শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / আহি আছে জিঅ’ গিগা ফাইবাৰ, আপুনি পঞ্জীয়ন কৰিলেনে ?

আহি আছে জিঅ’ গিগা ফাইবাৰ, আপুনি পঞ্জীয়ন কৰিলেনে ?

ডিজিটেল ডেস্কঃ ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ল জিঅ’ গিগা ফাইবাৰৰ বাবে পঞ্জীয়ন৷ আগতীয়াকৈ পঞ্জীয়ন কৰাটো কিয় জৰুৰী আহক জানি থওঁ৷ প্ৰথমতে এটা কথা জানি থোৱা ভাল যে, পঞ্জীয়ন কৰি থোৱা আৰু সংযোগ লোৱা লগত কোনো সম্পৰ্ক নাই৷ জিঅ’ৰ ৱেবচাইটত গ’লে আপুনি জিঅ’ গিগা ফাইবাৰৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ প্ৰয়োজন কেৱল মাথো কেইটামান প্ৰশ্নৰ উত্তৰৰ যেনে – আপোনাৰ নাম, ফোন নম্বৰ, ঠিকনা আৰু আপোনি কোন ধৰণৰ ইন্টাৰনেট ব্যৱহাৰকাৰী৷ ইয়াৰে ভিতৰত শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনি নিদিলেওঁ হ’ব৷ যি মোবাইল নম্বৰ আপোনি দিব সেই নম্বৰত এটি অটিপি আহিব পঞ্জীয়নৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ সময়ত৷ এই পঞ্জীয়নৰ পৰা জিঅ’ কৰ্ত্তৃপক্ষৰ এটি হিচাব কৰাত সম্ভৱ হ’ব, কোন অঞ্চলৰ পৰা কিমান গ্ৰহকৰ চাহিদা দেখা গৈছে৷ সকলোতকৈ বেছি পৰিমাণে যি অঞ্চলৰ পৰা পঞ্জীয়নয় হ’ব স্বাভাবিকতে সেই অঞ্চলবোৰতে সকলোতকৈ আগতে জিঅ’ গিগা ফাইবাৰৰ সংযোগ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে জিঅ’ কৰ্ত্তৃপক্ষই৷

প্ৰথম অৱস্থাত চাৰি হাজাৰ পাঁচশ টকা(Refundable) দিলে আপুনি পাব প্ৰয়োজনীয় যন্ত্ৰ আৰু তাৰ, যিবোৰেৰে আপোনাৰ ঘৰলৈ লৈ যাব পাৰিব হাইস্পিড ইন্টাৰনেট সেৱা৷ প্ৰথম ৩ মাহ ১০০ জিবি ডেটা হাইস্পিডত(৫০ এমবিপিএচ) আৰু তাৰ পিছত কম স্পিডত আনলিমিটেড ডেটা ব্যৱহাৰ কৰিব পাৰিব গ্ৰাহকে৷ মাইজিঅ’ৰ পৰা বিনামূল্যে ৪০ জিবি হাইস্পিড ডেটা ৰিচাৰ্জো কৰিব পাৰিব গ্ৰাহকে৷ এই অগ্ৰিম পঞ্জীয়ন প্ৰক্ৰিয়াত গ্ৰাহক দুই প্ৰকাৰত ভাগ হোৱা দেখিবলৈ পোৱা গৈছে৷ এক প্ৰকাৰৰ গ্ৰাহকে কম দামত আনলিমিটেড ইন্টাকৰনেট ব্যৱহাৰ কৰাৰ পক্ষত আৰু এক পক্ষই বেছি পছন্দ কৰে হাইস্পিড৷

জিঅ’ 4G মুকলি কৰাৰ পিছত যিমান ভাল সেৱা লাভ কৰিছিল কিন্তু দিনে দিনে সেই সেৱাৰ মানদণ্ড বহু পৰিমাণে অৱনমিত হোৱাও দেখা গৈছে৷ নেটৱাৰ্ক, ইন্টাৰনেট, কল ড্ৰ’পৰ দৰে ঘটনাই গ্ৰাহকক যথেষ্ট জলাকলা খোৱাইছে৷ পিছে এতিয়া জিঅ’ই নতুনকৈ মুকলি কৰিব বিচৰা জিঅ’ গিগা ফাইবাৰ হাইস্পিড ইন্টাৰনেট সেৱা গ্ৰাহকক কিদৰে সন্তুষ্ট কৰিব পাৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷