শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথতত অবৈধ সুৰাৰ ট্ৰাক জব্দ

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথতত অবৈধ সুৰাৰ ট্ৰাক জব্দ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত যোৱা নিশা মহানগৰ আবকাৰী বিভাগ বিশেষ শাখা আৰু ৰঙিয়া আবকাৰী বিভাগে যুটীয়াভাৱে অভিযান চলাই এখন সুৰা ভৰ্তী ট্ৰাক জব্দ কৰবলৈ সক্ষম হয়।  ট্ৰাকখনৰ পৰা অভিযানকাৰী দলটোয়ে প্ৰায় ১০ লক্ষাধিক টকাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। লগে লগে অভিযানকাৰী দলটোয়ে  ট্ৰাকখন জব্দ কৰাৰ উপৰিও ট্ৰাকখন  চালক আৰু হেন্ডিমেনজনক আটক কৰে। ঘটনা সম্পৰ্কত জানিবলৈ পৰা মতে অৰুণাচলৰ পৰা ভূটানলৈ বুলি এখন ট্ৰাকত ১০ লাখ টকাৰ বিলাতী সুৰা নি থকা হৈছিল। ট্ৰাকখনত এনেদৰে অবৈভাবে সুৰা নি থকা বিষয়টো এক গোপন সুত্ৰৰ পৰা আপকাৰী বিভাগৰ বিশেষ শাখাই অৱগত হোৱা মাত্ৰয়ে ৰঙিয়া আপকাৰী বিভাগক খবৰ দিয়ে। ট্ৰাকখনে ৰঙিয়া চেপ্তি আহি পোৱা মাত্ৰকে চেপ্তিত ৰঙিয়া আৰক্ষীৰ সহযোগত গুৱাহাটী আৰু ৰঙিয়া আপকাৰী বিভাগে ট্ৰাকখন ৰখাই তালাচী চলোৱাত গাড়ীখনৰ পৰা প্ৰায় এক হেজাৰ পেকেট বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । আপকাৰী বিভাগে আটক কৰা চালক আৰু হেণ্ডিমেন গৰাকীৰ পৰা জানিব পৰা মতে অৰুণাচলত প্ৰস্তুত হোৱা “মেকদোৱেল” লেবেল থকা সুৰা সমুহ অৰুণাচলৰ পৰা বৰপেটাৰ এক নিদিষ্ট স্থানলৈ নি থকা হৈছিল। কিন্তু ইয়াৰ বিপৰিতে গাড়ীখনত নথি পত্ৰত সুৰা সমুহ অৰুণাচলৰ  পৰা ভূটানলৈ বুলি উল্লেখ আছে ।  কাগজ আৰু গাড়ীখনৰ যাত্ৰা  সম্পৰ্কত  মিল নথকা ৰহস্যৰ বিষয়ে এক মাত্ৰ আৰক্ষীয়ে আৰু আপকাৰী বিভাগেহে জানিব পাৰিব   যদিও অৰুণাচলৰ পৰা অহা সুৰাৰ ট্ৰাকখনৰ সম্পৰ্কত  যে নামনি অসমৰ কোনো আপকাৰী বিভাগৰ বিষয়াৰ জ্ঞাত আছিল সেই কথাটো নিশ্চিত । যদিহে বিভাগটোৰ কোনো বিষয়া জৰিত নাথাকিলে হেতেন তেতিয়া হলে ভূটানলৈ যাৱলগীয়া সুৰা সমুহ চক্ৰটোয়ে কি সাহসত ৰঙিয়াহৈ বৰপেটালৈ নি আছিল৷