শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়ান গেমছৰ মল্লযুজত সোণৰ পদক লাভ বিনেশ ফোগাটৰ

এছিয়ান গেমছৰ মল্লযুজত সোণৰ পদক লাভ বিনেশ ফোগাটৰ

ডিজিটেল ডেস্কঃ ইতিহাসৰ পাতত নিজৰ নাম সন্নিবিষ্ট কৰিলে ভাৰতীয় মহিলা মল্লযুজাৰু বিনেশ ফোগাটে৷ মল্লযুদ্ধৰ মহিলা ৫০ কেজি শাখাত সোণৰ পদক জিকিলে হাৰিয়ানাৰ তৰুণীগৰাকীয়ে৷ মূলত ৪৮ কেজি শাখাত অৱতীৰ্ণ হৈছিল বিনেশে৷ কিন্তু পৰৱৰ্তী সময়ত সকলোকে আচৰিত কৰি ৫০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ লগে লগে বিনেশ ফোগাটে এছিয়ান গেমছৰ মল্ল যুজত সোণৰ পদক জয় প্ৰথম মহিলা হিচাপে ইতিহাস ৰচনা কৰে৷

সোণৰ পদকৰ মেচত বিনেশে জাপানৰ ইউকি ইৰিক পৰাভুত কৰে৷ বিনেশে এই সোণৰ পদক জিকাৰ লগে লগে ভাৰতৰ পদক তালিকাত আহিল মুঠ পাঁচটা পদক৷ যাৰ ভিতৰত দুটা সোণৰ৷ আজিৰ খেলত বিনেশ ফোগাটে প্ৰথম অৱস্থাৰ পৰাই অগ্ৰগতি লাভ কৰি আছিল আৰু প্ৰথম ৰাউণ্ডত ৪-০ ব্যৱধানত আগুৱাই থাকে৷ শেষ পৰ্য্যায়ত ৬-২ ব্যৱধানত জয়লাভ কৰে৷

সোণৰ পদক জয় কৰা স্বৰ্ণ কণ্যাক প্ৰসংশাৰে উপচাই পেলায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে, ‘মল্লযুদ্ধৰ ৫০ কেজি শাখাত সোণ লাভ কৰা বাবে বিনেশ ফোগাটক অভিনন্দন৷ তোমাৰ বাবে হাৰিয়ানা আৰু দেশ গৰ্ভীত৷’ কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰাজ্যবৰ্ধন ৰোথোৰে কয় যে, ‘অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰিছে বিনেশ ফোগাটে, মল্লযুদ্ধত ৫০ কেজি শাখাত ভাৰতে দ্বিতীয় সোণৰ পদক লাভ কৰিলে৷’ মল্লযুজাৰু মহাবীৰ সিংৰ সৰু ভাই ৰাজপাল সিংৰ কন্যা বিনেশ ফোগাট৷ তেওঁৰ সম্পৰ্কীয় ভনী গীতা ফোগাট আৰু ববিতা কুমাৰী কমনৱেলথ গেমছত সোণৰ পদক জিকিবলৈ সক্ষম হৈছি৷