শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ইণ্ডিগ’ যাত্ৰীৰ বাবে সুখবৰ

ইণ্ডিগ’ যাত্ৰীৰ বাবে সুখবৰ

ডিজিটেল ডেস্কঃ দেশীয় বিমান সেৱা সংস্থা ইণ্ডিগ’ই ইয়াৰ যাত্ৰীসকলৰ বাবে আগবঢ়াইছে বিশেষ ৰেহাই আঁচনি৷ এই আঁচনিৰ আওতাত ইণ্ডিগ’ৰ বিমানযোগে যাত্ৰা কৰিব বিচৰাসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত টিকট বুক কৰিলে ১৫ শতাংশ ৰেহাই উপলব্ধ কৰিব পাৰিব৷ যাত্ৰীসকলে ইয়াৰ বাবে অহা ৩০ আগষ্টৰ ভিতৰত টিকট বুক কৰাটো হ’ব বাধ্যতামূলক৷ অহা ৮ চেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰৰ ভিতৰত যাত্ৰাকাল স্থিৰ কৰা যাত্ৰীৰ বাবে এই অফাৰ প্ৰযোজ্য হ’ব৷ সংস্থাটোৱে ইয়াৰ ৱানৱে ভাড়াত ১০ শতাংশ ৰেহাই আগবঢ়াইছে৷ ৰিটাৰ্ণ টিকটতহে ১৫ শতাংশ ৰেহাইহে প্ৰদান কৰা হৈছে৷