শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | নলবাৰীত ৰাজ্যৰ প্ৰথমটো ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন

বিশেষ নিউজ ৰিপ’ৰ্ট | নলবাৰীত ৰাজ্যৰ প্ৰথমটো ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন

অসমৰ চৰকাৰী চিকিৎসালয়ক মন্দিৰৰ লগত তুলনা মন্ত্ৰী হিমন্তৰ

এম মহিবৰ ৰহমান, নলবাৰী, ১৪ জুন : ‘অসমৰ চৰকাৰী চিকিৎসালয়ৰ লগত আন ৰাজ্যৰ চিকিৎসালয়ৰ তুলনা নহয়। অসমৰ চৰকাৰী চিকিৎসালয় মন্দিৰ সদৃশ।’— এই দাবী ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নলবাৰীত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্ৰথমটো ডায়েলাছিছ কেন্দ্ৰ মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে কলকাতা আৰু ওড়িশা চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি তাৰে অৱস্থাৰ ছবি দাঙি ধৰি অভিযোগ কৰি কয় যে কলকাতাৰ চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে বিছনাৰ পৰিৱৰ্তে মাটিত থকাৰ উপৰি দহ দিনৰ মূৰতহে চিকিৎসকে ৰোগীক চোৱাচিতা কৰে। ইপিনে, ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২০ লাখ লোক কিডনী ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰি কয় যে অসমতো এই ৰোগত আক্ৰান্ত প্ৰায় ৫০ হাজাৰ ৰোগী আছে।

আজি নলবাৰীত ভাৰত চৰকাৰৰ অভিলাষী আঁচনিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিখন কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে অসমৰ ১৮খন জিলাত এই সেৱা প্ৰৱৰ্তন কৰা হ’ব। ইয়াৰে অংশ হিচাপে নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আজি এই বিনামূলীয়া ডায়েলাইছিছ সেৱাৰ আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। প্ৰথম পৰ্যায়ত নলবাৰীকে ধৰি ৰাজ্যৰ ৮খন জিলাত অহা ২০ জুনৰ ভিতৰত এই সেৱাৰ শুভাৰম্ভ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰী শৰ্মাই লগতে ইয়াকো কয় যে এপল’ হাস্পতালৰ সহযোগত অসম চৰকাৰে প্ৰৱৰ্তন কৰা এই চিকিৎসাৰ বাবে কোনো ৰোগীয়ে টকা খৰচ কৰিব নালাগে। ৰাজ্য চৰকাৰে এপল’ হাস্পতাল কৰ্তৃপক্ষক এজন ৰোগীৰ বিপৰীতে ১২৯৬ টকাকৈ আদায় দিব।১২৯৬ টকাত কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ আৰু ১০ শতাংশ ৰাজ্য চৰকাৰে যোগান ধৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে ৰাজ্যখনৰ গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে চৰকাৰী চিকিৎসালয়সমূহত পূৰ্বে হিম’ডায়েলাইছিছ কিম্বা কিডনী ডায়েলাইছিছৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাছিল। বৃক্কজনিত ৰোগত আক্ৰান্ত দৰিদ্ৰ ৰোগীসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব। মঙলদৈ অসামৰিক চিকিৎসালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়, শোনিতপুৰ কনকলতা অসামৰিক চিকিৎসালয়, বঙাইগাঁও অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ এল জি বি অসামৰিক চিকিৎসালয়, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো শীঘ্ৰেই উক্ত সেৱা প্ৰৱৰ্তন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই আঁচনিখন ৰূপায়ণৰ বাবে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে এপল’ হাস্পতালৰ লগত পাঁচ বছৰৰ বাবে চুক্তি কৰা বুলি সদৰী কৰে মন্ত্ৰী শৰ্মাই।

এই উপলক্ষে নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীয়ে। বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, এপল’ হাস্পতালৰ শুধাকৰ ৰাও, এফ আই চি এফৰ কনচালটেন্ট হিমাংশু দাসে ভাষণ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্য, স্বাস্থ্য সঞ্চালক ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য-শিক্ষা সঞ্চালক অনুপ কুমাৰ বৰ্মন, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, পৌৰনেত্ৰী বিপাশা দাস, জ্যেষ্ঠ চিকিৎসকসকল সহ আশাকৰ্মী, চিকিৎসাকৰ্মীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সভাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মাক লগত লৈ দক্ষিণ গাঁৱত নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজৰ বুজ লয়। লগতে ১৫ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলিও প্ৰকাশ কৰে।