয় কৰিছিল। ইয়াৰ পিছত দোহাত আয়োজিত ডাইমণ্ড লীগত ৮৭.৪৩ মিটাৰৰ সৈতে চতুৰ্থ স্থান লাভ কৰে যদিও ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়। পাটিয়ালাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ সংঘই আয়োজন কৰা টুৰ্নামেণ্টত ৮৫.৯৪ মিটাৰৰ সৈতে সোণৰ পদক জয় কৰিছিল নীৰজে। ইয়াৰ বাহিৰেও জুনিয়ৰ শাখাত ২০১৬ত ২০ অনূধৰ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৮৬.৪৮ মিটাৰৰ সৈতে সোণৰ পদক জয়ৰ লগতে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল খেলুৱৈগৰাকীয়ে।