শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ খহনীয়াত জাহ গ’ল চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়

কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ খহনীয়াত জাহ গ’ল চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়

ডিজিটেল সংবাদ, কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজা গাওঁ পঞ্চায়তৰ চৰ গুইলেজা গাঁৱত আৰম্ভ হৈছে বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া। যোৱা এক সপ্তাহ ধৰি বেঁকী নৈৰ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনকলৈ অন্ধকাৰ নামি অহাৰ লগতে বন্ধ হৈ পৰিছে পাঠদান কাৰ্যসূচী । তদুপৰি আন আন বছৰৰ দৰে এইবেলিও বাৰিষাৰ প্ৰাগ মূহুৰ্তত বিধ্বংসী গৰাখহনীয়াই চপৰা চপৰে খহাই নিছে নৈ পৰীয়া ৰাইজৰ ভেটি মাটি । যোৱা এক সপ্তাহত চৰ গুইলেজা গাঁৱৰ নবাব আলী, মগবুল হুছাইন, জয়নাল আব্দিন, জহুৰ উদ্দিন, শাহাবুল ইছলাম, তবিবৰ ৰহমান আৰু ইয়াৰ উদ্দিন ভুঞা নামৰ দৰিদ্ৰ নৈ পৰীয়া ৰাইজৰ ঘৰ দুৱাৰ আৰু খেতি মাটি, পুখুৰী আদি বেকী নদীয়ে উছন কৰি নিছে । ফলত মাটি ভেটি হেৰুৱাই ভূক্তভোগী সকলে পথৰ ভিক্ষাৰীত পৰিণত হৈ পৰিছে ।
সেইদৰে সুতিৰপাথাৰ গাঁৱত কিছুদিন ধৰি ব্যাপক গৰাখহনীয়া আৰম্ভ হৈ কেইবাগৰাকী ৰাইজৰ ঘৰ ভেঁটি, মাটি, খেতি পথাৰ আদি নদীৰ বুকুত জাহ গৈছে । উল্লেখযোগ্য যে, বিগত তিনি-চাৰি বছৰ ধৰি একেৰাহে চলি থকা এই গৰাখহনীয়াৰ ফলত নৈ পৰীয়া ৰাইজে মাটি ভেটি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে । একাংশ ভূক্তভোগী খহনীয়াগ্ৰস্থ ৰাইজে চাৰি-পাঁচ বাৰতকৈ অধিক নিজৰ ঘৰ ভেটি স্থানান্তৰ কৰিব লগা হৈছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত শীঘ্ৰে গুইলেজা, সুতিৰপাথাৰ, শওঁপুৰ, কাউৰজাহী , বৰডাংগা, চৰচৰীয়া আদি অঞ্চলত বিজ্ঞান সন্মত ভাবে গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু নৈৰ বুকুত জাহ যোৱা শিক্ষানুষ্ঠান সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰ আৰু নব নির্বাচিত বৰপেটাৰ সাংসদ আব্দুল খালেকক অনুৰোধ জনাইছে ।