শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / জাতিটোৰ সন্ধিক্ষণ আৰু আমাৰ কৰণীয়

জাতিটোৰ সন্ধিক্ষণ আৰু আমাৰ কৰণীয়

হিমাংশু ৰণজন ভূঞা

এটা জাতিৰ প্ৰতিজন ব্যক্তিয়েই নিজৰ দেশখনক আৰু জাতিটোক অকৃত্ৰিম ভাৱে ভালপাব পাৰিলে, নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জ্জন দি মহান স্বাৰ্থৰ হকে কাম কৰাৰ মানসিকতা গঢি তুলিব পাৰিলেই  জাতিটোক উচ্চ আসনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব পৰা যায়। প্ৰকৃতাৰ্থত ঐক্য সম্প্ৰীতি আৰু সমন্বয়ৰ মাজেদি নিজস্ব সামাজিক আৰু সাংস্কৃতিক মানদণ্ড বজাই  ৰাখি এটা নিৰ্দিষ্ট ভৌগোলিক  পৰিসীমাৰ ভিতৰত বসবাস কৰা লোক সকলক লৈয়ে একোটা জাতি গঢ় লৈ উঠে আৰু সেই লোক সকলৰ জাতীয় চেতনা বোধৰ মাধ্যমেদিয়েই জাতিটোৰ পৰিচয় উজ্জীৱিত হৈ উঠে। বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এখন অংগৰাজ্য হিচাপে আমাৰ ৰাজ্য অসমৰ লোকসকলে প্ৰকৃতপক্ষে নিজস্ব ভাষা-সংস্কৃতি, নিজস্ব সামাজিক ব্যৱস্থা আদি দিশসমূহ সামৰি সুস্থ সৱল অসমীয়া জাতি হিচাপে পৰিচয় দাঙি ধৰিব পাৰিছোনে ? সাম্প্ৰতিক সময়ত এইটো এটা ডাঙৰ প্ৰশ্ন। দেখা গৈছে – বিশ্বৰ উন্নত জাতিসমূহৰ লোকসকল সদা সৰ্বদা জাতিটোৰ সন্মান আৰু মৰ্যদাৰ প্ৰতি সদা সচেতন আৰু তেওঁলোকে জাতীয় চেতনাৰ আদৰ্শক আন্তৰিকতাৰে গ্ৰহণ কৰি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । আজি আমাৰ অসমীয়া জাতিটো জটিল সন্ধিক্ষণত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে সংকটত পৰিছে অসম আৰু অসমীয়া জাতি। এই সংকটত পৰা আমাৰ জাতিটোক মুকলি বতাহৰ মাজলৈ আনিবলৈ যেন কাৰোৰে সময় নাই। ৰাজ্যখনত ৰাইজৰ দ্বাৰা গঠিত এখন চৰকাৰ আছে – কিন্তু প্ৰৱঞ্চনা, প্ৰতাৰণা, বোকা চতিওঁৱাৰ খেলত ব্যস্ত হৈ থকা চৰকাৰখনে ৰাইজৰ সূখ সুবিধাৰ প্ৰতি দৃষ্টি দিবলৈ সময় নাপায়। পদে পদে বিপদত  পৰা সাধাৰণ শ্ৰেণীৰ অসমীয়াই একো নোপোৱাত পৰিছে। অতি-আৱেগিক অসমীয়া জাতিয়ে মাথো ৰাজপথত প্ৰতিবাদ কৰি, অসম বন্ধ দি, অনশণ-সত্যাগ্ৰহ কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰিছে যদিও নিতৌ ন-ন সমস্যা বাঢ়ি গৈহে আছে। এটা চামে পাছে আৱেগপ্ৰৱণ অসমীয়াৰ এই খন্তেকীয়া অতি-আৱেগৰ সুযোগ লৈ মুনাফা আদায়ৰ বাবে তৎপৰ হৈ থকাও দেখা গৈছে।

দেখা গৈছে, অসমৰ আপুৰুগীয়া সম্পদ ভাষা টোও সংকটৰ গ্ৰাসত পৰাৰ উপক্ৰম হৈছে। ভাষা হৈছে এটা জাতিৰ প্ৰথম আৰু প্ৰধান পৰিচয়। অসমীয়া ভাষা অসমীয়া জাতিৰ মূল উপাদান। মাতৃভাষাৰ কথিত আৰু লিখিত এই দুয়োটা ৰূপৰ লগতেই প্ৰতিজন ব্যক্তি, প্ৰতিজন সন্তান গভীৰভাৱে পৰিচিত হ’লেহে প্ৰকৃতাৰ্থত আমাৰ ৰাজ্যখন আৰু আমাৰ জাতিটোৱে শিৰ উচ্চ কৰাৰ শকতি লাভ কৰিব। প্ৰকৃতাৰ্থত ভাষাৰ অধ্যয়ণ আৰু চৰ্চাই শব্দৰ ভাণ্ডাৰ চহকী কৰে। কিন্তু আমাৰ ভাষাটোক লৈ আমি কিমান সচেতন আমাৰ ভাষাটোৰ সংৰক্ষণৰ বাবে আমাৰ কৰণীয় যেন একোৱেই নাই। নিজৰ সন্তানক ইংৰাজী বিদ্যালয়ত পঢ়োৱাৰ নামত অসমীয়া ভাষা শিক্ষাৰ পৰা বঞ্চিত কৰি ইংৰাজী ভাষাকে প্ৰধান ভাষা হিচাপে গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাই আমি নিজৰ ভাষা সাহিত্যৰ ক্ষতি কৰিবলৈ চেষ্টা চলোৱা নাইনে ? আমাৰ ভাষা সাহিত্য এনে এটা অৱস্থাত উপনীত হৈছেগৈ যে -১৯৭২ চনত শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ দাবীত ৰাজ্যখনত হৈ যোৱা ব্যাপক আন্দোলনৰ পিছতো শেহতীয়াকৈ অসমীয়া ভাষা প্ৰচলন কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। বিষয়টো ইতিবাচক। কিন্তু মাতৃভূমিতে মাতৃভাষা ৰক্ষাৰ বাবে আন্দোলন কৰিবসগীয়া অৱস্থা কিমান সন্তোষজনক বা দূৰ্ভাগ্যজনক সেয়া বুজাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। আমাৰ ৰাজ্যিক ভাষা প্ৰচলনত চৰকাৰী পক্ষই যেনেভাৱে অনিহা প্ৰকাশ কৰি আহিছে, ঠিক তেনেকৈয়ে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ত্ৰুতি আছে। শৈক্ষিক দিশত বিশেষকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ ত্ৰুতিমুক্ত নোহোৱাৰ বাবেই ৰাজ্যখনৰ সিংহভাগ অভিভাৱকেই নিজ নিজ সন্তানক ব্যক্তিগত পৰ্যায়ৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰৱণতা গঢ় লৈ উঠিছে। ইংৰাজী মাধ্যমত শিক্ষা দিয়াব পাৰিলেহে উপযুক্ত মানুহ হৈ উঠিব বুলি গঢ়ি উঠা ধাৰণাই সম্প্ৰতি আমাৰ ভাষাটোৰ প্ৰতিয়েই  চৰম সংকট কঢ়িয়াই আনিছে। গাঁৱে ভূঁঞে, নগৰে চহৰে এই ইংৰাজী প্ৰীতিয়ে এতিয়া এনেভাৱে আৱৰি ধৰিছে যে – কাৰোবাৰ ঘৰলৈ গ’লে ঘৰৰ শিশুটিক তোমাৰ নাম কি বুলি যদি প্ৰশ্ন কৰা হয়, তেতিয়া উত্তৰ পোৱা যায় – ‘মাই নেম ইজ…..’।  ‘মা’, ‘দেউতা’ৰ ঠাইত সিঁহতক ক’বলৈ শিকোৱা হৈছে ‘মাম্মী’ ‘পাপা’। পেহা-পেহী, জেঠাই-জেঠো, মামা-মামী, খুৰা-খুৰী, বৰদেউতা-বৰমাৰ স্থান ল’লে ‘আংকল-আন্টি’ য়ে। টিভিৰ কাৰ্টুন চাই শিকা কিছুমান আচহুৱা হিন্দী-ইংৰাজী মিশ্ৰিত খিচিৰি ভাষাৰে সৰুৰ পৰা ককায়েক-ভায়েক, বায়েক-ভনীয়েকৰ লগত কথা-বতৰা পতা দেখিও শুধৰাই দিয়াৰ পৰিৱৰ্তে দহজনৰ আগত ‘আমাৰ ইহঁত কেইটাই অসমীয়াত কথা নাপাতেই, হিন্দী-ইংৰাজীতহে পাতে’ বুলি জহাই ফুৰি সিঁহতৰ কণমানি মন-মগজুত অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অনিহাৰ ভাৱ সৃষ্টিত নিতৌ অৰিহণা যোগাই আহিছে পিতৃ মাতৃ, অভিভাৱকে। নিচেই সৰুৰ পৰা সন্তানটিৰ সন্মূখতে এইদৰে নিজৰ জাতীয়তাবোধ জলাঞ্জলী দিবলৈও কুণ্ঠাবোধ নকৰা এনে বহু পিতৃ-মাতৃয়ে নিজেই যে নিজৰ সন্তানটিৰ ভৱিষ্যৎ ক্ৰমাৎ অন্ধকাৰলৈ ঠেলি দি আছে – সেই কথা কিন্তু তিলমানো অনুধাৱন কৰা নাই। ইংৰাজী মাধ্যমত পঢ়ালে বুলিয়েই চাহাবী ঢঙৰে শিশুটিক ইংৰাজীতহে যে কথা ক’বলৈ শিকাব, ‘তোমাৰ নামটো কি’ বুলি অসমীয়াত সুধিলে উত্তৰত ‘মাই নেম্ ইজ্…’ বুলি ইংৰাজীত হে উত্তৰ দিবলৈ শিকোৱাটো কিমান যুক্তিসংগত এবাৰ ভাবি চাবৰ হ’ল।  অসমীয়াত কথা বতৰা পাতিবলৈ শিকালে ‘জাত যোৱা’ বুলি ভাবিবলৈ লৈছে আজিৰ এইচাম তথাকথিত অভিভাৱকে। এটা কথা খাটাং যে নিজৰ আপোন মাতৃভাষাক আওঁকান কৰি ইংৰাজীক মূখ্যস্থান দি অসমীয়া ক’ব বা লিখিব নজনা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। প্ৰণিধানযোগ্য যে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণনে বিদেশী ভাষা এটাক জ্ঞান আহৰণৰ মাধ্যম কৰি লোৱাটো শিক্ষাবিজ্ঞানৰ দৃষ্টিতেই অযুক্তিকৰ বুলি মাতৃভাষাৰ সপক্ষে থিয় দিয়াৰ লগতে ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কোৱা হৈছে যে -‘মাতৃভাষা শিকা মানে কেৱল লিখা পঢ়া বা শব্দভাণ্ডাৰ বৃদ্ধিৰ কথাটোৱে নুবুজাই , ই হৈছে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক ব্যক্তিত্বৰ বিকাশ সাধন কৰাৰ উৎকৃষ্ট আৰু মণনশীল মাধ্যম। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ নে গ্ৰহণ কৰা এই স্থিতিৰ বহুকেইটা দশক পাৰ হৈ যোৱাৰ পিছত সম্প্ৰতি আমি আমাৰ মাতৃভাষাৰ উচিত মূল্যায়ণ কৰিছোনে ?

গতিকে এনে বাসনা ত্যাগ কৰি জাতিটো আৰু ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতা স্বীকাৰ কৰি উঠি অহা প্ৰজন্মৰ প্ৰতিগৰাকীকে একো একোজন ভাল অসমীয়া কৰি গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰাতোহে উচিত । আমাৰ আপোন মাতৃভাষা, আমাৰ অসমৰ চিৰপ্ৰৱাহমান ঐতিহ্য, অসমীয়া সাহিত্য-সংস্কৃতিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে আজিৰ প্ৰতিগৰাকী পিতৃ-মাতৃৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ’ল নিজৰ সন্তানটিক যি মাধ্যমৰ বিদ্যালয়তে নপঢ়ুৱাওক, অন্তঃত ঘৰত থকা সময়খিনিত নিচেই সৰুৰ পৰা মাতৃভাষাত কথা পাতিবলৈ শিকোৱা, সমন্ধীয় মানুহখিনিক ‘আংকল’ ‘আন্টি’ জাতীয় ইংৰাজী শব্দৰ ঠাইত আমাৰ নিভাঁজ, আপোন শব্দবোৰৰে সন্মোধন কৰিবলৈ শিকোৱা আৰু সৰ্বোপৰি অসমীয়া সাহিত্য, সংস্কৃতি, গীত মাত আদিৰ চৰ্চা কৰিবলৈ ঘৰখনত এক সুস্থ-সবল পৰিৱেশ গঢ়াত মনোনিবেশ কৰা। সৰুৰে পৰা অসমীয়া কেঁচা মাটিৰ সুবাস থকা থলুৱা গীত মাত সমূহ চৰ্চা কৰিবলৈ, অসমৰ মহান মণিষীসকলৰ জীৱনী অধ্যয়ণ কৰিবলৈ, তেওঁলোকৰ চিন্তা, কৰ্ম আৰু আদৰ্শৰ জ্ঞান দিবলৈ, শিশু উপযোগী বিভিন্ন অসমীয়া গ্ৰন্থ, সাধু কিতাপ, কাকত-আলোচনী আদি অধ্যয়ণ কৰিবলৈ, নিজৰ ওপজা ঠাইখনৰ বিষয়ে জানিবলৈ যদি প্ৰতিগৰাকী শিশুক নিজৰ পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য জ্যেষ্ঠসকলে অনুপ্ৰাণিত কৰে, এক সুস্থ পৰিৱেশ দিয়ে, তেতিয়াহ’লে নিশ্চিতভাৱে শিশুটিৰ মন আৰু মগজুত অসম আৰু অসমীয়া জাতি মাটি, শিল্প-সাহিত্য, ঐতিহ্য সংস্কৃতিৰ প্ৰতি ভালপোৱা আৰু দায়বদ্ধতাৰ ভাৱ জাগৃত হ’ব। সি যি ধৰণৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তে নপঢ়ক কিয়, পৰৱৰ্তী কালত নিজৰ আপোন ভাষা সাহিত্য, কলা সংস্কৃতিৰ চৰ্চা কৰিবলৈ আগ্ৰহী হ’ব। গতিকে নিজৰ সন্তানৰ ভৱিষ্যত জীৱন সুন্দৰ কৰাৰ স্বাৰ্থত ইংৰাজী মাধ্যমত সন্তানক নামভৰ্তি কৰোৱা প্ৰতিগৰাকী পিতৃ-মাতৃয়ে যদি ঘৰত শিশুটিক শুদ্ধভাৱে অসমীয়াত কথা-বতৰা পতা আৰু সাহিত্য সংস্কৃতিৰ চৰ্চা কৰাৰ পৰিৱেশ সুদৃঢ় কৰি গঢ়ি তুলিব পাৰে, তেন্তে অসমীয়া সাহিত্য সংস্কৃতি সুস্থ সবল ৰূপত জগতসভাত জিলিকি থাকিব।

ভাষাৰ উপৰিও আজিৰ অসমীয়াই নিজৰ সন্তান সকলক নীতিশিক্ষা, শিষ্টাচাৰ, সৌজন্যতাবোধ আদিকে ধৰি সজ আচৰণবোৰৰ জ্ঞান দান কৰাটোত লাজ-লগাকৈ ব্যৰ্থ হৈছো। আমি সকলোৱেই দেখি আহিছো – ঘৰলৈ আলহি গ’লে আজিৰ অধিকাংশ শিশুৱে ওলাই আহি কিদৰে মাতবোল কৰিব লাগে, বহিবলৈ অনুৰোধ জনাব লাগে, জ্যেষ্ঠজনৰ প্ৰতি কেনে ভাৱে সন্মান প্ৰদৰ্শন কৰিব লাগে এই কথা একেবাৰে নাজানে। অৰ্থাৎ অভিভাৱকসকলে শিশু সকল ক এই সাধাৰন শিষ্টাচাৰ-ভদ্ৰতা খিনিও শিকোৱা দেখা নাযায়। একমাত্ৰ পৰীক্ষাত কিমান নম্বৰ পাইছে তাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়। আজিকালি তেনে ইংৰাজী মাধ্যমত পঢ়া শিশুৰ ঘৰলৈ গ’লে বহু মাক-দেউতাকে নিজৰ সন্তানৰ পৰীক্ষাৰ ফলাফল আৰু ইংৰাজী ভাষা দখলৰ কথা কৈ নিজৰ ফোপোলা স্বৰূপ প্ৰদৰ্শনৰে শুনোতা ৰ কাণ ঘোলা কৰাৰ উদাহৰণ নতুন কৈ দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। এইদৰেই ইংৰাজী ভাষাত ব্যুৎপত্তি দখল কৰাবলৈ গৈ নিজৰ সন্তানক নিজৰ মাতৃভাষা, ওপজাভূমিৰ জাতি-মাটি, ঐতিহ্য-সংস্কৃতি, কলা সাহিত্যৰ পৰা বিছিন্ন কৰাৰ বিকৃৎ মানসিকতাৰ বাবেই আমাৰ সমাজখন আৰু ভৱিষ্যৎ কৰ্ণধাৰস্বৰূপ তেওঁ লোকৰ সন্তানসকলক পংগু কৰি পেলাইছে। এই মানসিকতাৰ পৰিৱৰ্তন তেতিয়ালৈকে অসম্ভৱ, যেতিয়ালৈকে প্ৰতিগৰাকী অসমীয়াৰ মন মগজু আৰু অন্তৰৰ আঁহে কোঁহে তীব্ৰ জাতীয়তাবোধ আৰু স্বাভিমানৰ বীজবোৰ গজি নুঠিব।

ভাষা সাহিত্য যদিও এটা জাতিৰ মূল চালিকা শক্তি তথাপিতো জাতিটোৰ  সুস্থ ভৱিষ্যত আৰু সামাজিক অৰ্থনৈতিক বিকাশ নিৰ্ভৰ কৰে প্ৰতিগৰাকী লোকৰ  কৰ্মনিপুনতা, স্বাৱলম্বীতা আৰু দায়বদ্ধতাৰ ওপৰত। আজি আমি বজাৰৰ পৰা শাক-পাচঁলি মাছ-মাংসলৈকে সকলোখিনি কিনিছো সন্দেহজনক বুলি আখ্যা দিয়া লোক সকলৰ পৰা, নিত্য-ব্যৱহাৰ্য দাইল, পিয়াজ, আটা ময়দা আদি খাদ্যসামগ্ৰী, গৰুবিহুৰ বাবে পঘাদাল, মাখিয়তী গছৰ ঠালটো, বিহুৰ বিহুৱানখন, কাপোৰ কেইযোৰ কিনিছো তেনেধৰণৰ অনা-অসমীয়া ব্যৱসায়ীৰ পৰা, নিতৌ চুলি-দাড়ি খুৰাবলৈ বিহাৰি চেলুনলৈ গৈছো, ঘৰত সাধাৰণ ঘৰুৱা কাম-বন কৰাবলৈও হাজিৰা দি নিয়োগ কৰিছো কোনো সন্দেহজনক বিদেশী পুৰুষ  মহিলাক । আঘোণমহীয়া ধান দাবলৈ, শাওনৰ পথাৰত ধান ৰুবলৈ সেইসকল নহ’লেই নোহোৱাৰ নিচিনা। ৰিক্সা, থেলা আদি চলোৱা কেইজন অসমীয়া যুৱক আছে মুঠতে তেওঁলোক নহ’লে যেন আজি অসমীয়া অচল। অসমীয়া ডেকাই কাম কৰিবলৈ লাজ কৰে। যাৰ বাবে দিনকদিনে আমিয়েই এই সন্দেহজনক বিদেশী অথবা অনা-অসমীয়া  লোকসকলক বৰপীৰা পাৰি বহুৱাইছো। অসমীয়া ডেকাই আজি তিনিআলি-চাৰিআলিৰ দোকানৰ সন্মূখত চাধা-চিগাৰেট সেৱন কৰি, আদ্দা মাৰি ঘন্টাৰ পাছত ঘন্টা অপব্যয় কৰে,  অথচ ঘৰত নিজে হালখন বাই মাটি কেইদৰাত খেতি কৰিবলৈ, ঘৰৰ সন্মূখত চেলুন এখন খুলিবলৈ লাজ কৰে। দোকান এখন দি নিজৰ উপাৰ্জনৰ পথ মোকলাবলৈ মুঠেও আগ্ৰহী নহয়। মাত্ৰ নিজকে ‘বেকাৰ’ বুলি ভাগ্যক ধীয়াই  পুৱা-গধূলি চাৰিআলিৰ মূৰৰ দোকানত আদ্দা দি, পৰ-সমালোচনা কৰি, দিনৰ দিনটো মোবাইল পিতিকি থাকি নিজৰ জীৱনৰ বহুমূলীয়া সময়খিনি অপব্যয় কৰে। আজিৰ নিৱনুৱা বুলি ভাগ্যক ধীয়াই এনেদৰে দোকানৰ সন্মূখত আদ্দা মাৰি সময় নষ্ট কৰা ডেকাহঁতে যদি প্ৰত্যেকেই কাম কৰিম বুলি ওলাই আহি বিভিন্ন ব্যৱসায়, খেতি বাতি আদি কৰি, চেলুন খুলি নিজৰ ভৰিত নিজে থিয় দিয়ে, তেন্তে এইসকলে অসমত এনেদৰে দপ্-দপাবলৈ সাহ পাবনে আজি অসমীয়া ডেকাই পথাৰত হাল বাই, ধান ৰুই-কাটি, ঘৰৰ মাটিকেইদৰাত নিজে কৰা কবি, আলু, গাজৰ আদি শাক-পাচলি বজাৰলৈ নি বিক্ৰী কৰি, বিভিন্ন দোকান-ব্যৱসায় আৰম্ভ কৰি, চেলুন খুলি, ৰিক্সা, থেলা আদি চলাই, লাখ লাখ বিঘা গ্ৰেজিং বা চৰণীয়াভূমি সন্দেহজনক বিদেশীৰ কৱলৰ পৰা মুকলি কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক বাধ্য কৰিব পাৰিলে নিশ্চয় কৰ্মঠ আৰু স্বাৱলম্বী অসমীয়া জাতি হিচাপে আমি আগুৱাই গৈ এদিন বিশ্বদৰবাৰত মূৰ থিয় কৰি চিনাকি দিব পাৰিম।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ‘অসম সংগীত’ত লিখিছিল “আমি অসমীয়া নহও দূখীয়া কিহৰ দূখীয়া হ’ম …. সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গম।’’ সঁচা  আমাৰ মাতৃভূমি অসমত নাই কি  অতীতৰে পৰা অসম নিজস্ব মহিমাৰে উজ্জীৱিত এখন ৰাজ্য।  শংকৰদেৱ-মাধৱদেৱৰ  দৰে ধৰ্মসংস্কাৰক, সমাজ-সংস্কাৰক, জ্যোতি-বিষু্ণ, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মহান মনীষি, জয়মতী, কনকলতা, মুলাগাভৰুৰ দৰে ত্যাগী মহিলাৰ জন্মভূমি অসম। অসমত নাই কি ? প্ৰকৃতিৰ মনজুৰুৱা পৰিৱেশ, চৰাই-চিৰিকতিৰ সুললিত সুমধুৰ মাত, বিশ্বৰ বিৰল এশিঙীয়া গঁড়, মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পৰশৰে জীপাল সাৰুৱা ভূমিখণ্ড, ঐতিহাসিক সম্পদৰে পূৰ্ণ অসমৰ শোৰ্য-বীৰ্যৰ কাহিনী তাহানি দিনৰে পৰা পৃথিৱীৰ চৌদিশে প্ৰসাৰিত-প্ৰচাৰিত। কিন্তু আজি আমাৰ সন্তানসকলে নিজৰ জাতিটোৰ এনে বৰ্ণাঢ্য ইতিহাসৰ বিষয়ে জানেনে ? শংকৰদেৱ-মাধৱদেৱ, লাচিত-চিলাৰায়, জয়মতী-মূলাগাভৰু-কনকলতা, জ্যোতিপ্ৰসাদ-বিষু্ণৰাভাক প্ৰকৃতভাৱে চিনি পাইনে ? আমি কেতিয়াবা আমাৰ সন্তানক কৈ পাইছোনে এইসকল পুৰোধাৰ অৱদান, কৰ্মৰাজী, চিন্তা-আদৰ্শ, ত্যাগ আৰু বীৰত্বৰ কথা ? আমি আমাৰ উত্তৰপুৰুষ সকলক নিজৰ পৰিয়ালৰ পূৰ্বপুৰুষসকলৰ কৰ্মৰাজি, গাওঁখনৰ অতীত ইতিহাসৰ বিষয়ে কিবা জনাৰ সুবিধা দিছোনে ? তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গেছ-ক্ৰেকাৰ প্ৰকল্প, এন. আৰ. চি. প্ৰস্তুত আদি কিহৰ ফলশ্ৰুতিত হৈছে আমাৰ সন্তান সকলক জানিবলৈ দিছোনে ? আমি আমাৰ সন্তান সকলক অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভৱিষ্যত দিনত কিবা এটা কৰাৰ মানসিকতা গঢ় ল’বলৈ উদ্বুদ্ধ কৰিছোনে ? গাঁৱৰ ভাওনা ভাগত ভাও এটা ল’বলৈ, বছৰৰ বিহুটিত গাঁৱৰ চেমনীয়া-ডেকাহঁতৰ সৈতে হুচঁৰি জুৰিবলৈ, বিহু মাৰিবলৈ আমাৰ সন্তানসকলক উলিয়াই পঠাওনে ? অথচ তেওঁলোকে অধ্যয়ণ কৰা ইংৰাজী মাধ্যমৰ বা মিছনেৰী বিদ্যালয়সমূহত পালিত খ্ৰীষ্টমাছ বা অন্যান্য তেনেধৰণৰ অনা-অসমীয়া উৎসৱ পালন কৰিবলৈ আগ্ৰহৰে, স-গৌৰৱে উলিয়াই নিও। আজি আমি অসমীয়া লোক-সংস্কৃতিৰ সোঁণসেৰীয়া সম্পদসমূহ – বৰগীত, বনগীত, বিয়ানাম, আইনাম, ওজাপালি, ভাওনাৰ বচন, বিলাপ, পয়াৰ, মধ্যাৱলী, মুক্তাৱলী, জিকিৰ-জাৰি আদিৰ কিমান চৰ্চা কৰিছো ? আমি জাতীয় উৎসৱ বিহু উদ্যাপনৰ নামত দুই-তিনিমাহ পৰ্যন্ত যি কৰ্ম-কাণ্ড কৰি আহিছো, সেয়া কিহৰ পৰিচায়ক ? এই বোৰ নেতিবাচক কাম-কাজ, চিন্তা-চেতনা আৰু মানসিকতাই নিশ্চিতভাৱে জাতিটোৰ সামগ্ৰিক উত্তৰণত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে। এই প্ৰাচীৰ ভাঙিবৰ সময় সমাগত।

আজি আমাৰ জাতিটো যি জটিল সন্ধিক্ষণত উপনীত হৈছে, সেই  সন্ধিক্ষণ প্ৰত্যেকজন অসমীয়াই সৎ চিন্তা আৰু সৎ উদ্দেশ্যৰে সমুহীয়া পদক্ষেপ গ্ৰহণ কৰিলে নিশ্চয় আঁতৰ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। অসমৰ প্ৰতিগৰাকী উঠি অহা ল’ৰা-ছোৱালীৰ মাজত অসমীয়াৰ তেজে তেজে প্ৰবাহিত অতীত গৌৰৱৰ সমলবোৰ বিলাই দি অসমীয়াৰ স্বাভীমান আৰু জাতীয়তাবোধৰ বীজ সিঁচি নিজৰ জাতিটোক ভাল পাব পৰা, নিজৰ মাটি আৰু মানুহক ভাল পাব পৰাকৈ সৰুৰ পৰাই শিক্ষিত কৰি গঢ়ি তুলিব পাৰিলেই আমি জাতিটোক প্ৰকৃতভাৱে আগুৱাই নিবলৈ সক্ষম হ’ব পাৰিম।

মোবাইলঃ ৮৪৮৬৪-০০১৫৭