শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আঠ দিনৰ মূৰত সন্ধান ওলাল বায়ু সেনাৰ এ এন ৩২ বিমানৰ

আঠ দিনৰ মূৰত সন্ধান ওলাল বায়ু সেনাৰ এ এন ৩২ বিমানৰ


মহানগৰ প্ৰতিবেদক, ১১ জুন ঃ আঠ দিনৰ মূৰত সন্ধান ওলাল বায়ুসেনাৰ এএন৩২ এয়াৰক্ৰাফ্‌ট বিমানখনৰ। যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ পৰা বিমানখনৰ সন্ধান আজি ওলায় অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ চিয়াঙৰ পায়ুমত বিমানখনৰ ধবংসাৱশেষ দেখাৰ কথা আজি ঘোষণা কৰিছে বায়ুসেনাই। বায়ুসেনাই টুইটাৰৰ জৰিয়তে বিমানখনৰ ধবংসাৱশেষ প্ৰত্যক্ষ কৰাৰ কথা প্ৰকাশ কৰাৰ পিছতেই দেশজুৰি এক স্বস্তিৰ নিশ্বাস এৰিছে। কিয়নো বিমানখনৰ যোৱা ৮টা দিনে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল বায়ুসেনাই। কিন্তু আজি বায়ুসেনাই এমআই১৭ হেলিকপ্টাৰৰ পৰা ১২ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখনৰ ধবংসাৱশেষ প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতেই টুইটাৰৰ জৰিয়তে বায়ুসেনাই বিমানখনৰ ধবংসাৱশেষ প্ৰত্যক্ষ কৰাৰ কথা প্ৰকাশ কৰে। মন কৰিবলগীয়া যে যোৱা ৩ জুনত যোৰহাট বিমানঘাটিৰ পৰা মেছুকা অভিমুখে গৈ থকা অৱস্থাতেই দিনৰ ভাগতে বিমানখন সন্ধানহীন হৈ পৰে। সন্ধানহীন বিমানখনত আছিল পাইলটসহ তেৰগৰাকী লোক। বায়ুসেনাই আজি ধবংসাৱশেষ প্ৰত্যক্ষ কৰাৰ পিছতেই বিমানখনত যাত্ৰা কৰা লোকসকলৰ সন্ধানৰ বাবে ব্যাপক অভিযান চলাইছে। মন কৰিবলগীয়া যে বিমানখনৰ সন্ধানৰ বাবে বায়ুসেনাই এয়াৰক্ৰাফ্‌ট চি ১৩০, এ এন ৩২ এ এছ, এম আই ১৭ বিমান ব্যৱহাৰ কৰিছিল।