শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী মেডিকেল কলেজৰ অগ্ৰগতিৰ বুজ ললে ড° হিমন্ত বিশ্ব শৰ্মাই

নলবাৰী মেডিকেল কলেজৰ অগ্ৰগতিৰ বুজ ললে ড° হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সংবাদ, ঘগ্ৰাপাৰঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগাঁওৰ দক্ষিণ গাঁওত নিৰ্মীয়মাণ অৱস্থাত থকা নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ললে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ আজি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণৰ উদ্দেশ্য আহি নিৰ্মাণৰত মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য চোৱা-চিতা কৰা সময়ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে নৱ নিৰ্বাচিত মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ৷ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰী ড° শৰ্মাই বিভাগীয় পক্ষ তথা নিৰ্মাণ কাৰ্যত জৰিত সকলক নিৰ্ধধাৰীত  সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব বুলি নিৰ্দেশ দিয়ে ৷ তদুপৰি মেডিকেল কলেজৰ চৌহদত ৰোপণ হব লগা এক হাজাৰ মূল্যবান গছ পুলি ৰোপণৰ লক্ষ্যৰে মন্ত্ৰী ড° শৰ্মাই এটি গছপুলি ৰোপণৰে শুভাৰম্ভনী কৰে ৷