শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ভাৰতবৰ্ষত ব্যৱসায় বন্ধ কৰা সম্ভৱনা হোৱাটছএপৰ

ভাৰতবৰ্ষত ব্যৱসায় বন্ধ কৰা সম্ভৱনা হোৱাটছএপৰ

ডিজিটেল ডেস্কঃ ছ’চিয়েল মেছেঞ্জিং এপ হোৱাটছএপে ভাৰতত ব্যৱসায় বন্ধ কৰাৰ সম্ভাৱনা আছে।কোম্পানীটোৱে কেন্দ্রীয় চৰকাৰৰ পেমেন্ট সেৱাক লৈ বৈষমা কৰা বুলি অভিযোগ তুলিছে। অভিযোগ মতে, ভাৰত চৰকাৰে গুগল আৰু অন্য কোম্পানীৰ পেমেন্ট সেৱা বৃদ্ধি কৰাৰ বাবে চৰকাৰে এনে বৈষম্যৰ সৃষ্টি কৰিছে। ভুৱা প্ৰচাৰক লৈ হোৱাটছএপ আৰু চৰকাৰৰ মাজৰ বিবাদ দিনে দিনে বাঢ়ি গৈ আছে। চৰকাৰৰ ফালৰ পৰা হোৱাটছএপক কোৱা হৈছে যে কোম্পানীটোৱে ভুৱা প্ৰচাৰ বন্ধ কৰিবলৈ তেওঁলোকৰ প্ৰযুক্তিৰ সলনিকৰক, যাতে সেইসকল লোকক সহজে ধৰা পেলাব পাৰে। তেনে কৰাৰ পাছতহে হোৱাটছএপক কোম্পানীটোৱে পেমেন্ট সেৱা আৰম্ভ কৰাৰ অনুমতি দিব পাৰে। চৰকাৰে হোৱাটছএপক আৰু কৈছে যে কোম্পানীটোৱে ভাৰতত নিজৰ ছাৰ্ভাৰ স্থাপন কৰক। ভাৰতত আংশিকভাৱে ছাৰ্ভাৰ স্থাপন কৰাৰ বাবে হোৱাটছএপ সাজু হৈছিল।কিন্তুচৰকৰে সম্পূর্ণছাৰ্ভৰ স্থাপন কৰিবলৈ কৈছিল। হোৱাটুচ্ছ গ্রুপে ভাৰত চৰকাৰে জনাইছিল যে কোম্পানীটোৱে যিকোনো পৰা আহিছে, সেয়া কেতিয়াও ধৰিব নোৱাৰে। ইয়াৰ বাবে কোম্পানীটোৱে ইনক্রিপচন পলিচীৰ পৰিৱৰ্তন কৰিব লাগিব। কিন্তু এয়া সম্ভৱ নহয়। যদি কেন্দ্রীয় চৰকাৰে এই নিয়ম কার্যকৰী কৰাৰ বাবে চেষ্টা কৰে, তেনেহ’লে ভাৰতত কোম্পানীটোৱে ব্যৱসায় বন্ধ কৰিব লাগিব। উল্লেখ্য যে কিছুদিন আগতে হোৱাটছএপত ভুৱা খবৰ এটা প্ৰচাৰ হৈছিল, যাৰ বাবে বহু লোককতা কৰাৰ দৰে ঘটনা ঘটিছিল। এনে ভুৱা খবৰ ৰোধৰ বাবে চৰকাৰে হোৱাটচ্ছএপক সকীয়নি দিয়াৰ দৰে ঘটনাও ঘটিছে।