শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ৰাজনৈতিক ক্ষমতাৰ দ্বন্দ্ব

ৰাজনৈতিক ক্ষমতাৰ দ্বন্দ্ব

✍ইয়াহইয়া আহমদ বৰভূঞা|

ৰাজনীতিৰ ইংৰাজী প্ৰতিশব্দ Politics. লেটিন শব্দ Politicos ৰ পৰা উৎপত্তি। Politicos শব্দৰ দ্বাৰা তৎকালীন গ্ৰীক নগৰ-ৰাষ্ট্ৰৰ নাগৰিক সম্বন্ধীয় বিষয়াদি বুজোৱা হৈছিল। নাগৰিক বা ব্যক্তি পৰ্য্যায়ত এজনে আনজনক প্ৰভাৱিত কৰাৰ চৰ্চাই হৈছে ৰাজনীতি। অৱশ্যে ৰাজনীতিৰ সংজ্ঞা অসংখ্য। সংকীৰ্ণ অৰ্থত ৰাজনীতি বুলিলে চৰকাৰৰ পদ-পদবী লাভ বা ক্ষমতা চৰ্চা বা অনুশীলন, প্ৰয়োগ তথা অপ-প্ৰয়োগ প্ৰভৃতিকেই বুজায়। ৰাজনীতিৰ মাধ্যমত ক্ষমতা অৰ্জনৰ লক্ষ্য হৈছে কোনো ব্যক্তি বা কোনো গোষ্ঠীক বা কোনো দলক অথবা এটা মানৱ সম্প্ৰদায়ক, সুনিৰ্দিষ্ট বাবে এখন ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰা। উল্লেখ যোগ্য যে কোনো ব্যক্তি বা দেশক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ ক্ষমতাৰ প্ৰয়োজন। গণতান্ত্ৰিক ব্যৱস্থাত সাৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচিত প্ৰতিনিধিৰ নিৰ্দিষ্ট সময়ৰ কাৰণে ৰাজনীতিৰ মাধ্যমত প্ৰাপ্ত হয় ক্ষমতা।

ৰাষ্ট্ৰ বিজ্ঞানৰ দীৰ্ঘ সমীক্ষাত দেখা যায়- যেতিয়া কোনো ৰজা, ৰাণী, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী অথবা কোনো প্ৰতিষ্ঠানে ৰাষ্ট্ৰৰ সাৰ্বিক ক্ষমতা প্ৰয়োগ কৰে তেতিয়া নাগৰিকৰ স্বাধীনতা বিপন্ন হয়। সাৰ্বিক ক্ষমতাই সাৰ্বিক ভাবেই ব্যক্তি, গোষ্ঠী বা প্ৰতিষ্ঠানক ক্ষমতাৰ মোহগ্ৰস্ত কৰি তোলে। তেনে এক সন্ধিক্ষণত শাসক আৰু নাগৰিকৰ মাজত সংঘাত, অনাস্থা বা বিশৃংখলতাই দেখা দিয়ে। ২০১৩ চনৰ ১৯ তাৰিখ। ৰাহুল গান্ধীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি দিয়া হল। সেই মৰ্মে ২০ তাৰিখ দলটোৰ উপ সভাপতি হিচাপে ভাষন প্ৰদান কৰিলে। ভাষণৰ আৰম্ভণিতেই তেওঁ কৈছিল- Last night each one of you congratulated me. My mother came to my room and she sat with me and she cried… Because she understands the power, So many people seek, is actually a poison. অৰ্থাৎ যোৱা ৰাতি আপোনাক প্ৰত্যেকে মোক অভিনন্দন জনাইছিল। মোৰ মা মোৰ কোঠালিত আহিছিল আৰু মোৰ কাষত বহি কান্দিছিল… কাৰণ তেওঁ যানে যে ক্ষমতা, যিটো ইমান মানুহে পাব বিচাৰে, আচলতে ই এক ধৰণৰ “বিষ”। তাৰ পিছত ৰাহুলৰ মন্তব্য- বন্ধুৰ দৰে যাৰ লগত এটা সময়ত বেডমিণ্টন খেলিছিলো সেই (শিখ) নিৰাপত্তাৰক্ষীৰ গুলীতেই মোৰ আইতাই (ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী) প্ৰাণ দিবলগীয়া হল। মোৰ পিতৃ (ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী) য়ে আত্মঘাতী (তামিল) বোমাক্ৰমনকাৰীৰ হাতত নিহত হয়। ৰাহুলৰ মন্তব্য আছিল যে – আমি সকলোৰ কাৰণে (ক্ষমতা নামৰ) এই বিষ’ৰ একমাত্ৰ প্ৰতিষেধক হৈছে- আচলতে এইটো কি সেয়া ভালকে অনুধাৱন কৰা আৰু ইয়াৰ মাজত বিলিন নোহোৱা। ক্ষমতা প্ৰাপ্তিৰ কাৰণে ইয়াৰ পিছে পিছে গুৰিফুৰা ঠিক নহয়। আমাৰ উচিত অন্য সকলো কণ্ঠক একত্ৰিত কৰা বা আনক ক্ষমতাবান কৰাৰ ক্ষেত্ৰত ইয়াৰ (ক্ষমতাৰ) ব্যৱহাৰ কৰা।

যিয়ে হওঁক, ৰাহুল গান্ধীৰ মাতৃ ছোনীয়া গান্ধীয়ে ঠিকেই বুজিব পাৰিছিল যে ক্ষমতা এই ধৰণৰ বিষ। এই বিষৰ অপপ্ৰয়োগে মানুহক মৃত্যুৰ ঘাটলৈ ঠেলি পঠিয়ায়। সেয়ে  আদৰ্শহীন ক্ষমতালিপ্সাৰ ৰাজনীতি বৰ্জন কৰি মানৱ সেৱাৰ ৰাজনীতিক প্ৰাধান্য দিয়াই উত্তম। কিন্তু সকলোকে আচৰিত কৰি যেতিয়া কোনো ব্যক্তিয়ে কেৱল ক্ষমতাৰ স্বাৰ্থত মানুহৰ মাজত বিভাজন সৃষ্টি কৰি হত্যা, নিৰ্যাতন, অপবাদেৰে নিৰ্বাচনী বৈতৰনী পাৰ কৰি কেৱল মিছা আৰু মিছা কথাৰে নাগৰিকক ব্যতিগ্ৰস্থ কৰি ক্ষমতাত অধিষ্ঠিত হয় তেতিয়া সৰ্বাধিক ক্ষতি হয় সাধাৰণ জনতাৰ লগতে দেশৰ পৰম্পৰা, নীতি-আদৰ্শৰ। দেশত সৃষ্টি হয় এক অৰাজক অৱস্থাৰ। অপ্ৰিয় সত্য যে- আমাৰ ভাৰতবৰ্ষত শেহতীয়াবাবে তেনে এক ক্ষমতা লিপ্সাৰ ৰাজনীতিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে। আমি আৰএচএচ, বিজেপি, বিৰোধী দলৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জ্ঞান সম্পন্ন প্ৰত্যেকজন ব্যক্তিয়ে জানো যে আধুনিক ভাৰতবৰ্ষত হিন্দুত্ববাদ, ৰামৰাজ্য প্ৰতিষ্ঠা, হিন্দু ধৰ্ম ৰক্ষা কৰাৰ যি শ্লোগাণ সেয়া আচলতে এটা ভণ্ডামী মাত্ৰ। আচল কথা হল- জনগণক ধৰ্মৰক্ষাৰ মিছা শ্লোগাণেৰে ৰাষ্ট্ৰ ক্ষমতা দখল কৰা, ক্ষমতাত তিষ্ঠি থকা অথবা নিজকে ক্ষমতাৰ মচনদত আসীন কৰাৰ পথ সুগম কৰাৰ হীন কৌশল মাত্ৰ। গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত ক্ষমতা প্ৰাপ্তিৰ কাৰণে সংখ্যাগৰিষ্ঠৰ সমৰ্থন বা ভোটৰ প্ৰয়োজন। এই সমৰ্থন বা ভোট আদায় কৰিবলৈ প্ৰয়োজন ৮০% হিন্দু মানুহক একত্ৰিত কৰা। এই একত্ৰিকৰণৰ সহজ উপায় হল ১৩% মুছলমানৰ ধৰ্মক সন্দেহ কৰা, তেওঁলোকৰ বিৰুদ্ধে ঘৃণা, বিদ্বেষ প্ৰচাৰ কৰা। ক্ষমতাত তিষ্ঠি থাকিবলৈ বা ক্ষমতা অৰ্জনৰ চিৰি হিচাপে হিন্দু ধৰ্ম হল তুৰুপৰ তাচ। কেৱল সেয়াই নহয়, মিত্তা প্ৰলোভন, ভুৱা প্ৰতিশ্ৰুতিৰ বন্যাত উঠিবাহি যোৱা সাধাৰণ শ্ৰমিক, দুখীয়া মানুহবোৰকো আমাৰ ৰাজনৈতিক নেতা সকলে ক্ষমতা লাভৰ চিৰি হিচাপে ব্যৱহাৰ কৰিব লৈছে।

অতি চমুকৈ যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ট বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি বা প্ৰলোভন আৰু নিৰ্বাচিত হোৱাৰ চাৰিবছৰ পিছৰ অৱস্থা বাখ্যা কৰিলে বিষয়টো স্পষ্ট হৈ পৰিব যে ক্ষমতাৰ কাৰণে এটা দল বা এজন ব্যক্তিয়ে সাধাৰণ জনতাক কিমান প্ৰলোভন আৰু লাঞ্চনা দিব পাৰে। লক্ষণীয় বাবে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰী ক্ষমতা দখলৰ লক্ষ্যৰে যি শ্লোগাণ দিছিল সেয়া আজি একো একোটা মহা প্ৰতাৰণা, ভুৱা প্ৰতিশ্ৰুতি হিচাপে প্ৰমাণিত হল। তেওঁ ৰাজহুৱা সভা বোৰত প্ৰায়ে ঘোষণা কৰিছিল- বিদেশত থকা ভাৰতৰ কলাধন ঘুৰাই আনিব, বছৰী ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিব, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিব, প্ৰতিজন ভাৰতীয়ক ১৫ লাখ কৈ টকা দান কৰিব, অবৈধ বিদেশীক বহিস্কাৰ কৰিব, ৰাম মন্দিৰ নিৰ্মান কৰিব, মূল্য বৃদ্ধি হ্ৰাস কৰিব আৰু ক’ত যে কি প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ আজি ৪ বছৰ পিছত যদি তেওঁৰ সেই ভাষনবাজীৰ ওপৰত পৰ্যালোচনা কৰা যায় তেনেহলে সম্পূৰ্ণ বিপৰীত ছবি এখনেই দেখিবলৈ পোৱা যায়। অতি সংক্ষিপ্ত বাবে মাত্ৰ কেইটামান শ্লোগাণৰ ওপৰত এটা আলোচনা কৰা যাওক।

বিদেশত থকা ভাৰতৰ কলাধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি : শাসনত আহিলে বিদেশত জমা হৈ থকা (প্ৰায় ২৭,৭২০০০ কোটি টকাৰ) কলাধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু নিৰ্বাচনৰ পিছত সেই ধন ঘুৰাই অনা দুৰৰ কথা যোৱা ৪ বছৰত বিদেশত জমা কৰি থকা এনে কলাধনৰ পৰিমান দ্বীগুণ হল। দেশৰ জনতাই অতি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰা ৭১৪ জন এনে মহান ব্যক্তিয়ে নিজৰ কলাধন সমুহ বিদেশত ৰাখিছে যি সকলক দেশৰ জনতাই জাতিৰ নায়ক বা মহানায়ক হিচাপে মৰ্যাদা দিয়ে। এই সকলৰ ভিতৰত ৰাজীৱ গান্ধী, ছোনীয়া গান্ধী, কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহা, চুপাৰ ষ্টাৰ অমিতাভ বচ্চন, ঐশ্যৰ্য ৰায় বচ্চন, শচীন পাইলট, পি চিদাম্বৰম আদি বৰেণ্য ব্যক্তি সকলৰ নাম প্ৰথমেই উল্লেখ কৰিব পাৰি। এক তথ্য মতে উক্ত বৃহৎ পৰিমাণৰ ধন ভাৰতত ঘুৰাই আনিব পাৰিলে ভাৰতৰ ১২১ কোটি মানুহে প্ৰায় ২৪ বছৰ লৈ বহি বহি খাব পাৰিব, নতুবা কমেও ৮০ হেজাৰ উচ্চস্তৰৰ চিকিৎসালয় স্থাপন কৰিব পাৰিব, ৭৯২০ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব পাৰিব, ১ লাখতকৈও অধিক উন্নত মানৰ স্কুল স্থাপন কৰিব পৰা যাব, ৩৪ বছৰ লৈকে ভাৰতৰ স্কুল, কলেজ, ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে প্ৰয়োজনীয় শিক্ষা খৰচ চলাব পৰা যাব।  মুঠতে উক্ত বৃহৎ পৰিমাণৰ ধন ভাৰতৰ প্ৰায় সৰহসংখ্যক মানুহে উভতাই অনাটো বিচাৰে। মোদী ডাঙৰীয়াই উক্ত টকা ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়াত দেশৰ জনতাই তেওঁকেই প্ৰধানমন্ত্ৰী পাতিলে। কিন্তু আজি তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ চাৰিবছৰ পিছতো উক্ত ধনৰাশী ঘুৰাই আনিবলৈ সক্ষম নহল।  বৰং কলাধন বিদেশত জমা থোৱাৰ পূৰ্বৰ অভিলেখ ভঙ্গ কৰি তেওঁৰ এই সময়চোৱাত দ্বিগুণ হে হল। এনে এক পৰিবেশত প্ৰধানমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতাক ঘাপ দিবলৈ কলাধন উদ্ধাৰ কৰাৰ নামত দেশত নোটবন্ধীৰ দৰে এক অদূৰদৰ্শী সিদ্ধান্ত ললে। এনে সিদ্ধান্তৰ ফলত শতাধিক লোকৰ প্ৰাণ গল। লক্ষাধিক শ্ৰমিকৰ চাকৰি গল, মানুহে নিজৰ ধন বেংকৰ পৰা উঠাবলৈ গৈ গোটেই দিন শাৰীপাতি থিয় হৈ থাকিব লগা হল। কিন্তু কলাধন বিচাৰি পোৱা নগল। কাৰণ আমি জনাত ভাৰতৰ মাত্ৰ ১ শতাংশ ব্যক্তিৰ হাতত আছে দেশৰ মুঠ সম্পত্তিৰ ৭৩ শতাংশ। মাত্ৰ ১০ শতাংশ লোকৰ হাতত আছে দেশৰ ৮০ শতাংশ আৰু এই ১ বা ১০ শতাংশ ব্যক্তিৰ ওপৰত নোটবন্ধীৰ কোনো ধৰনৰ প্ৰভাৱ পৰা নাই। প্ৰভাৱ পৰিছে ৯০ শতাংশ শ্ৰমিক, কৃষক বা সাধাৰণ নাগৰিকৰ ওপৰত। সম্পত্তিৰ অধিকাৰী এই ১ বা ১০ শতাংশ লোকে নোটবন্ধীৰ কথা আগতীয়াকৈ উমান পাইছিল বুলি অভিযোগ উত্থাপিত হৈছিল। তেওলোকে শাৰী পাতি থিয় হোৱা দেখা নগল। আনকি যি সময়ত সাধাৰণ নাগৰিকে বেংকৰ পৰা নিজৰ জমাৰখা ধনৰ পৰা 2/৪ হেজাৰৰ ওপৰত টকা উঠাব নোৱাৰাৰ নিয়ম কৰিছিল সেইসময়ত শাসনাধিষ্ঠিত বিজেপি দলৰ এজন আগশাৰীৰ নেতাই নিজৰ সন্তানৰ বিয়াৰ নামত কোটি কোটি টকা খৰচ কৰি পাৰিছিল। কলাধন উদ্ধাৰ কৰাৰ নামত এনে বৈষম্য  জনতাই প্ৰত্যক্ষ কৰিছিল। কিন্তু এনে বৈষম্য বা ত্যাগ সহ্য কৰিও ৰাইজে ক্ষমতাৰ লোভত দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ হোৱা দেখা নাপালে। দেশৰ অৰ্থনীতি কোঙা হৈ পৰা এনে এটা যটিল সময়ত চৰকাৰৰ উদাসীনতা বা ব্যৰ্থতাৰ ফলতেই দেখা গল বিজয় মালিয়া, ললিত মোদী, জিতেন মেহতা, নীৰৱ মোদী, মেহুল চোক্সি, ৰিতেশ জৈন, সুশীল মোদী, সঞ্জয় ভাণ্ডাৰী, নিশাল মোদীকে আদি কৰি ৩০ জনৰো অধিক ব্যক্তিয়ে ৰাজনৈতিক নেতা সকলৰ সহযোগত বেংকৰ পৰা কেবা হেজাৰ কোটি টকাৰ ঋণ লৈ, বিভিন্ন কেলেংকাৰী কৰি দেশৰ পৰা পলায়ন কৰিব পাৰিলে। বিজয় মালিয়াই – ৯০০০ কোটি, জিতেন মেহতাই – ৬৭১২ কোটি, নীৰৱ মোদীয়ে – ১১৩০০ কোটি, মেহুল চোক্সিয়ে – ১১৭ বিলিয়ন, শুসিল মোদীয়ে – ২০০০ কোটি… সেয়া ভাৰতীয় নাগৰিকৰ টকা। নৰেন্দ্ৰ মোদীৰ শাসন ক্ষমতাত দেশীয় জনতাৰ টকাৰে এইসকলে বিদেশত ৰাজকীয় জীৱন যাপন কৰিব পাৰিছে। তাৰ মাজতে বিদেশত পলায়ন কৰিব নোৱাৰা মহাৰাষ্ট্ৰৰ এজন বিজেপি বিধায়ক সুধীৰ গাডগিলৰ গাড়ীৰ পৰা ২০০০০ কোটি টকা কিছুদিন আগত উদ্ধাৰ হৈছে। লক্ষনীয়বাবে নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ আগত ভাৰতৰ মুঠ জাতীয় সম্পদৰ ৪৯ শতাংশ আছিল মাত্ৰ ১ শতাংশ ব্যক্তিৰ হাতত। কিন্তু তেওঁ ক্ষমতাত অহাৰ মাত্ৰ ৪ বছৰত এই ১ শতাংশ ব্যক্তিৰ হাতলৈ গুচিগল দেশৰ মুঠ জাতীয় সম্পত্তিৰ ৭৩ শতাংশ। আমাৰ দেশৰ এনে অভূতপূৰ্ব আৰ্থিক বৈষম্য বৃদ্ধিৰ মূল কাৰণ সমুহ বিশ্লেষণ কৰি “অক্সফাম” ৰ প্ৰতিবেদনত উল্লেখ কৰিছে এইবিলাকৰ অন্যতম কাৰণ হৈছে –  শ্ৰমিকৰ অধিকাৰৰ ওপৰত ক্ৰমবৰ্ধমান আক্ৰমণ, চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বৃহৎ পুঁজিপতি গোষ্ঠীবোৰৰ মাত্ৰাধিক প্ৰভাৱ আৰু সৰ্ব্বোচ্চ মুনাফাৰ বাবে কৰ্পৰেট গোষ্ঠীবোৰৰ নিৰন্তৰ অভিযান ইত্যাদি। মোদী চৰকাৰৰ যোৱা চাৰিটা বছৰত এই কাৰক সমুহ মাৰাত্মক বাবে প্ৰকট হৈ উঠিছে।

প্ৰতিবছৰ ২ কোটি নিবনুৱাক চাকৰিৰ প্ৰলোভন : ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাখনো ৰাজহুৱা সভাত প্ৰতিশ্ৰুতি দিছিল যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হলে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিব। প্ৰতিবছৰে প্ৰায় ৪০ লাখৰো অধিক নিবনুৱাৰ জন্ম দিয়া ভাৰতবৰ্ষৰ কেবাকোটি নিবনুৱাই সপোন দেখিছিল যে নৰেন্দ্ৰ মোদী ক্ষমতাত আহিলে বছৰি যদি ২ কোটিকৈ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰে দেশৰ প্ৰায় প্ৰত্যেকজন শিক্ষিত যোৱকে চৰকাৰী চাকৰি পাব আৰু দেশৰ নিবনুৱা সমস্যা নোহোৱা হব। যিহেতু নিবনুৱা সমস্যা ভাৰতৰ সবাতোকৈ ভয়ংকৰ সমস্যা। দেশৰ চৰকাৰী তথ্য মতে ২০১৬ চনত ২৪ হেজাৰ ৬০৪ টা খালি হোৱা পদৰ বিপৰীতে চৰকাৰে আবেদন বিচাৰিছিল যত প্ৰায় ১ কোটি ৫০ লাখ নিবনুৱাই আবেদন কৰিছিল। ২০১৭ চনত চৰকাৰে নামমাত্ৰ ২৫ হেজাৰ পদ সৃষ্টি কৰি তাৰ কাৰণে আবেদন বিচৰাত প্ৰায় ২ কোটি ৫০ লাখ নিবনুৱাই আবেদন কৰিছিল। আচৰিত কথা হল প্ৰধানমন্ত্ৰী হলে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰলোভন দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৬ চনত মাত্ৰ ১ লাখ ৫০ হেজাৰ  চাকৰিহে দিব পাৰিলে। International Labour Organization য়ে তেওঁলোকৰ World Employment Social Outlook Trends – 2018 ৰ তথ্য মতে ২০১৮ চনত ভাৰতত কেৱল পঞ্জীয়নভূক্ত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা ১ কোটি ৮৬ লাখ। ২০১৭ চনত এই সংখ্যা আছিল ১ কোটি ৭৭ লাখ। আন এক তথ্য মতে ২০১২ চনত দেশত নিবনুৱাৰ সংখ্যা ৩.৬ শতাংশৰ পৰা ২০১৪ চনত ৩.৪ শতাংশ লৈ কমি আহিছিল যদিও ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত এই সংখ্যা ২০১৫ চনত ৩.৫ শতাংশলৈ বৃদ্ধি হৈছিল। আৰু বৰ্তমান লৈকে এই বৃদ্ধিৰ হাৰ অব্যাহত আছে।

ঠিক সেইদৰে ক্ষমতা দখলৰ দ্বন্ধত নিবনুৱা সকলকলৈ ৰাজনীতি কৰা আমাৰ অসমৰ বিজেপি চৰকাৰ খনেও ২৫ হেজাৰ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰলোভন দিয়াৰ আজি প্ৰায় ২ বছৰ পিছতো নিবনুৱা সকলে নাপালে কৰ্মসংস্থাপন, চৰকাৰী চাকৰি। তেওঁলোকে ৰাজ্যৰ সকলো নিবনুৱাকেই কৰ্মসংস্থাপন দি নিবনুৱা সমস্যা নাইকিয়া কৰিব বুলি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আজি প্ৰলোভন বুলিয়েই প্ৰমাণিত হল। ২০১৮  চনত ছেপ্টেম্বৰ মাহৰ বিধান সভা অধিবেশনত দাখিল কৰা এক চৰকাৰী তথ্য মতে ৰাজ্যখনত ২০,১৯,০৬২ জন পঞ্জীয়নভূক্ত নিবনুৱা আছে।

মুঠতে বছৰি ২ কোটি যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে দিছিল সেয়া আছিল ৰাইজক আভূৱা-ভাৰ প্ৰলোভন মাত্ৰ। বৰং তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নোটবন্ধীৰ নামত যি টোগলকী কাণ্ড কৰিলে তাৰ ফলত বিভিন্ন ব্যক্তিগত খণ্ডৰ পৰা লক্ষাধিক যুৱক যুৱতীৰ চাকৰি হেৰুৱাইছিল।

নাৰী সুৰক্ষাৰ শ্লোগাণ :  নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্যতম এটা আকৰ্ষণীয় শ্লোগাণ আছিল- “বেটি বচাও, বেটি পঢ়াও” অৰ্থাৎ মহিলা বা ছোৱালীক সুৰক্ষা দিয়া আৰু শিক্ষিত কৰা। এই শ্লোগাণে দেশৰ মহিলা সকলৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছিল। নাৰী সকলে ভাবিছিল নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত তেওঁলোক উপযুক্ত সন্মান, অধিকাৰ সহ জীয়াই থাকিবলৈ সক্ষম হব। পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰবোৰৰ দিনত তেওঁলোকে আশানুৰূপবাবে সন্মান আৰু মৰ্যাদা নোপোৱাৰ পৰিপেক্ষিতত নৰেন্দ্ৰ মোদীৰ শ্লোগাণত বিভোৰ হৈছিল।

কিন্তু যেতিয়া সমগ্র দেশৰ লগতে বিশেষকে বিজেপি শাসিত ৰাজ্যবোৰৰ নাৰীৰ ওপৰত যি নিৰ্যাতন, ধৰ্ষণ, হত্যাৰ দৰে ঘটনা পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি এক নতুন উদ্দমেৰে আৰম্ভ হল তেতিয়া দেশৰ মহিলা সকলৰ লগতে সৰ্বসাধাৰণ জনতাই ৰাজপথলৈ উলাই আহিবলৈ বাধ্য হল। তেনে এটা সময়ত সকলোকে আচৰিত কৰি শাসনাধিষ্ট বিজেপি দলৰ একাংশ আগশাৰীৰ নেতৃত্বই ধৰ্ষণকাৰী সকলৰ পক্ষলৈ সমগ্ৰ নাৰী সমাজকেই অপমান কৰিলে। উত্তৰ প্ৰদেশৰ উন্নাও, জম্মু কাশ্মীৰৰ কাঠুৱাত সংগঠিত ঘটনাই তাৰ উদাহৰণ। যোৱা বছৰ জুলাই মাহত উন্নাও ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এজনী ১৭ বছৰৰ কিশোৰীক বিজেপি শাসিত ৰাজ্য খনৰ এজন বিধায়ক কুলদিপ সিং আৰু তেওঁৰ ভাতৃৰ নেতৃত্বত দলবদ্ধ ধৰ্ষণ সংগঠিত হল। এই কাণ্ডটো এই কাৰণেই অতি গুৰুত্বপূৰ্ণ যে – ৰাজ্য খনত ক্ষমতাত থকা বিজেপি দলৰ বিধায়ক জনৰ বিৰুদ্ধে ধৰ্ষীতাই থানাত অভিযোগ দিবলৈ যোৱাৰ পিছত থানায়ো বিধায়ক জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। নাৰী সুৰক্ষাৰ শ্লোগাণেৰে মহিলাক আকৰ্ষিত কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ধৰ্ষণকাৰী জন বিজেপি বিধায়ক হোৱা কাৰণে থানাই এফ আই আৰ গ্ৰহণ নকৰা কাণ্ডই “বেটি বচাও” শ্লোগাণটো যে এটা ভুৱা শ্লোগাণ আছিল তাকেই উন্মোচন কৰিলে। ধৰ্ষীতাজনীয়ে উপায়ান্তৰ হৈ মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হল কিন্তু কতো ন্যায় নাপালে। বৰং অভিযোগ প্ৰত্যাহাৰ আৰু মুখবন্ধ কৰিবলৈ ধৰ্ষীতা কিশোৰী আৰু তাইৰ পৰিয়ালৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হল। ফলত কিশোৰী জনীয়ে নিজৰ ঘৰ বাৰী এৰি পৰিয়াল সহ দিল্লী লৈ পলায়ন কৰিবলৈ বাধ্য হয়। দীৰ্ঘ দিন দিল্লীত থকাৰ পিছত পুনৰ নিজ ঘৰলৈ উভতাৰ পিছদিনাই বিজেপি বিধায়ক জনৰ ভাতৃৰ নেতৃত্বত কিছুমান গুণ্ডাবাহীনীয়ে কিশোৰী জনীৰ পিতৃক পাৰ্শৱিকবাবে কৰিলে। পুলিচে আক্ৰমণকাৰী সকলক গ্ৰেপ্তাৰ নকৰি নিৰীহ পিতৃ জনকহে গ্ৰেপ্তাৰ কৰিলে। এইবাৰ ধৰ্ষীতা কিশোৰী গৰাকীয়ে আকৌ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি গল। কিন্তু মুখ্যমন্ত্ৰীৰ সুৰক্ষা বাহিনীয়ে তাইক বাধা প্ৰদান কৰিলে। উপায়ান্তৰ হৈ তাই মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত আত্মহত্যাৰ চেষ্টা কৰিলে তেতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহৈ। দুৰ্ভাগ্যৰ কথা ইয়াৰ মাজতেই কিশোৰী গৰাকীৰ পিতৃৰ পুলিচৰ লকাপতেই মৃত্যু হল। লজ্জানত কৰা এনে ঘটনাৰ বিৰুদ্ধে জাঙুৰখাই উঠিল সমগ্ৰ দেশখন। দেশৰ সৰ্বত্ৰ ধিক্কাৰ আৰু প্ৰতিবাদ আৰম্ভ হোৱাত প্ৰায় বছৰ দিন পিছত বিজেপি চৰকাৰে বাধ্য হৈ বিধায়ক জনক গ্ৰেপ্তাৰ কৰে। এনে ঘটনা স্বাধীন ভাৰতৰ ইতিহাসত বিৰল। ধৰ্ষণকাৰী বিধায়ক জনৰ পক্ষত উত্তৰ প্ৰদেশৰ চৰকাৰৰ প্ৰাথমিক অৱস্থান, প্ৰশাসনৰ নিৰ্লিপ্ততা, এফ আই আৰ দিয়াৰ অপৰাধত ধৰ্ষীতা কিশোৰীৰ পিতৃৰ আৰক্ষী থানাত মৃত্যু, মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত গৈ আত্মহত্যাৰ চেষ্টা অবিহনে ধৰ্ষীতাই ন্যায় নোপোৱা আদি ঘটনাই নৰেন্দ্ৰ মোদী চৰকাৰৰ ব্যৰ্থতা আৰু নিৰ্বাচনৰ পূৰ্বে দিয়া নাৰী সুৰক্ষাৰ শ্লোগাণ যে ক্ষমতা লাভৰ স্বাৰ্থত দিয়া এটা মিত্যা শ্লোগাণ আছিল তাকে প্ৰমাণ কৰিলে।

কাশ্মীৰৰ কাঠুয়াৰ ঘটনা আৰু ভয়ংকৰ, মৰ্মান্তদ। মাত্ৰ ৮ বছৰৰ এটা সৰু শিশুক মন্দিৰৰ ভিতৰত ৮ দিনলৈকে গনধৰ্ষণ তাৰ পিছত হত্যা। মন্দিৰৰ পূজাৰী, পুলিচ বিষয়া সহ আৰু কেবাজনো পাশণ্ড জড়িত এই কাণ্ডৰ লগত। তথাপি এইখিনি লৈকে এটা স্বাভাৱিক ঘটনা বুলি ধৰিলোৱা হয় যদিও ধৰ্ষণকাৰী সকলৰ ৬ জনক পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ সমৰ্থনত যেতিয়া বিজেপিৰ দুজনকৈ মন্ত্ৰী, বিধায়ক, বিজেপি সমৰ্থীত আইনজীৱী সকলে “হিন্দু একতা মঞ্চ” নাম দি ধৰ্ষণকাৰী সকলৰ মুক্তিৰ দাবীত আন্দোলন আৰম্ভ কৰে তেতিয়া ই এটা অস্বাভাৱিক ঘটনালৈ ৰূপান্তৰ হল। পূৰ্বে কেতিয়াও এনে ঘটনা সংগঠিত নোহোৱা ভাৰতবৰ্ষৰ ইতিহাসত ই এটা কলংকিত অধ্যায় হল। ধৰ্ষণকাৰীৰ পক্ষত ভাৰতৰ জাতীয় পতাকা খনকো ব্যৱহাৰ আৰু অপমান কৰা হল। সমগ্ৰ বিশ্বত এই কাণ্ডৰ প্ৰতিবাদ কৰা হল। লণ্ডনত নৰেন্দ্ৰ মোদীক কলা পতাকা প্ৰদৰ্শন কৰা হল। বিভিন্ন দেশৰ পৰা প্ৰধানমন্ত্ৰীক ধিক্কাৰ দিয়া হল। কিন্তু তাৰ পিছতো বিজেপি শাসিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী য্যোগী আধিত্য নাথে সাংবাদিকৰ আগত বিজেপিৰ চৰিত্ৰ উন্মোচন কৰি কব পাৰিলে – আমি “গো” মাতাক ৰক্ষা কৰিবলৈ শাসনত আহিছো, কোনো মহিলাক দিবলৈ নহয়।” এনে নিৰ্লজ্জ, বিবেকহীন, মূল্যবোধহীন ৰাজনৈতিক দৃষ্টিভংগী দেশৰ ইতিহাসত আক্ষৰিক অৰ্থতেই নজিৰবিহীন।

ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা এই দুটাই নহয়। নিতৌ এনে ধৰ্ষনজনিত ঘটনা সংগঠিত হৈ আছে ভাৰতত। National Crime Records Bureau ৰ তথ্য মতে ২০০৬ চনৰ পৰা ২০১২ চনৰ ভিতৰত ভাৰতত ধৰ্ষণৰ দৰে ঘটনাই ব্যাপক ৰূপ লোৱা নাছিল। কিন্তু ২০১২ চনৰ পিছৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে এনে কাণ্ড। ২০১২ চনত দেশ খনত প্ৰায় ২৫ হেজাৰ নাৰী ধৰ্ষীতা হোৱাৰ বিপৰীতে ২০১৩ চনত ৩৫ হেজাৰ নাৰী ধৰ্ষীতা হয়। আৰু  ২০১৬ চনত প্ৰায় ৪০ হেজাৰ নাৰী ধৰ্ষীতা হয়। ইয়াত বিচাৰ্য্য বিষয়টো হল ২০১৫ চনৰ পৰা ২০১৬ চনৰ ভিতৰত দেশত শিশু ধৰ্ষণৰ সংখ্যা ৮২% লৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য মতে দেশত প্ৰতি ২০ মিনিটত এজনী নাৰী ধৰ্ষীতা হয়। দেশত প্ৰথমবাৰৰ বাবে এনে ব্যাপক হাৰত ধৰ্ষনৰদৰে ঘটনা সংগঠিত হবলৈ ধৰিছে। লক্ষ্য কৰিলে দেখা যায় দেশত বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা বৃদ্ধিৰ হাৰ এনে অভাৱনীয় হৈছে। কলিকতাৰ পৰা প্ৰকাশিত “গণ শক্তি” নামৰ দৈনিক কাকত খনত ২০১৮ চনৰ ১৮ এপ্ৰিলত “ঈশিতা মূখাৰ্জী”য়ে তেখেতৰ “দেশটা যখন নরক” নিবন্ধটোত লিখিছে – ” কিছুদিন আগে আমরা জানতে পারলাম যে ধর্ষনের দায়ে অভিযুক্তদের বড় অংশই জনপ্রতিনিধি বিজেপির এবং এ বিষয়ে দ্বিতীয় স্থানে রয়েছে শিবসেনা এবং তৃতীয় স্থানে তৃনমূল কংগ্রেস। তেওঁ নিবন্ধটোত এই বুলও লিখিছে যে – “এদের নেতা সাবারকার, যিনি বৃটিশ শাসকদের কাছে মুচলেকা দিয়েছিলেন। ভারতের ইতিহাস সম্পর্কে একটি বই লেখেন। এই বইয়ের একটি লাইন : ‘ কি? শত্রু পক্ষের মহিলাদের অপহরণ এবং ধর্ষণ অধর্মের কাজ? এতো পরম ধর্ম। ‘‘কি নারকীয় মন্তব্য! এই নরক তৈরির কাজে নেমেছে বর্তমান আর এছ এছ, বিজেপি সরকার।”

ভোটাৰক প্ৰলোভন : ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ যত আজি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে বিশ্বৰ মুঠ দৰিদ্ৰ জনসংখ্যাৰ প্ৰায় ৩৩ শতাংশ লোকে। কিন্তু ১৯৮১ চনত বিশ্বৰ ২২ শতাংশ দৰিদ্ৰ লোকে বাস কৰিছিল। বিশ্ববেংকৰ এক প্ৰতিবেদন মতে ২০১০ চনত ভাৰতত ৪০ কোটিৰো অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। চৰকাৰী হিচাপ মতে ভাৰতত ৩৬ কোটি ৩০ লাখ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে যিটো দেশৰ মুঠ জন সংখ্যাৰ ২৯ শতাংশ। কিন্তু বিশ্ববেংকৰ তথ্য অনুসৰি ভাৰতৰ ৪০ কোটিৰো অধিক অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ লোক দৰিদ্ৰ। ইয়াৰ ভিতৰত অতি দৰিদ্ৰ যি সকলে এখাজ ভালকে খাব নোৱাৰে তেনে লোকৰ সংখ্যা – ৭ কোটি ৩০ লাখ। আৰু এই দৰিদ্ৰতা ভাৰতৰ বিশেষকে উত্তৰ প্ৰদেশ, বিহাৰ, অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যত সৰ্বাধিক হাৰত দেখা যায়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এক গবেষণা প্ৰতিবেদনত উত্তৰ পূব ভাৰতৰ বিহাৰ ৰাজ্য খন দক্ষিণ এচিয়াৰ ভিতৰত সৰ্বাধিক দৰিদ্ৰ ৰাজ্যৰ তালিকাত দেখা যায় যত ৰাজ্য খনৰ মুঠ জনসংখ্যাৰ ৫৩.৫ শতাংশ লোকেই দৰিদ্ৰ। তাৰ পিছত যথাক্ৰমে ছত্তিশগড়ত – ৪৮.৭ শতাংশ, মণিপুৰত – ৪৭.১ শতাংশ, ঝাৰখণ্ডত – ৩৯.১ শতাংশ, অসম -৩৭.৯ শতাংশ, উত্তৰ প্ৰদেশত – ৩৭.৭ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। বিশ্ববেংকৰ সংজ্ঞা মতে – দৈনিক ১.৯০ ডলাৰ (১৪৮ টকা) ত কৈ কম উপাৰ্জন কৰা সকলেই দৰিদ্ৰ।

এতিয়া আলোচ্য বিষয়টো হল এই দৰিদ্ৰ মানুহবোৰ কিমান আবেগিক হব পাৰে। নিজৰ কাৰণে, সন্তানৰ কাৰণে, পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে জীৱনত একো কৰিব নোৱাৰা এজন দৰিদ্ৰ, ক্লান্ত, ভূমিহীন, গৃহহীন শ্ৰমিকক যেতিয়া কোৱা হব – তোমাৰ ভোটটো মোক দিয়া মই তোমাক ১৫ লাখ টকা দিম তেতিয়া নিজৰ প্ৰাণটো দিবলৈ প্ৰস্তুত থকা দৰিদ্ৰতাত ভাৰাক্ৰান্ত ব্যক্তি জনে নিজৰ কাৰণে তেনেই সাধাৰণ বুলি বিবেচিত ভোট এটা যাকে তাকে দিবলৈ প্ৰস্তুত হব। সেয়াই হল যোৱা লোকসভা নিৰ্বাচনত। ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক্ষমতা দখলৰ যুজত অৱতীৰ্ণ হৈ দেশৰ দৰিদ্ৰ জনতাক যি প্ৰলোভন দিছিল সেয়া আছিল – আমি চৰকাৰ কৰিলে প্ৰতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ টকা সোমাব। দেশৰ ৪০ কোটিৰো অধিক দৰিদ্ৰ জনতাৰ সন্মুখত অসমৰ ৩২ লাখ ৫৫ হেজাৰ ভূমিহীন লোকৰ সন্মুখত ইয়াতকৈ ডাঙৰ প্ৰলোভন আৰু কি হব পাৰে। ক্ষমতা লাভৰ স্বাৰ্থত সাধাৰণ দৰিদ্ৰ, দুখীয়া জনতাকো এনে প্ৰলোভনেৰে প্ৰতাৰণা কৰা নেতা ভাৰতৰ ইতিহাসত বিৰল। আশ্চৰ্যৰ কথা হল- ভাৰতৰ সৰ্বাধিক দৰিদ্ৰ লোকে বাসকৰা ৰাজ্য সমূহত আজি বিজেপিৰেই চৰকাৰ। নৰেন্দ্ৰ মোদীকে আদি কৰি একাংশ নেতাৰ এনে প্ৰলোভন প্ৰভাৱিত দৰিদ্ৰ জনতাই কিন্তু আজিও নাপালে এক টকা এটা।

কেৱল সেয়াই নহয়। প্ৰলোভনৰ ৰাজনীতিত আৰু তললৈ নামি অহাৰ উদাহৰণো পোৱা গল যোৱা নিৰ্বাচনত। বিজেপিৰ এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হলে মুছলমান ভোটাৰক উন্নত মানৰ গৰু মাংস যোগান ধৰাৰ প্ৰলোভন দিয়া দেখা গল। যি সময়ত সমগ্র ভাৰতবৰ্ষত একাংশ বিজেপি কৰ্মী, সমৰ্থকে (আৰ এছ এছ, গো ৰক্ষা বাহিনী) গো হত্যা বন্ধ কৰাৰ নামত উত্তপ্ত কৰি ৰাখিছে, কেবাজনো মুছলমানক নিৰ্মমবাবে হত্যা কৰিছে, গো মাংস খোৱাৰ অপৰাধত মুছলিম মহিলাক দিন দোপৰতে চলন্ত ৰেলত একাংশ গো পুত্ৰই ধৰ্ষণ কৰিছে, সেই সকলৰ পছন্দৰ ব্যক্তি কেৰেলাৰ মালাপুৰম সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা এক উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী শ্ৰীপ্ৰকাশে মুছলিম ভোটাৰক এই প্ৰলোভন দিছিল। ধৰ্মনিৰপেক্ষ দেশখনত এই ধৰণৰ প্ৰলোভন কাহানিও দেখিবলৈ পোৱা নাযায়।

২০১৬ চনৰ তামিলনাডুৰ ৰাজনীতিত খলকনি সৃষ্টি কৰা আন এটা ঘটনা আছিল – ডি এম ডি কে দলৰ প্ৰতিষ্ঠাপক জয়কান্তৰ পত্নী তথা দলটোৰ মহিলা গোটৰ নেত্ৰী প্ৰেমলতাই প্ৰত্যেকজন ভোটাৰক নগদ ১ লাখকৈ টকা দিয়াৰ প্ৰলোভন দিছিল। অৱশ্যে তেখেতৰ ওপৰত এনে প্ৰলোভনৰ অভিযোগত নিৰ্বাচন আয়োগে গোচৰ ৰুজু কৰিছিল যদিও অতি পৰিকল্পিত আৰু ধুৰন্ধৰ কৌশলেৰে ভাৰতৰ প্ৰতিজন ভোটাৰক ১৫ লাখকৈ টকা দিয়াৰ প্ৰলোভন দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা লোৱাৰ সুযোগ নাপালে। আৰু ভাৰতৰ ভোটাৰেও ১৫ লাখকৈ টকাৰ বৰঙনি একাউণ্টত নাপালে।

মুঠতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ নকৰি প্ৰমাণ কৰি দিলে যে ক্ষমতা লাভৰ স্বাৰ্থত তেওঁ দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আছিল ভুৱা, মিত্তা প্ৰতাৰণা। আমাৰ অসমৰ ক্ষেত্ৰত সৰ্ববৃহৎ প্ৰলোভনটো আছিল যে  – নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনাৰ পৰা অসমৰ পৰা বিদেশীয়ে বান্ধিব লাগিব টালি টোপোলা। এৰিব লাগিব অসম ভূমি। কিন্তু সেয়াও প্ৰতাৰণা বুলিয়েই প্ৰমাণ হল। বৰং নিৰ্বাচন জিকাৰ পিছৰ পৰা অসমত ধৰ্মৰ নামত বিদেশীক আনি সংস্থাপন আৰু নাগৰিকত্ব দিবলৈ দেশৰ সংবিধান খনকো সংশোধন কৰিবলৈ চেষ্টা চলোৱা কাৰ্য্যই অসমৰ ৰাইজৰ ধৈৰ্য্যচ্যুত কৰিছিল। নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰা মোদীয়ে ক্ষমতালৈ অহাৰ পিছত প্ৰায় প্ৰতিটো বস্তুৰ মূল্য পূৰ্বতকৈ দ্বীগুণ কৰিলে। কংগ্ৰেছৰ দিনত তেওঁ GST ৰ বিৰোধিতা কৰিলে কিন্তু ক্ষমতালৈ অহাৰ পিছত  GST বলবৎ কৰিলে। যত মানুহে কাপোৰ এযোৰ কিনিব গলে ১০০ টকাত ২৮ টকা চৰকাৰক দিব লাগে। নিৰ্বাচনৰ পূৰ্বে দিয়া ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰলোভন দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন্দিৰ নিৰ্মানৰ নামত এখন ইটা আজিলৈকে ব্যৱহাৰ কৰি দেখুৱাব নোৱাৰিলে। দেশৰ ৮০ শতাংশ হিন্দু মানুহৰ আবেগ অনুভূতিক লৈও খেলিব পৰা এনে ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ ক্ষমতাৰ লোভ ৰাইজে অনুধাৱন কৰিব নোৱাৰিলে দেশ ৰসাতলে যাব।

ফোনঃ ৮৭২৪৮৭১২৮৭