শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | ৰাজ্যত বিনামূলীয়া হ’ব কিডনী ৰোগীৰ ডায়েলাছিছ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বিশেষ নিউজ ৰিপ’ৰ্ট | ৰাজ্যত বিনামূলীয়া হ’ব কিডনী ৰোগীৰ ডায়েলাছিছ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জুন : ৰাজ্যৰ কিডনী ৰোগীসকলৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা কিডনী ৰোগীৰ ডায়েলাইছিছ সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব। চৰকাৰী চিকিৎসালয়তেই বিনামূলীয়াকৈ কিডনী ৰোগীয়ে ডায়েলাইছিছ কৰাৰ সুবিধা লাভ কৰিব। এই সমস্ত খৰচ বহন কৰিব চৰকাৰে। আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে পূৰ্বৰ তুলনাত কিডনী ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। কিডনী ৰোগীয়ে ডায়েলাইছিছ কৰিবলৈ প্ৰতিমুহূৰ্তত দুইৰ পৰা তিনি হাজাৰ টকাৰ প্ৰয়োজন হয়। সেয়ে এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে চৰকাৰে ডায়েলাইছিছ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা ৫ ফেব্ৰুৱাৰীত এপলো হাস্পতালৰ সৈতে ৰাজ্য চৰকাৰৰ এক চুক্তি স্বাক্ষৰ হৈছে। কিডনী ৰোগীৰ ডায়েলাইছিছ প্ৰক্ৰিয়াটো এপলো হাস্পতালে চোৱাচিতা কৰিব। আনকি এপলো হাস্পতালৰ তত্ত্বাৱধানতেই কিডনী ৰোগীৰ ডায়েলাইছিছ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই কয় যে উক্ত আঁচনিখন ২০১৬-১৭ চনতেই ঘোষণা কৰা হৈছিল। বিভিন্ন সময়ত নিবিদা তথা আন কেতবোৰ বিসংগতিৰ বাবে আঁচনিখন ৰূপায়ণ হোৱা নাছিল। এতিয়া সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। অহা ১৪ জুনত নলবাৰী জিলা হাস্পতালত উক্ত আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব।

প্ৰতিখন হাস্পতালত ছয়টাকৈ ডায়েলাইছিছ মেচিন সংস্থাপন কৰা হৈছে। ইয়াৰে এটা কেৱল এইচআইভি ৰোগীৰ বাবে সংৰক্ষণ কৰা হ’ব আৰু বাকী পাঁচটা সাধাৰণ ৰোগীৰ বাবে থাকিব। ৰাজ্য চৰকাৰক ফেয়াৰফেষ্ট ইণ্ডিয়া চেৰিটেবল ট্ৰাষ্টে ১০৫টা ডায়েলাইছিছ মেচিন বিনামূলীয়াকৈ যোগান ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। এটা কেন্দ্ৰত দৈনিক ৪০জন কিডনী ৰোগীৰ ডায়েলাইছিছ কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰি কয় যে প্ৰতিগৰাকী ৰোগীৰ বিনিময়ত ৰাজ্য চৰকাৰে এপলো হাস্পতালক ১,২৯৬ টকা আদায় দিব। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে উক্ত ধন ৰাজ্য চৰকাৰক ওভতাই দিব।

১৪ জুনত শুভাৰম্ভ হ’বলগীয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত নলবাৰীৰ এছ এম কে চিভিল হাস্পতাল, মঙলদৈ চিভিল হাস্পতাল, দৰং, কনকলতা চিভিল হাস্পতাল শোণিতপুৰ, তেজপুৰ মেডিকেল কলেজ, এল জি বি চিভিল হাস্পতাল তিনিচুকীয়া, মৰিগাঁও চিভিল হাস্পতাল, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু বঙাইগাঁও জিলা হাস্পতালত কিডনী ৰোগীৰ ডায়েলাইছিছ বিনামূলীয়া হ’ব। দ্বিতীয় পৰ্যায়ত, অৰ্থাৎ তিনি মাহৰ ভিতৰত বি পি চিভিল হাস্পতাল নগাঁও, শিৱসাগৰ চিভিল হাস্পতাল, ধেমাজি চিভিল হাস্পতাল, ডিফু চিভিল হাস্পতাল, ধুবুৰী চিভিল হাস্পতাল আৰু গোৱালপাৰা চিভিল হাস্পতালত কিডনী ৰোগীৰ ডায়েলাইছিছ প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া হ’ব।

পৰৱৰ্তী ছয় মাহৰ ভিতৰত যোৰহাট মেডিকেল কলেজ, কৰিমগঞ্জ চিভিল হাস্পতাল আৰু গোলাঘাট চিভিল হাস্পতালত উক্ত আঁচনি ৰূপায়ণ কৰা হ’ব। অৰ্থাৎ অহা ৬ মাহৰ ভিতৰত ৰাজ্যৰ ওঠৰখন চৰকাৰী হাস্পতালত কিডনী ৰোগীৰ ডায়েলাইছিছ বিনামূলীয়া হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এপলো হাস্পতালে ডায়েলাইছিছ প্ৰক্ৰিয়াটো চোৱাচিতা কৰিব। কৰ্মচাৰী নিযুক্তি, বাকী আন্তঃগাঁথনি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব। ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰী হাস্পতালত বিনামূলীয়া ডায়েলাইছিছ সকলোৰে বাবে মুকলি থাকিব। ইয়াত কোনো ধৰণৰ বাধা নাথাকে। সকলো শ্ৰেণীৰ লোকে সুবিধা লাভ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নামনি আৰু মধ্য অসমত কিডনী ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

চৰাঞ্চলসমূহত শাক-পাচলিত যি হাৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয় তাৰ বাবেই এই ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰে মন্ত্ৰীগৰাকীয়ে। শাক-পাচলিত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ বাবে কিডনী ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে নেকি বুলি পৰীক্ষা কৰাৰ বাবে শেহতীয়াকৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ইপিনে কাৰ্বি আংলঙত অচিন ৰোগত আক্ৰান্ত হৈ সাতজনকৈ লোকে মৃত্যুক আঁকোৱালি লোৱা বিষয়টোক মন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লৈ ততালিকে চিকিৎসালয়ৰ দলক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে।