শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গাড়ীৰ মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকিয়ে

গাড়ীৰ মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকিয়ে

ডিজিটেল ডেস্কঃ হঠাৎ গাড়ীৰ মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকি ইণ্ডিয়াই৷ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৬,১০০ টকা পৰ্যন্ত মূল্য বৃদ্ধি কৰিলে মাৰুতি ছুজুকিয়ে৷ গাড়ী নিৰ্মাণত ব্যৱহৃত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ডলাৰৰ তুলনাত টকাৰ অৱমূল্যায়নৰ পৰিপ্ৰেক্ষিততে গাড়ীৰ মূল্যবৃদ্ধি কথা ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে৷ একেদৰে জাৰ্মীনীৰ বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্ছিডিজ বেঞ্জেও ছেপ্তেম্বৰৰ পৰা ৪ শতাংশপৰ্যন্ত বৃদ্ধি কৰিব ইয়াৰ গাড়ীসমূহৰ মূল্য৷ ফ্ৰেন্সৰ প্ৰতিষ্ঠান ৰেন’ল্টৱেও গাড়ীৰ মূল্যবৃদ্ধিৰ কথা বিবেচনা কৰি আছে৷ উল্লেখ্য যে যোৱা ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে গাড়ীৰ মূল্যবৃদ্ধি কৰিছে টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা আৰু হোণ্ডাই৷