শেহতীয়া খবৰ
Home / আঞ্চলিক / ক্ষুদ্ৰবামুণবড়ীত জৰাজীৰ্ণ পথত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকোঁ

ক্ষুদ্ৰবামুণবড়ীত জৰাজীৰ্ণ পথত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকোঁ

বছৰ বছৰ ধৰি বিধ্বস্ত গ্ৰাম্যপথঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ


তফিকুৰ ৰহমান, চেঙাঃ সৰুক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত এতিয়াও বিধ্বস্ত হৈ আছে একাংশ গ্ৰাম্য পথ। সমষ্টিটোৰ ক্ষুদ্ৰ বামুণবড়ীতো বিধ্বস্ত হৈ পৰিছে গ্ৰাম্যপথ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ পকী পথৰ পৰা সংলগ্ন বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ক্ষুদ্ৰবামুণবড়ী হৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ সংযোগী পথটো বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাত জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজ। বাৰম্বাৰ আবেদন নিবেদন কৰিও সুফল নাপালে ৰাইজে । বাৰিষা হ’লেই পথটোৰে চলাচল কৰাটো দুৰ্বিসহ হৈ পৰে । প্ৰায় বিশখন গাঁৱৰ মানুহে যাতায়ত কৰা এই  পথটোত বৰ্তমান প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হোৱাৰ লগতে মূল পথটোৰ  প্ৰায় এক শ মিটাৰ বছৰ বছৰ ধৰি ভাঙি আছে । বাৰিষা হ’লেই বহু কষ্ট কৰি চলাচল কৰে অঞ্চলটোৰ ৰাইজে । ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়ীসকলে  নাওৰে পাৰ হ’বলগীয়া হয় ভঙা অংশ । তথাপি কাণসাৰ নাই জনপ্ৰতিনিধিৰ । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰক্ষেত্ৰীৰ সমষ্টিৰ সীমালৈকে কিছু কাম কৰিছিল যদিও বৰ্তমান গোটেই পথটোৱে  জৰাজীৰ্ণ হৈ পৰিছে । জনপ্ৰতিনিধিৰ উদাসীনতাৰ বাবেই আজি পথটোৰ ভগ্নাংশত ক্ষুদ্ৰ বামুণবড়ীৰ লগতে দুই-তিনিখন গাঁৱৰ ৰাইজে লগ হৈ শ্ৰমদানেৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰে । এই অংশটোত এখন দলঙৰ ব্যৱস্থা কৰি দি পথটো যাতায়তৰ সুবিধা কৰি দিবলৈ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ  আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাক ৰাইজে আহ্বান জনায় ।