শেহতীয়া খবৰ
Home / আঞ্চলিক / সংগ্ৰামে দেখুৱাই সফলতাৰ বাটঃ উন্নত প্ৰজাতিৰ মূল্যৱান গছপুলি-নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱালম্বী গুৱাধৰাৰ বলিন শৰ্মা

সংগ্ৰামে দেখুৱাই সফলতাৰ বাটঃ উন্নত প্ৰজাতিৰ মূল্যৱান গছপুলি-নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱালম্বী গুৱাধৰাৰ বলিন শৰ্মা

ডিজিটেল সংবাদ, গহপুৰঃ সংগ্ৰামে দেখুৱাই সফলতাৰ বাট। সংগ্ৰামে মানুহক দি যায় জীৱনৰ ন ন সোঁৱাদ। সংগ্ৰামক নেওচি জীৱন যুঁজত কৰ্ম কৰি যাব পৰা জনেই সফল ব্যক্তি হিচাপে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে। গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত গুৱাধৰা গাঁৱৰ প্ৰয়াত উমেশ্বৰ শৰ্মাৰ পুত্ৰ বলিন শৰ্মাই শৈশৱ কালৰে পৰা পঢ়া শুনাৰ সমানে সমানে চলাই নিছিল নিজৰ নাৰ্চাৰী ব্যৱসায়। প্ৰথম অৱস্থাত সৰুকৈ আৰম্ভ কৰা গছপুলিৰ নাৰ্চাৰীখনে প্ৰসাৰতা লাভ কৰি  বৰ্তমান গহপুৰ অঞ্চলত শৰ্মা নাৰ্চাৰী বুলিলে সকলোৱে চিনি পোৱা হৈছে কিয়নো উক্ত নাৰ্চাৰীখনৰ জৰিয়তে শৰ্মাই যোগান ধৰে অতি উন্নত মানদণ্ডৰ ফল মূলৰ পুলিকে আদি কৰি উন্নত প্ৰজাতিৰ গছপুলি। বলিন শৰ্মাই উক্ত নাৰ্চাৰীখনৰ জৰিয়তে স্থানীয় দুই এজন ব্যক্তিক সংস্থাপিত কৰাৰ লগতে নিজেও স্বাৱলম্বিতাৰ দিশত আগুৱাই গৈছে। কোনো চৰকাৰী সাহাৰ্যৰ অবিহনে বলিন শৰ্মাই এই ব্যৱসায় চলাই নি অঞ্চলবাসীৰ মাজত স্বাৱালম্বিতাৰ নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে। শৰ্মা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ বিভিন্ন সময়ত ৰাইজৰ সেৱা আগবঢ়োৱাও পৰিলক্ষিত হয়। আজি কালি দেখা যায় একাংশ যুৱকে মাক দেউতাকৰ ধনেৰে বিলাসিতা জীৱন পাৰ কৰে তেনেস্থলত বলিন শৰ্মাই নিচেই কমবয়সৰ পৰাই  ঘৰৰ খনৰ সদস্য সকলৰ অভাৱ দূৰ কৰিবৰ বাবে এনেদৰেই সৰুকৈ প্ৰথমঅৱস্থাত কেইটামান টকাৰেই জীৱন জীৱিকাৰ উপাৰ্জনৰ পথ হিচাপে এখন নাৰ্চাৰী আৰম্ভ কৰিছিল। অতি অমায়িক, ভদ্ৰোচিত ব্যৱহাৰৰ গৰাকী শৰ্মাই পৰৰ্ৱতী সময়ত কোনো চৰকাৰী সাহাৰ্য লাভ কৰিলে আৰু বহল ভাৱে নাৰ্চাৰীখনক সম্প্ৰসাৰন কৰাৰ কথা মনত পুহি ৰাখিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে। শৰ্মাৰ নাৰ্চাৰীত বৰ্তমান শাল, চেগুন, বনচোম, খকন, শিলিখা, শলখ, জামুকে আদি কৰি প্ৰায় ১০০ বিধৰো অধিক প্ৰজাতিৰ গছ আৰু ফুল ফলৰ গছ আছে বুলি শৰ্মাই উল্লেখ কৰে।