শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / জ্ঞানপীঠ বঁটা বিজয়ী লেখক, শিল্পী গিৰীশ কাৰ্নাডৰ দেহাৱসান

জ্ঞানপীঠ বঁটা বিজয়ী লেখক, শিল্পী গিৰীশ কাৰ্নাডৰ দেহাৱসান

ডিজিটেল সংবাদ, বাংগালুৰুঃ জ্ঞানপীঠ বঁটা বিজয়ী লেখক গিৰীশ কাৰ্নাডৰ ৮১ বছৰ বয়সত বাংগালুৰুত মৃত্যু হয়৷ ভাৰতীয় নাট্যজগতৰ বৰ্ণাঢ্য চৰিত্ৰ আছিল গিৰীশ কাৰ্নাড যশস্বী নাট্যকাৰ, অভিনেতা গিৰীশ কাৰ্নাড বহ দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ ১৯৩৮ চনৰ ১৯ মে’ত ৰাজস্থানত জন্ম হৈছিল গিৰীশ কাৰ্নাডৰ৷ পদ্মশ্ৰী, পদ্মভূষণকে ধৰি বহু সন্মানেৰে বিভূষিত হৈছিল কাৰ্নাড৷ ১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছিল গিৰিশ কাৰ্নাড৷ কাৰ্নাডে বহু কেইখন বিখ্যাত নাটক ‘যযাতি’, ‘টোগলক’, ‘নাগমণ্ডল’ ৰচনা কৰিছিল৷ ইয়াৰ উপৰিও অনান্য ভাষাতো দক্ষতা থকা কাৰ্নাডে কানাড়া ভাষাতো লিখি থৈ গৈছে অলেখ নাটক৷ কাৰ্নাডৰ নাটক বিভিন্ন ভাষালৈ অনুদিতও হৈছে৷ তেখেতে বহু কানাড়া, হিন্দী ছবিত অভিনয় কৰিছিল৷ ছালমান খান অভিনীত ‘টাইগাৰ জিন্দা হে’ অন্তিমখন হিন্দী চিনেমা আছিল কাৰ্নাডৰ৷ কাৰ্নাড অভিনীত আনকেইখনমান হিন্দী ছবিৰ ভিতৰত ‘স্বামী’, ‘মন্থন’, ‘নিশান্ত’ই প্ৰধান৷ গিৰিশ কাৰ্নাডে লিখা  হয়াবদনা, যযাতি, তুগলকৰ দৰে নাটক কৰ্ণাটক আৰু অন্য ৰাজ্যসমূহত বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছিল। বিশিষ্ট নাট্যকাৰ, অভিনেতা গৰাকীৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিছে৷