শেহতীয়া খবৰ
Home / Uncategorized / নিয়োগ বাৰ্তা / আই টি বি পিত চাকিৰ

আই টি বি পিত চাকিৰ

ইণ্ডো তিব্বেতান ব’ৰ্ডাৰ পুলিচ চমুকৈ আই টি বি পিত খালী হোৱা টেলিকম খণ্ডৰ বিভিন্ন পদৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলা উভয় প্ৰাৰ্থীয়ে এই পদত আবেদন কৰিব পাৰিব৷

মুঠ পদঃ ৪০৫ টা

১. উপ পৰিদৰ্শক – ১৭ টা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব৷

দৰমহা নিৰিখঃ ৩৫,৪০০ – ১,১২,৪০০ টকা লগতে অন্যান্য ভাত্তা৷

উপ পৰিদৰ্শক ১৭ টা পদৰ ভিতৰত ১৪ টা পুৰুষৰ বাবে আৰু ৩ টা মহিলা প্ৰাৰ্থীৰ বাবে৷

২. হেড কনিষ্টবল ১৫৫ টা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ৪৫ শতাংশ নম্বৰসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই ডিগ্ৰীধাৰী হ’ব লাগিব৷

দৰমহা নিৰিখঃ ২৫,৫০০ – ৮১,১০০ টকা লগতে অন্যান্য ভাত্তা৷

হেড কনিষ্টবলৰ ১৫৫ টা পদৰ ভিতৰত ১৩২ টা পুৰুষৰ বাবে আৰু ২৩ টা মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত৷

৩. কনিষ্টবল ২১৮ টা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ৪৫ শতাংশ নম্বৰসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই ডিগ্ৰীধাৰী হ’ব লাগিব৷

কনিষ্টবলৰ ২১৮ টা পদৰ ভিতৰত ১৮৫ টা পুৰুষৰ বাবে আৰু ৩৩ টা মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত৷

এই পদসমূহৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰাৰ সময়ত উপ-পৰিদৰ্শক পদৰ বাবে ২০০ টকা আৰু হেড কনিষ্টবল তথা কনিষ্টবল পদৰ বাবে ১০০ টকা মাচুল আদায় দিব লাগিব৷ অৱশ্যে অনুসূচিত জাতি, জনজাতি, মহিলা আৰু প্ৰাক্তন কৰ্মচাৰীয়ে আবেদন মাচুল দিব নালাগে৷

প্ৰাৰ্থীয়ে অহা ৩ আক্টোবৰৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব

লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ যোগেদি এই পদৰ উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ’ব৷ ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আৰু অনলাইন আবেদন কৰিবলৈ www.recruitment.itbpolice.nic.in  ৱেবচাইটত চাব পাৰে৷