শেহতীয়া খবৰ
Home / আঞ্চলিক / দক্ষ যুৱক-যুৱতীক আলফাত নিয়োজিত কৰিছিল ৰাজকোঁৱৰে

দক্ষ যুৱক-যুৱতীক আলফাত নিয়োজিত কৰিছিল ৰাজকোঁৱৰে

আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : মহানগৰীৰ জু-ৰোডত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত প্ৰতিমুহূৰ্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। ডিব্ৰুগড়ৰ মিলন নগৰৰ পৰা জু-ৰোডৰ বিস্ফোৰণত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজখোৱা ওৰফে নামতি লাওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই আলফা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। লতাশিল আৰক্ষীৰ মাৰাথন জেৰাত মুখ খুলিবলৈ বাধ্য হৈছে অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজকোঁৱৰে। গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ অভিযোগত শেহতীয়াকৈ ৰঙাঘৰৰ আলহী হৈ থকা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াৰ সৈতে যোগসূত্ৰ স্থাপন কৰি গৈছিল ৰাজকোঁৱৰে।

আৰক্ষীৰ জেৰাত ৰাজকোঁৱৰে এনেবোৰ স্বীকাৰোক্তি প্ৰদান কৰাৰ লগতে আলফা স্বাধীনৰ নতুন সদস্য ভৰ্তি সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰি কয় যে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে আলফাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ আছিল। ৰাজ্যখনত যুৱ প্ৰজন্মক আলফাৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে কাম কৰি গৈছিল। দক্ষ যুৱক-যুৱতীক আলফাত যোগদানৰ বাবে প্ৰস্তুত কৰিছিল। আনকি নতুন সদস্যভৰ্তি অভিযানৰ কাম-কাজ সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰিছিল ৰাজকোঁৱৰে। আৰক্ষী আয়ুক্ত দীপক কুমাৰে এই সন্দৰ্ভত কয় যে ২০১৭ চনৰ পৰাই অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজকোঁৱৰ আলফাৰ সৈতে জড়িত হৈ আছিল।

আনহাতে ৰাজকোঁৱৰ বহু ৰাষ্ট্ৰবিৰোধী কাম-কাজৰ লগত জড়িত হৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে জু-ৰোডৰ বিস্ফোৰণত জড়িত থকাৰ অভিযোগত প্ৰাক্তন আলফা নেতাকে আদি কৰি ছাত্ৰনেতা আৰক্ষীৰ জালত পৰিছে। বিস্ফোৰণৰ ঘটনাত অসমৰ কে’বাজনো বুদ্ধিজীৱী জড়িত বুলি ইতিমধ্যে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে। অভিযানকাৰী দলটোৱে এজনৰ পিছত এজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।