শেহতীয়া খবৰ
Home / আঞ্চলিক / পুৰণি শৰাইঘাট দলঙৰ ৯০ শতাংশ কাম সম্পূৰ্ণ , ২০ জুনত পুনৰ মুকলি হ’ব পুৰণি দলঙৰ যাতায়াত

পুৰণি শৰাইঘাট দলঙৰ ৯০ শতাংশ কাম সম্পূৰ্ণ , ২০ জুনত পুনৰ মুকলি হ’ব পুৰণি দলঙৰ যাতায়াত


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জুন : নিৰ্দ্ধাৰিত সময়মতেই পুৰণি শৰাইঘাট দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৰে’ল বিভাগ। প্ৰতিকূল বতৰৰ সময়তো শৰাইঘাট দলঙত যুদ্ধংদেহি গতিত কাম সম্পূৰ্ণ কৰি পুনৰ যাতায়াতৰ বাবে সাজু কৰি তোলা হৈছে শৰাইঘাট দলং। উল্লেখ্য যে মাঘ বিহুৰ পিছতেই শৰাইঘাট দলঙৰ কাম আৰম্ভ কৰি তিনি মাহৰ ভিতৰত পুনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা ধাৰ্য কৰিছিল ৰে’ল বিভাগে। অৱশ্যে বতৰে বিধি-পথালি দিলে কাম সম্পূৰ্ণ কৰাৰ বাবে চাৰি মাহ সময় লাগিব বুলি পূৰ্বতে ৰে’ল বিভাগে নিৰ্দ্ধাৰণ কৰিছিল যদিও ঘূৰ্ণিবতাহ ফনী আৰু ব’হাগ মাহত প্ৰায় প্ৰতিনিশাই অহা ধুমুহাৰ পিছতো নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

আজি সংবাদ মাধ্যমক দলংখনৰ কামৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ দি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে কয় যে শৰাইঘাট দলঙৰ প্ৰায় নবৈব শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু মাত্ৰ পুৰণি দলঙৰ ওপৰত বিটুমিনৰ কাম শেষ কৰিবলৈ বাকী আছে। নতুন ৰ’ড স্থাপনৰ পিছত চিমেন্টৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু চিমেন্টৰ ওপৰত বিটুমিনৰ প্ৰলেপ দিয়াৰ কাম আগন্তুক দুই-তিনিটা দিনত সম্পূৰ্ণ কৰা হ’ব। বিটুমিনৰ কাম সম্পূৰ্ণ কৰাৰ পিছতে অহা ২০ জুনৰ পৰা দলঙৰ ওপৰেৰে পুনৰ যাতায়াত আৰম্ভ কৰিব পৰা যাব বুলি জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে পুৰণি দলংখন মেৰামতিৰ বাবে ৰে’ল বিভাগক তিনিটা মাহৰ সময়সীমা বান্ধি দিছিল।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি সন্তুষ্টি লাভ নকৰাত তিনিটাকৈ ছিফ্‌টত দলঙৰ মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। বিগত সময়ছোৱাত ঘনে ঘনে শৰাইঘাটৰ পুৰণি দলঙৰ শ্লেপত ফাট মেলাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে দলংখন মেৰামতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰে’ল বিভাগ আৰু ৰাজ্য চৰকাৰে। ইপিনে নিৰ্দ্ধাৰিত সময় অনুসৰি কাম সম্পূৰ্ণ কৰিবলৈ তিনিটা ছিফ্‌টৰ লগতে প্ৰতিকূল বতৰৰ সময়ৰ লগতো মেৰামতিৰ কাম অব্যাহত আছিল বুলি জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দিছে। আনকি ঘূৰ্ণিবতাহ ফনীয়ে অসমত ভূমিকা মৰাৰ সময়তো শৰাইঘাটত মেৰামতিৰ কাম অব্যাহত আছিল বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।