শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপি-তৃণমূলৰ সংঘাতত উফৰিব নেকি মমতাৰাজ

বিজেপি-তৃণমূলৰ সংঘাতত উফৰিব নেকি মমতাৰাজ

ৰাষ্ট্ৰপতি শাসনৰ দিশে গতি কৰিছে পশ্চিমবংগ
প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল কেশৰীনাথ ত্ৰিপাঠীৰ

নতুন দিল্লী : সদ্য সমাপ্ত সাধাৰণ নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে প্ৰথমবাৰলৈ অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছতেই ৰাজ্যখনত বিজেপি আৰু শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে প্ৰচণ্ড সংঘাত। বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত এনে এটা পৰ্যায় পাইছে যে দুয়োটা দলৰ কেইবাজনো কৰ্মীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে পশ্চিমবংগত। ৰাজ্যখনত চলা এনে সংঘাতৰ বাবেই আইন-শৃংখলা পৰিস্থিতিৰ বিষয়টোক লৈ আজি গৃহমন্ত্ৰী অমিত শ্বাহ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হোৱাৰ পিছতেই তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল কেশৰীনাথ ত্ৰিপাঠীকো সাক্ষাৎ কৰে। কিয়নো আজি পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বিষয়টো অৱগত কৰিবলৈ ৰাজ্যখনৰ ৰাজ্যপাল কেশৰীনাথ ত্ৰিপাঠী দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতেই পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন হোৱাৰ দিশে একপ্ৰকাৰ আগবাঢ়িছে। কিয়নো ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি অৱনতিৰ দিশে গতি কৰিছে। যিকোনো মুহূৰ্ততে পশ্চিমবংগত বলৱৎ হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন। ৰাজ্যপালগৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কমেও ২০ মিনিট সময় ধৰি পশ্চিমবংগৰ ঘটনাৰ বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ৰাজ্যপাল ত্ৰিপাঠীয়ে এই বৈঠকতে গৃহমন্ত্ৰীক পশ্চিমবংগৰ ঘটনাৰ সম্বন্ধে ৪৮ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰে। পশ্চিমবংগৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়টোক লৈ ৰাজ্যপালগৰাকীয়ে গৃহমন্ত্ৰীক ৪৮ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰি ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব বুলি উল্লেখ কৰিছে। আনহাতে পশ্চিমবংগত চলা তৃণমূল কংগ্ৰেছৰ হিংসাত্মক কাৰ্যকলাপক লৈ ৰাজ্যখনৰ বিজেপি কৰ্মীয়ে ক’লা দিৱস পালন কৰে। বিজেপি কৰ্মীসকলে মূৰত ক’লা কাপোৰ বান্ধি তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰমুখ তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপক লৈ জগৰীয়া কৰিছে কেন্দ্ৰ আৰু পশ্চিমবংগৰ বিজেপিক। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে যে কেন্দ্ৰ আৰু পশ্চিমবংগৰ বিজেপিয়ে ৰাজ্যখনত হিংসাত্মক ঘটনাক উচটনি দিছে।

কিয়নো সমগ্ৰ দেশত বিজেপিৰ বিৰুদ্ধে কেৱল তৃণমূল কংগ্ৰেছে বিৰোধিতা কৰি আহিছে তথা মাত মাতি আহিছে। মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ সচিবালয়ত এখন সংবাদ মেল সম্বোধন কৰি কয় যে বিজেপিয়ে বিভিন্ন ছ’চিয়েল নেটৱৰ্কৰ জৰিয়তে ভুৱা খবৰ প্ৰচাৰ কৰি ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইমানেই নহয়, ভুৱা খবৰ প্ৰচাৰৰ নামত কোটি কোটি টকা ব্যয় কৰিছে বুলিও উল্লেখ কৰিছে মমতা বেনাৰ্জীয়ে। লগতে কয়- কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি কৰ্মীয়ে পশ্চিমবংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। তেওঁ কয়- কোনো এখন ৰাজ্যত হিংসা তথা সংঘৰ্ষ হোৱাৰ যদি পৰিস্থিতিৰ উদ্ভৱ হয় তাৰ বাবে সমানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া। তেওঁ কয়- এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বৰ পৰা আঁতৰি আহিব নোৱাৰে।

উল্লেখ্য যে সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ১৮খন আসন লাভ কৰাৰ পিছতেই ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰাই সংঘাত চলিবলৈ ধৰিছে। সেই সংঘাত বৰ্তমানো অব্যাহত ৰাজ্যখনত। কিয়নো দেওবাৰে পশ্চিমবংগত দুয়োপক্ষৰ তিনিজন কৰ্মীৰ মৃতদেহ উদ্ধাৰ হয়। আনহাতে দুয়োপক্ষৰ আন কেইবাজনো কৰ্মী সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। বিজেপিয়ে দাবী কৰা অনুসৰি তৃণমূল কংগ্ৰেছে তেওঁলোকৰ পাঁচজন কৰ্মীক হত্যা কৰিছে। আনহাতে তৃণমূল কংগ্ৰেছে তেওঁলোকৰ এজন কৰ্মীক বিজেপিয়ে হত্যা কৰা বুলি দাবী কৰিছে। এনেদৰে এতিয়া পশ্চিমবংগত আৰোপ-প্ৰত্যাৰোপৰ যঁুজখন আৰম্ভ হৈছে।