শেহতীয়া খবৰ
Home / আঞ্চলিক / মাজুলীৰ বিশিষ্ট শিল্পী,গবেষক, চিন্তাশীল লেখক সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ নতুন সচিব

মাজুলীৰ বিশিষ্ট শিল্পী,গবেষক, চিন্তাশীল লেখক সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ নতুন সচিব

পৰাণজ্যোতি বৰা, মাজুলী : মাজুলীৰ বিশিষ্ট শিল্পী, গৱেষক, চিন্তাশীল লেখক, একালৰ সাংবাদিক সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব ৰূপে চৰকাৰৰ নিযুক্তি। আধুনিক মাজুলীৰ চিন্তা-চেতনাৰে মাজুলীৰ শিক্ষা-সংস্কৃতি, সামাজিক-অৰ্থনৈতিক তথা ধৰ্মীয় দিশৰ গুৰি ধৰোতাসকলৰ অন্যতম ঠাকুৰ পৰিয়ালৰ সন্তান সুদৰ্শন ঠাকুৰক অসম চৰকাৰৰ তৰফৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব ৰূপে নিযুক্তি দিয়াৰ খবৰ মাজুলীত বিয়পি পৰাৰ লগে লগে মাজুলীত উৎসাহৰ ধল বিয়পি পৰিছে। অতি সৰু কালৰে পৰাই সুদৰ্শন ঠাকুৰে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সকলো দিশ সামৰি প্ৰশিক্ষণ লৈ সত্ৰীয়া নৃত্য, গীত, বাদ্য তথা পৰম্পৰাগত অভিনয় আদিত ব্যুৎপত্তি লাভ কৰাৰ উপৰি মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ যোগে অসম শংকৰী সংগীত বিদ্যাপীঠৰ পৰা বাদ্য বিশাৰদ উপাধি লাভ কৰে।

অসম চৰকাৰৰ গীত-নাট বিভাগৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন ‘মাজুলী কলাতীৰ্থ’ৰ যোগে অসম তথা অসমৰ বাহিৰতো মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাজুলীৰ ৰাসলীলা অভিনয়ৰ শিশুকৃষ্ণৰ পৰা মহাৰাসৰ পূৰ্ণাংগ কৃষ্ণলৈকে নৃত্যাভিনয়ৰ মাধ্যমেৰে মাজুলীৰ সাংস্কৃতিক জগতখনত প্ৰতিষ্ঠা লাভ কৰি অসমতো এখন আসন পাবলৈ সক্ষম হৈছে। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নাট্যশিল্পীগৰাকীয়ে ছাত্ৰ অৱস্থাৰ পৰাই মঞ্চত অভিনয় আৰু পৰিচালনাৰে জনমানসত সাঁচ বহুৱাই গৈছে। এটা সময়ত এন এছ ডিৰ প্ৰশিক্ষণ লৈ ভাওনাৰ থলীৰ পৰা মঞ্চ, অনাতাঁৰ, দূৰদৰ্শন গৰকি বাটৰ নাটলৈকে নিজৰ প্ৰতিভাৰ পৰিচয় দি গৈছে। বিভিন্ন সময়ত গৱেষণামূলক লেখনিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰা সুদৰ্শন ঠাকুৰে হাইস্কুলীয়া ছাত্ৰ অৱস্থাতে মাজুলীৰ পৰা প্ৰকাশিত ‘পষেকীয়া মাজুলী’ৰ যোগে কলম তুলি লৈ বৰ্তমান এজন চিন্তাশীল লেখক হিচাপে বিভিন্ন কাকত-আলোচনীৰ পাতত দক্ষতা প্ৰতিপন্ন কৰিছে।

তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত জলপানি লাভ কৰি ‘অংকীয়া নাট’ৰ ওপৰত গৱেষণাৰ কামো সুখ্যাতিৰে সমাপ্ত কৰে। এটা সময়ত ‘দৈনিক অগ্ৰদূত’ কাকতত সাংবাদিক ৰূপে সেৱা কৰা সুদৰ্শন ঠাকুৰে বহুকেইখন উচ্চমানৰ স্মাৰক গ্ৰন্থ সম্পাদনা কৰে। চৰকাৰী-বেচৰকাৰী সাংস্কৃতিক কাৰ্যসূচীত আগভাগ লৈছিল নিখুঁতভাবে পৰিচালনা কৰা উদ্যোগী শিল্পীজনক উপযুক্ত স্থানত অভিষিক্ত কৰাত মাজুলীবাসীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাই সুদৰ্শন ঠাকুৰক অভিনন্দন জনাইছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই সচিবগৰাকীয়ে দক্ষতাৰে কলাক্ষেত্ৰ উজ্জ্বল কৰিব বুলি আশা কৰে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে উপযুক্তজনক অভিষিক্ত কৰা বুলি মত পোষণ কৰি ঠাকুৰে অসমীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে আত্মত্যাগ কৰিবলৈ আহ্বান জনায়।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে মাজুলীৰ দক্ষ শিল্পীগৰাকীক উপযুক্ত পদমৰ্যাদা দিয়াত সন্তোষ প্ৰকাশ কৰে । নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীদেৱে গৌতম শৰ্মাৰ পিছত এগৰাকী দক্ষ লোকক বাছনি কৰাটো সময়োচিত কাৰ্য বুলি বক্তব্য ৰাখে। বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীয়ে সুদৰ্শন ঠাকুৰক কলাক্ষেত্ৰৰ সচিব ৰূপে চৰকাৰে নিযুক্তি দিয়া কাৰ্যই তেওঁক পৰম আ?াদিত কৰা বুলি প্ৰকাশ কৰি সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ কেৰোণেবাৰ চিনাক্ত কৰি নিৰাময়ৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্ত দেৱগোস্বামীয়ে মাজুলীৰ সুযোগ্য সন্তান সুদৰ্শন ঠাকুৰক চৰকাৰে উপযুক্ত স্থানত নিযুক্ত কৰাত চৰকাৰক ধন্যবাদ জনায়।শিল্পীগৰাকীক সততাৰে আত্মত্যাগৰ নিদৰ্শন দাঙি ধৰাৰ বাবে শুভাশীষ প্ৰদান কৰে। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে এগৰাকী বিশিষ্ট শিল্পীক কলাক্ষেত্ৰৰ সচিব ৰূপে চৰকাৰে নিযুক্তি দিয়াটো এক যোগাত্মক পদক্ষেপ। সৎচিন্তাৰে শুদ্ধ ভাবেৰে কৰ্মৰত পুৰুষ কেতিয়াও বিফল নহয়।

সুদৰ্শন ঠাকুৰে মাজুলীৰ উজ্জ্বল প্ৰতিভাৰ পৰিচয় দিব পাৰিব বুলি উল্লেখ কৰে। মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰভাত বুঢ়া ভকত, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে অৰুণ বৰা আৰু দীপু বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি, দত্ত দেৱগোস্বামীৰ স্মাৰক ন্যাসৰ সভাপতি-সম্পাদক ক্ৰমে ৰঞ্জিৎ কুমাৰ ভূঞা আৰু সঞ্জীৱ কুমাৰ দত্ত, মাজুলী মিলন সংঘৰ সভাপতি-সম্পাদক ক্ৰমে ডিম্বেশ্বৰ শইকীয়া আৰু ৰাজীৱ কমল শইকীয়া প্ৰমুখ্যে কমলাবাৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, মহিলা সংগঠন, মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়, সংগীতা, ৰূপ বৰণ চিত্ৰকলা বিদ্যালয় আৰু মাজুলীৰ বহুতো সাংস্কৃতিক অনুষ্ঠানে নিযুক্ত সচিবগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে ।

উল্লেখযোগ্য যে এই মাহতে মাজুলীৰ দুজন সুযোগ্য সন্তানে ক্ৰমে সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ দায়িত্ব লাভ কৰাত মাজুলীৰ বিজ্ঞ সমাজে এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীৰ প্ৰতি থকা আন্তৰিকতাক বাস্তৱত ৰূপ দিবলৈ কৰা পদক্ষেপ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীলৈ মাজুলীবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু ঠাকুৰক সততাৰে কৰ্মত আগুৱাই যাবলৈ আহ্বান জনায় মাজুলীবাসীয়ে।