ডিজিটেল সংবাদ, মুম্বাইঃ ভাৰতৰ বিস্ফোৰক অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ১০ জুনত অৱসৰ গ্ৰহণ কৰে৷ ক্ৰিকেটাৰ গৰাকীয়ে এই কথা ঘোষণা কৰে ছাউথ মুম্বাই হোটেলত অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে৷ যুৱৰাজ সিঙে ক্ৰিকেটৰ কেৰিয়াৰত ভৰি দিছিল ২০০০ চনত৷ যি সময়ত ভাৰতীয় দলৰ অধিনায়ক হিচাপে আছিল সৌৰভ গাংগুলী৷ যুৱৰাজে  প্ৰথমখন  খেল খেলিছিল কেনিয়াৰ বিৰুদ্ধে, য’ত বেটিং কৰিবলৈ পোৱা নাছিল যুৱৰাজে। যুৱৰাজে ২০১৭ চনৰ ৩০ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া খেলিছিল।