শেহতীয়া খবৰ
Home / ক্ৰীড়া / আজি জাকাৰ্টা-পালেমবাৰ্গত এছিয়ান গেমছৰ শুভাৰম্ভণি

আজি জাকাৰ্টা-পালেমবাৰ্গত এছিয়ান গেমছৰ শুভাৰম্ভণি

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালমেবাৰ্গ চহৰত আৰম্ভ হ’ব ১৮ সংখ্যক এছিয়ান ক্ৰীড়া। ৩৬ টা বিভিন্ন ক্ৰীড়া শাখাত অৱতীৰ্ণ হ’ব এছিয়া দেশৰ এথলিটসকল। প্ৰথম দিনটোত একৱাটিকছ সাতোৰৰ দুশ মিটাৰ শাখাত নামিব ছাজন প্ৰকাশ। আনহাতে এশ মিটাৰ বেক ষ্টোক আৰু দুশ মিটাৰ ফ্ৰি ষ্টাইল শাখাত শ্ৰীহাৰী নটৰাজ আৰু সৌৰভ চাংবেকাৰে ভাৰতক প্ৰতিনিধিত্ব কৰিব। ফিল্ড হকীত মহিলা দলটোৱে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ লগতে কাবাডীৰ গ্ৰুপ এত পুৰুষ আৰু মহিলা দলটোৱে প্ৰতিদ্বন্দ্বীতা আগবঢ়াব। ৰোয়িং আৰু ছেপাক’ট’ ভাৰতীয় দলটোৱে প্ৰথম দিনটোতে অভিযান আৰম্ভ কৰিব। শ্বুটিঙৰ দহ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলীয় শাখাত ৰবী কুমাৰ আৰু অপূৰ্বি চাণ্ডিলাই অৱতীৰ্ণ হোৱাৰ লগতে দহ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শাখাত অভিশেষ বাৰ্মা আৰু মনো ভাকৰে প্ৰতিদ্বন্দ্বীতা আগবঢ়াব। পুৰুষৰ একক টেনিছ শাখাত ৰামকুমাৰ ৰামনাথন প্ৰজনেশ গুণেশ্বৰণ আৰু মহিলা শাখাত অংকিতা ৰাইনা কৰমন কৌৰ থাণ্ডি তথা মিক্সড যুটীয়া শাখাত ৰোহন বোপান্না আৰু প্ৰাৰ্থনা থোমবাৰে ক’ৰ্টত ভাৰতৰ প্ৰত্যাহবান আগবঢ়াব। মল্লযুঁজ পুৰুষৰ ফ্ৰি ষ্টাইল কোৱালিফিকেশ্বনত ৫৭ কেজি শাখাত সন্দীপ তোমাৰ,  ৬৫ কেজি শাখাত বজৰং পুনীয়া, ৭৪ কেজি শাখাত সুশীল কুমাৰ,৮৬ কেজি শাখাত পৱন কুমাৰ আৰু ৯৭ কেজি শাখাত মৌছম খেট্ৰী পদকৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা আৰু পেলিমবাং চহৰত অনুষ্ঠিত হ’ব ১৮ সংখ্যক এছিয়ান গেমছ। মন কৰিবলগীয়া যে ১৮আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এছিয়ান গেমছ।