শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমৰ বীৰ জোৱানৰ মৃত্যুত হোজাইত শোক

অসমৰ বীৰ জোৱানৰ মৃত্যুত হোজাইত শোক

কফিল উদ্দিন, হোজাইঃ বীৰ জোৱান নিৰোদ শৰ্মাৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসমবাসী৷ তেনে সময়তে আৰু এটা দু:সংবাদ আহিছে ৰাজ্যবাসীলৈ ৷ দেশ সেৱাত নিয়োজিত হৈ থকা অসমৰ আন এজন বীৰ জোৱান সুনিল কলিতা যোৱা ২৮ মে’ত ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত গুৰুতৰ বাবে আহত হৈছিল৷ পিছত দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিল অসমৰ বীৰ জোৱানজনক৷ অৱশেষত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল চিআৰপিএফ জোৱানজনে ৷ জোৱানৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুতৰভাবে আহত হৈ এইমছ চিকিৎসাধীন হৈ থকা চি আৰ পি এফ জোৱান সুনীল কলিতাৰ মৃত্যুত হোজাই ‘হাম’ হস্পিতাল ন্যাসৰ হৈ শ্বহিদ হুছেইন আৰু ‘হাম’ৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইপিনে, বীৰ জোৱানৰ মৃত্যুত হোজাই ডংকি গাঁৱৰ যুৱ ব্যৱসায়ী জাবেদ আলম আৰু সমাজ কৰ্মী ফখৰ কাছিমী আৰু নীলবাগান প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰি শ্বহীদ জোৱানজনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷