শেহতীয়া খবৰ
Home / ৰাজনীতি / সৰ্বভাৰতীয় ৰাজনৈতিক দলক প্ৰতিহত কৰিবলৈ তৎপৰ আঞ্চলিকতাবাদী

সৰ্বভাৰতীয় ৰাজনৈতিক দলক প্ৰতিহত কৰিবলৈ তৎপৰ আঞ্চলিকতাবাদী

মহানগৰ প্ৰতিবেদক, ৯ জুন : আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই অসমত এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠন কৰিবলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। অসমত এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠন কৰিবলৈ ইখনৰ পিছত আন এখনকৈ সভাৰ লগতে বৈঠকত মিলিত হৈছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ। জাতি-জনগোষ্ঠীকে আদি কৰি সকলো শ্ৰেণীৰ লোকক লগত লৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠন কৰিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই। আজি গুৱাহাটীত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই তেওঁলোকে গঠন কৰিবলৈ উলিওৱা নতুন ৰাজনৈতিক দলটোক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোক লৈ বৈঠকত মিলিত হয় আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ। সেই বৈঠকত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহবায়ক অৰূপ বৰবৰা, সদস্য সচিব লাচিত বৰদলৈ আদিকে ধৰি বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থাকে। বৈঠকৰ সমাপ্তিৰ পিছতেই আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই এখন সংবাদমেল সম্বোধন কৰি তেওঁলোকে কি ধৰণে নতুন ৰাজনৈতিক দলটো গঠন কৰিবলৈ আগবাঢ়ি আছে সেই বিষয়ে অৱগত কৰে।

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই প্ৰকাশ কৰা অনুসৰি অহা অক্টোবৰ মাহত তেওঁলোকে গঠন কৰিবলৈ উলিওৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ নামকৰণ কৰিবলৈ আগবাঢ়ি আছে। লগতে অক্টোবৰ মাহতেই আঞ্চলিকতাবাদী দলটোৰ পতাকা আৰু সংবিধান উন্মোচন কৰাৰ সেউজ সংকেত দিছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই। সংবাদমেলত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহবায়ক অৰূপ বৰবৰাই প্ৰকাশ কৰা অনুসৰি অহা অক্টোবৰ মাহত শিৱসাগৰত এখন পূৰ্ণাংগ ৰূপত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ অধিৱেশন অনুষ্ঠিত হ’ব। সেই অধিৱেশনতে আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ পতাকা আৰু সংবিধান উন্মোচন কৰা হ’ব বুলি আজি জানিবলৈ দিয়ে।

লগতে এই কথাও প্ৰকাশ কৰিছে যে পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বেই গঠন কৰিবলৈ ওলোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ সকলো কাম-কাজ সম্পূৰ্ণ কৰি তোলা হ’ব। মন কৰিবলগীয়া যে যোৱা ১৯ তাৰিখে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই এখন প্ৰাক্‌-অধিৱেশন অনুষ্ঠিত কৰিছিল। সেই অধিৱেশনতেই ২১জনীয়া আহবায়ক মণ্ডলী গঠন কৰাৰ লগতে জৰুৰীকালীন গোট গঠন কৰিছিল। আজি আহবায়ক মণ্ডলীৰ মাজত অনুষ্ঠিত বৈঠকখনত দলটো গঠন কৰিবলৈ কিধৰণে আগুৱাই যাব তাক লৈ আলোচনা কৰে বুলি জানিবলৈ দিয়ে অৰূপ বৰবৰাই।

আনহাতে আজি তেওঁলোকে বৈঠকত পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰে। সেই পাঁচটা প্ৰস্তাৱৰ ভিতৰত আছে অহা তিনি মাহৰ ভিতৰত ৰাজ্যখনৰ প্ৰশাসনীয় জিলা সমিতি ভিত্তিক মঞ্চৰ জিলা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু আঞ্চলিকতাবাদী ধাৰাৰ অন্যতম প্ৰবক্তা প্ৰাক্তন সাংসদ ড০ নগেন শইকীয়াক মঞ্চৰ পৰামৰ্শদাতা ৰূপে নিৰ্বাচন কৰি তেওঁলোকক মঞ্চৰ কাম-কাজত সহযোগ কৰাৰ বাবে আহবান জনাব। ইয়াৰ উপৰি আজি লোৱা প্ৰস্তাৱৰ ভিতৰত আছে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক শাসন ব্যৱস্থাটোত প্ৰত্যেকটো সৰু-বৰ জনগোষ্ঠীৰ প্ৰত্যক্ষ অংশগ্ৰহণ নিশ্চিত কৰা।

লগতে আছে অসমত বসবাস কৰা বঙালী আৰু বংগমূলীয় ইছলামধৰ্মী লোকৰ নিজ মাতৃভাষা অসমীয়া ৰূপে কৰা কাৰ্যৰ পৰিৱৰ্তনৰ বাবে চলো পাল্টাই নামেৰে এটা দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াত আৰম্ভ কৰা অভিযানৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়। এই প্ৰস্তাৱৰ লগতে অন্তিমটো প্ৰস্তাৱ গ্ৰহণ কৰে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই গ্ৰহণ কৰা অন্তিমটো প্ৰস্তাৱ হ’ল অসমত থকা সকলো সৰু-বৰ আঞ্চলিক দল-শক্তিৰ লগত আলোচনা কৰে আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰাটো ঐক্যবদ্ধ আৰু শক্তিশালী কৰি অসমৰ সামগ্ৰিক সুৰক্ষাৰ হকে দলসমূহৰ লগতে আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ সংবাদমেলতেই আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই প্ৰকাশ কৰিছে যে সৰু-বৰ আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত কৰি গঠন কৰা হ’ব নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দলটো। এই দলটোৰ একমাত্ৰ উদ্দেশ্য তথা লক্ষ্য হ’ব সৰ্বভাৰতীয় ৰাজনৈতিক দলক প্ৰতিহত কৰা।