শেহতীয়া খবৰ
Home / আঞ্চলিক / সঞ্জীৱ পল ডেকা, ৰুজব মুচাহাৰী লৈ যুৱ সাহিত্য অকাডেমী যুৱ বঁটা

সঞ্জীৱ পল ডেকা, ৰুজব মুচাহাৰী লৈ যুৱ সাহিত্য অকাডেমী যুৱ বঁটা

অসমীয়া চামিম নাচৰীন, বড়ো ভাষাত লক্ষ্মীনাথ ব্ৰহ্মলৈ শিশু সাহিত্য বঁটা


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুন ঃ জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি সাহিত্য অকাডেমীয়ে ঘোষণা কৰিলে এই বৰ্ষৰ শিশু সাহিত্য অকাডেমী পুৰস্কাৰ আৰু যুৱ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সাহিত্যিকৰ নাম। সাহিত্য অকাডেমীয়ে আজি ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ শিশু সাহিত্য বঁটা ২০১৯ অসমৰ ছামিম নাছৰিন আৰু লক্ষ্মীনাথ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে। অসমীয়া ভাষাৰ গ্ৰন্থ ‘মিলি, অমিয়া আৰু ইখন নদী’ৰ বাবে সাহিত্য অকাডেমীয়ে ছামিম নাছৰিনলৈ এই বৰ্ষৰ শিশু সাহিত্য বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে লগতে বড়ো সাহিত্যৰ লোকসাধু ‘ছোলোবাদা খাওনাছোং ডে’ৰ বাবে লক্ষ্মীনাথ ব্ৰহ্মলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

মন কৰিবলগীয়া যে ২২গৰাকী শিশু সাহিত্যিকলৈ সাহিত্য অকাডেমীয়ে এই বৰ্ষৰ শিশু সাহিত্য বঁটা আগবঢ়াইছে। ইয়াৰে ভিতৰত অসমীয়া সাহিত্যৰ বাবে ছামিম নাছৰিনলৈ এই বঁটা আগবঢ়োৱাৰ লগতে বেংগলী, বড়ো, দুগৰী, ইংৰাজী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কনকানি, মালেয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাৱী, সংস্কৃত, সোনতলী, সিন্ধি, তামিল, তেলেগু, আৰু উৰ্দু ভাষাৰ শিশু সাহিত্যিকলৈ এই বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে। অহা ১৪ নৱেম্বৰত শিশু দিৱস উপলক্ষে সাহিত্য অকাডেমীয়ে আনুষ্ঠানিকভাৱে এই শিশু সাহিত্যিকসকলক শিশু সাহিত্য বঁটা আগবঢ়াব। এই বঁটাত থাকিব তামৰ ফলক আৰু ৫০ হাজাৰ টকাৰ চেক। আনহাতে আজি সাহিত্য অকাডেমীয়ে এইবৰ্ষৰ যুৱ সাহিত্য অকাডেমী বঁটা লাভ কৰা সাহিত্যিকৰ নামো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই বৰ্ষৰ যুৱ সাহিত্য অকাডেমী বঁটা অসমৰ দুগৰাকী সাহিত্যিকে লাভ কৰিছে।

অসমীয়া সাহিত্যৰ বাবে সঞ্জীৱ পল ডেকাই এই বঁটা লাভ কৰাৰ বিপৰীতে বড়ো সাহিত্যৰ বাবে ৰুজব মুছাহাৰীয়ে এই বৰ্ষত যুৱ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। সঞ্জীৱ পল ডেকাই অসমীয়া ভাষাৰ ‘এই পিনে কি আছে·’ নামৰ গল্প পুথিখনৰ বাবে এই বৰ্ষৰ যুৱ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। আনহাতে বড়ো ভাষাৰ যুৱ সাহিত্যিক ৰুজব মুচাহাৰীয়ে তেওঁৰ কবিতা পুথি ‘চানশ্ৰী আৰৌ মোনডাংথিনি মাওখাং’ৰ বাবে এই বৰ্ষৰ যুৱ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। মন কৰিবলগীয়া যে এই বৰ্ষত সাহিত্য অকাডেমীয়ে ২৩টা ভাষাত যুৱ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছে। এই বঁটাত থাকিব তাম্ৰ ফলকৰ লগতে ৫০ হাজাৰ টকা।

উল্লেখ্য যে অসমীয়া সাহিত্যৰ যুৱ প্ৰজন্মৰ লেখকসকলৰ ভিতৰত অন্যতম শক্তিশালী গল্পকাৰ ৰূপে পৰিচিত সঞ্জীৱ পল ডেকা বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে অধ্যাপনা কৰি থকাৰ লগতে নিয়মীয়াভাৱে সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী সঞ্জীৱ পল ডেকাৰ জন্ম হৈছিল দৰং জিলাৰ দিঘীৰপাৰা গাঁৱত।

২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটাৰ বাবে অসমীয়া আৰু বড়ো ভাষাত মনোনীত হোৱা ৰাজ্যখনৰ সঞ্জীৱ পল ডেকা আৰু ৰুজৱ মুচাহাৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয় যে এই বঁটাৰ বাবে ৰাজ্যখনৰ দুগৰাকীকৈ যুৱ প্ৰজন্মৰ লেখক নিৰ্বাচিত হোৱাটো ৰাজ্যখনৰ সাহিত্য জগতৰ বাবে অত্যন্ত সুখবৰ। মুখ্যমন্ত্ৰীয়ে নৱ প্ৰজন্মই ভাষা-সাহিত্যৰ উত্তৰণৰ দিশত নিজকে সক্ৰিয়ভাৱে জড়িত কৰাৰ দিশত এই বঁটাই অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ এই লেখক দুগৰাকীয়ে ভৱিষ্যতেও ৰাজ্যখনৰ ভাষা-সাহিত্যৰ উত্তৰণৰ দিশত একাগ্ৰতাৰে নিয়োজিত হৈ আৰু অধিক সুনাম কঢ়িয়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।