শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / এসপ্তাহে সন্ধান নাই বায়ু সেনাৰ এ এন-৩২ এয়াৰ ক্ৰাফ্‌ট 

এসপ্তাহে সন্ধান নাই বায়ু সেনাৰ এ এন-৩২ এয়াৰ ক্ৰাফ্‌ট 


মহানগৰ প্ৰতিবেদক, ১০ জুন ঃ বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ সন্ধানহীন হোৱা এপষেক উকলি যোৱাৰ পিছতো ওলোৱা নাই কোনো ধৰণৰ শুংসূত্ৰ। অৰুণাচল প্ৰদেশত সন্ধানহীন হোৱা বিমানখনৰ সন্ধানৰ বাবে বায়ুসেনাই সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। যাৰ বাবে সন্ধানহীন বিমানখনৰ সন্ধানত এইবাৰ নামিল সাতগৰাকী পৰ্বতাৰোহী। সাতগৰাকী পৰ্বতাৰোহীয়ে সন্ধানহীন বিমানখনৰ সন্ধান উলিয়াবৰ বাবে অৰুণাচল প্ৰদেশত যৌথ অভিযান চলোৱাৰ কাম আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে সাতগৰাকী পৰ্বতাৰোহীৰ ভিতৰত আছে দুগৰাকী মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা। বায়ুসেনাই সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই বিফল হোৱাৰ পিছত সন্ধান কাৰ্যত পৰ্বতাৰোহীক জড়িত কৰাইছে। উল্লেখ্য যে ৩ জুনত যোৰহাট বিমানঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ মেছুকা অভিমুখে গৈ থকা অৱস্থাতে দিনৰ ভাগতে এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখন সন্ধানহীন হৈ পৰে। সন্ধানহীন হৈ পৰা বিমানখনত আছিল পাইলটসহ ১৩জন লোক।

যিসকল লোকৰ এতিয়ালৈ কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই। বিমানখনৰ সন্ধান কাৰ্যত বায়ুসেনাৰ লগতে স্থলসেনা, নৌসেনা, স্থানীয় আৰক্ষী জড়িত হৈ পৰাৰ পিছতো কোনো সন্ধান নোলোৱা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বায়ুসেনাই কৃত্ৰিম উপগ্ৰহৰ সহায় লৈছে যদিও আজিকোপতি বিমানখনৰ সন্ধান উলিয়াবলৈ সফল হোৱা নাই। যাৰ বাবে উপায়বিহীন হৈ বায়ুসেনাই বিমানখনৰ সন্ধান উলিয়াওঁতাক পুৰস্কাৰ হিচাপে ৫ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।