শেহতীয়া খবৰ
Home / ৰাজনীতি / ‘দুৰ্নীতি’ আৰু ‘ছিণ্ডিকেট’ সোণোৱাল চৰকাৰৰ বিভূষণস্বৰূপ : প্ৰদেশ কংগ্ৰেছ

‘দুৰ্নীতি’ আৰু ‘ছিণ্ডিকেট’ সোণোৱাল চৰকাৰৰ বিভূষণস্বৰূপ : প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ১১ জুন : দুৰ্নীতি আৰু ছিণ্ডিকেটক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা দুমুখীয়া নীতিক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে তীব্ৰ গৰিহণা দিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ‘দুৰ্নীতি’ আৰু ‘ছিণ্ডিকেটৰাজ’ বিভূষণতহে পৰিণত হৈছে। ৰাজ্যখনত অবাধ হাৰত অব্যাহত থকা কয়লা, শিল-বালি, চুপাৰি আৰু গৰুৰ ছিণ্ডিকেটক লৈ সংবাদ মাধ্যমসমূহে তথ্য-প্ৰমাণসহ দৈনিক বাতৰি প্ৰকাশ কৰাৰ পাছতো সোণোৱাল চৰকাৰে কোনো সবল পদক্ষেপ গ্ৰহণ কৰা নাই। তদন্তৰ নামত চলিছে মাথোঁ ভেঁকো-ভাওনা। এক অদৃশ্য শক্তিৰ নিৰ্দেশত সকলো তদন্ত থাপি-থূপি থ’ব বিচাৰিছে।

ৰাজ্যখনত চলি থকা ছিণ্ডিকেটসমূহত মুখ্যমন্ত্ৰীৰ বিশেষ ঘনিষ্ঠ ব্যক্তি আৰু বিষয়াৰ নামো সাঙোৰ খাই পৰাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশৰ পাছতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে কিয় কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই· গৃহ বিভাগৰ মুৰববী হিচাপে কিয় তেখেতে ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই· মুখ্যমন্ত্ৰীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰিছে কিয়· গৃহ বিভাগৰ মৌন সমৰ্থন নাথাকিলে কোনো ছিণ্ডিকেট চক্ৰই ৰাজ্যখনত এনেদৰে অবাধে ছিণ্ডিকেটৰ পয়োভৰ ঘটাব নোৱাৰে। নে সৰিয়হৰ ডুলিতে ভূত আছে· মুখেৰে ‘শূন্য সহনশীল’ নীতি আৰু নীতিবচনৰ কথা আওৰুৱা সোণোৱাল চৰকাৰৰ দিনত এইবিলাক বাস্তৱত এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে।

ৰাইজক দেখুৱাবলৈকে ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে চি আই ডি তদন্ত কৰিছিল। কিয় আৰু কাৰ নিৰ্দেশত এই তদন্ত বন্ধ হ’ল অসমৰ ৰাইজক জনাওক। সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনে কঠোৰ সমালোচনা কৰাৰ পাছত যোৱামাহত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এজন অতিৰিক্ত মুখ্য সচিবক ছিণ্ডিকেট সন্দৰ্ভত ভু ল’বলৈ মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু ৰহস্যজনকভাৱে গুৱাহাটী আৱৰ্ত ভৱনত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিয়েই নিজৰ দায়িত্ব সামৰিলে। ছিণ্ডিকেট ৰোধৰ বাবে প্ৰদৰ্শন কৰা তৎপৰতা বুমেৰাংহে হ’ল। ইয়াৰ পৰৱৰ্তে এতিয়া ৰাজ্যখনত দুগুণ উৎসাহেৰে ছিণ্ডিকেট বৃদ্ধিহে হ’ব ধৰিছে। মুখ্যমন্ত্ৰীজনৰ দুমুখীয়া স্থিতি আৰু সোপাঢিলা নীতিৰ বাবেই ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰা গোগামুখৰ কৃষি গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ কামো ছিণ্ডিকেটৰাজৰ বাবে স্তব্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

বিশ্বমানৰ প্ৰতিষ্ঠান হ’ব বুলি ঘোষণা কৰা এই ১৫৫ কোটি টকাৰ প্ৰকল্পটোও ছিণ্ডিকেটৰ প্ৰকোপত অনিশ্চয়তাৰ গৰাহত পৰিছে। দিল্লীৰ নিৰ্মাণকাৰী সংস্থাই স্থানীয় আৰক্ষী চকীত এজাহাৰ দিও সুফল লাভ কৰা নাই। খোদ মুখ্যমন্ত্ৰীৰ নিজৰ সংসদীয় সমষ্টিতে যদি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে ৰাজ্যখনৰ বাকী ঠাইত কি হাৰত ছিণ্ডিকেটৰাজ চলিছে সি সহজে অনুমেয়। ইয়াৰ উপৰি যি আৰএছএছ আৰু বিজেপিয়ে গো-ধনক ‘গো-মাতা’ বুলি আখ্যা দিয়ে সেই আৰএছএছ-বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ পাছতো প্ৰতিমাহে প্ৰায় ৪২ কোটি টকাৰ গো-মাতাৰ ছিণ্ডিকেট চলিছে আৰু দৈনিক বাংলাদেশলৈ অবৈধভাৱে হাজাৰ হাজাৰ গৰু চালান হৈ আছে। খোদ পশুধন ব্যৱসায়ী আৰু পৰিবহণকাৰী সংস্থাই এই অভিযোগ আনিছে।

দৈনিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিসমূহ আছেই। ইয়াৰ পাছতো মুখ্যমন্ত্ৰীয়ে স্বয়ং গো-মাতা ৰক্ষা কৰিবলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়· প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীক আহবান জনাইছো যে তেখেতে বৰ্তমান মুখেৰে নীতিবচনৰ শূন্য সহনশীলতাৰ কথা কৈ লাভ নাই। হাতে-কামে কাৰ্যক্ষেত্ৰত কৰি দেখুৱাওক। ইতিমধ্যেই তেখেত দুৰ্নীতি আৰু ছিণ্ডিকেটত লুতুৰি-পুতুৰি হৈ পৰিছে। কাৰ্যক্ষেত্ৰত প্ৰকৃতাৰ্থত নিজৰ সদিচ্ছা প্ৰকাশ কৰি অনতিপলমে এই ছিণ্ডিকেটসমূহ বন্ধ কৰক আৰু চক্ৰটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক। লাগিলে সেইজন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি বা বিষয়াই নহওক কিয়। প্ৰশাসন আৰু গৃহ বিভাগৰ মুৰববী হিচাপে মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কোৱা স্বচ্ছ প্ৰশাসন আৰু সু-শাসনৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।