শেহতীয়া খবৰ
Home / আঞ্চলিক / অৱসৰপ্রাপ্ত কর্মচাৰীক পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থা

অৱসৰপ্রাপ্ত কর্মচাৰীক পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাত খালী হৈ থকা পদ পূৰণ কৰি শিক্ষিত নিবনুৱাক সংস্থাপন দিয়াৰ পৰিৱর্তে অৱসৰপ্রাপ্ত বিষয়াকে পুনৰ নিযুক্তিৰ ব্যৱস্থাৰে নিবনুৱাক ভাতে মাৰিব বিচাৰিছে বিজেপি চৰকাৰে৷ ৰাজ্যৰ এশ এবুৰি সমস্যা সমাধানৰ লগতে ২০ লাখ শিক্ষিত নিবনুৱাক সংস্থাপনৰ প্রতিশ্রুতি দিয়া সর্বানন্দ সোণোৱাল নেতৃত্বাধীন পৰিৱর্তনকামী চৰকাৰে নিবনুৱাক নিযুক্তিৰ লগতে চৰকাৰী চাকৰিয়ালৰ পদোন্নতি বন্ধ কৰিবলৈ সাজু হৈছে৷ বিষয়া- কর্মচাৰীৰ অভাৱত ৰাজ্যৰ প্রশাসনিক ব্যৱস্থা সুষম গতিত নচলাত নতুন নিযুক্তিৰ পৰিৱর্তে অৱসৰ গ্রহণ কৰা বিষয়া- কর্মচাৰীক ৫ বছৰ পর্যন্ত ঠিকাভিত্তিত পুনৰ নিযুক্তি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷

নিবনুৱা বিৰোধী ষড়যন্ত্রৰ লগতে তৈলমর্দন কৰা একাংশ বিষয়া- কর্মচাৰীক পুনৰ মকৰল কৰি ৰাজ্য চৰকাৰে ন্যস্ত স্বার্থ পূৰণ কৰাৰ ষড়যন্ত্র ফাদিল হৈছে মুখ্য সচিব টি ৱাই দাস স্বাক্ষৰিত এখন অফিচ মেম’ৰেণ্ডামত৷ ৰাজ্য চৰকাৰৰ প্রশাসনিক কাম-কাজ বৃদ্ধি পাইছে যদিও সেই অনুপাতে যোৱা তিনিটা বছৰত নতুন নিযুক্তি হোৱা নাই৷

পূর্বৰ কংগ্রেছ চৰকাৰৰ শেষৰ বর্ষটোত নির্বাচনী অধিসূচনাকে ধৰি বিভিন্ন কাৰণত নিযুক্তি দিব নোৱাৰিলে৷ কিন্তু পৰিৱর্তনকামী চৰকাৰে দিছপুৰৰ মছনদ দখল কৰাৰ পাছতো নিবনুৱাৰ সংস্থাপনৰ বাবে দুটা বছৰে নিযুক্তিৰ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে৷ এফালে বিষয়া-কর্মচাৰীৰ অভাৱত প্রশাসন অচল হৈ পৰাত ৰাজ্য চৰকাৰৰ অসহায় অৱস্থা, আনফালে ৬০ বছৰ চৰকাৰক সেৱা আগবঢ়োৱা বিষয়া-কর্মচাৰীক অৱসৰৰ পাছত পুনৰ মকৰলেৰে নিবনুৱাক ভাতে মাৰিবলৈ সাজু হৈছে পৰিৱর্তনকামী চৰকাৰে৷

উল্লেখযোগ্য যে প্রথম আৰু দ্বিতীয় বর্গৰ দক্ষ বিষয়াৰ অভাৱত বিভাগসমূহৰ উন্নয়নমূলক কাম- কাজ সঠিকভাৱে চলা নাই বুলি মুখ্য সচিবৰ স্বাক্ষৰিত অফিচ মেম’ৰেণ্ডামত উল্লেখ কৰা হৈছে৷ নতুন নিযুক্তিৰ বাবে যথেষ্ট সময়ৰ আৱশ্যক হোৱাৰ অজুহাতত অৱসৰ গ্রহণ কৰা দক্ষ বিষয়া, কর্মচাৰীক ঠিকাভিত্তিত পুনৰ মকৰল কৰিব সোণোৱাল চৰকাৰে৷ পৰিৱর্তনকামী চৰকাৰৰ এই ব্যৱস্থাৰ ফলত অৱসৰ গ্রহণ কৰা বিষয়াই ৫ বছৰ পর্যন্ত পুনৰ নিযুক্তি পাব আৰু খালী পদৰ বিপৰীতে নিযুক্তি বন্ধ হ’ব৷

পুনৰ মকৰলৰ বাবে বিভাগীয় বিভাগসমূহৰ পৰা কর্মচাৰী (ক) বিভাগলৈ অহা প্রস্তাৱ অনুমোদনৰ বাবে মুখ্য সচিবক অধ্যক্ষ হিচাপে লৈ এখন বিশেষ ক্ষমতাসম্পন্ন কমিটী গঠন কৰা হৈছে৷ এই কমিটীৰ সদস্য সচিব হ’ব পার্ছনেল বিভাগৰ জ্যেষ্ঠ সচিবগৰাকী৷ সদস্য হিচাপে থাকিব পুনৰ মকৰলৰ বাবে প্রস্তাৱ পঠোৱা বিভাগটোৰ লগতে বিত্ত বিভাগৰ এজনকৈ জ্যেষ্ঠ সচিব৷

নতুন নিযুক্তি নিদি নিবনুৱাক পেটত গামোচা বান্ধি জীয়াই থাকিবলৈ বাধ্য কৰা পৰিৱর্তনকামী সোণোৱাল চৰকাৰে অৱসৰগ্রহণ কৰা যিসকল বিষয়া-কর্মচাৰীক পুনৰ মকৰল কৰিব তেওঁলোকৰ পদসমূহ হ’ব পৰামর্শদাতা, বিশেষ কর্তব্যৰত বিষয়া, বিশেষ কার্যবাহী বিষয়া আদি৷ ৰাজ্যৰ এজন বিষয়াই ৬০ বছৰ বয়সত অৱসৰ গ্রহণ কৰে৷ পুনৰ মকৰল ব্যৱস্থাত ৫ বছৰ পর্যন্ত অর্থাৎ ৬৫ বছৰলৈ নিযুক্তি এবাৰতে দিব নোৱাৰিব৷

কিন্তু এবছৰ এবছৰকৈ ৫ বছৰ পর্যন্ত পুনৰ মকৰলৰ ম্যাদ বৃদ্ধি কৰিব পাৰিব৷ নিবনুৱাক সংস্থাপনৰ প্রতিশ্রুতিৰে ক্ষমতাত বহা পৰিৱর্তনকামী চৰকাৰে অৱসৰ গ্রহণ কৰা বিষয়া-কর্মচাৰীৰ প্রতি পুতৌ প্রদর্শন কৰিছে ঠিকেই কিন্তু একে সময়তে লাখ লাখ নিবনুৱাৰ মাজৰ পৰা নিযুক্তিৰ বাট বন্ধ কৰিছে৷ অৱসৰ গ্রহণ কৰা বিষয়া-কর্মচাৰী ৫ বছৰ পর্যন্ত পুনৰ মকৰল হ’লে খালী হোৱা পদৰ বিপৰীতে ৫ বছৰ পর্যন্ত শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পথো ৰুদ্ধ হ’ব৷