শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু তথ্য-বিভ্ৰাট

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু তথ্য-বিভ্ৰাট

✍আতৰ আলী চৌধুৰী

বহু আকাংক্ষিত আৰু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা আমাৰ মাজলৈ আহিল। তাৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ক অশেষ ধন্যবাদ। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু নীতি-নিৰ্দেশনাত হোৱা বাবে নাগৰিকপঞ্জীখনে আমাৰ মাজত আহি উপস্থিত হোৱাৰ সুযোগ পাইছে, নহ’লে হয়তো ৰাজনীতিৰ ৰণুৱা ঘোঁৰাৰ পিঠিত বহি কেৱল দৌৰি থাকিলহেঁতেন- নিৰস্ত্ৰ সৈনিকৰ দৰে। নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাদেৱকো ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ বহু কষ্ট স্বীকাৰ কৰি বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি খচৰাখন আমাক দিব পাৰিছে। কিন্তু প্ৰথমখন খচৰাত যেতিয়া প্ৰতিটো পৰিয়ালৰ মাত্ৰ ১-২ জনকৈ নাম সন্নিৱিষ্ট হৈছিল, তাৰ পিছত তেওঁ নিয়মীয়া দূৰদৰ্শনৰ জৰিয়তে দেশবাসীক জনাইছিল যে এইখন প্ৰথমখন খচৰা। এতিয়া পৰৱৰ্তী খচৰাত ১৯৭১ চনৰ ৩১ মাৰ্চৰ আগৰ কোনো ভাৰতীয় মানুহৰ নাম বাদ নপৰে, কিন্তু তাৰ পিছৰ কোনো মানুহৰ নাম সন্নিৱিষ্ট নহ’ব। আমাৰো একে কথা- ১৯৭১ চনৰ পিছৰ কোনো মুছলমান হওক বা হিন্দু হওক, সেইসকলৰ নাম আহিব নালাগে। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়। অসমৰ খিলঞ্জীয়া হিন্দু-মুছলমানে নাগৰিকপঞ্জীত স্থান পাব লাগে। কিন্তু বৰ দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা যে আমি নগণ্য মানুহৰ কথা বাদ দিলো, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ সদস্যই দূৰদৰ্শনত জনোৱা মতে তেওঁলোকৰ নাম নাগৰিকপঞ্জীত নাই। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ নামো নাই। নাগৰিকপঞ্জীত নাম নথকা এনে অসংখ্য পৰিয়াল আছে। ৬২ বছৰ বয়সৰ মহিলা- যাৰ ল’ৰাৰ বয়স ৪২ বছৰ, কিন্তু ল’ৰা আৰু নাতি-পুতিৰ নাম আহিল, কিন্তু তেওঁ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ দিয়াৰ বাবে তেওঁৰ নাম অহা নাই। অথচ ল’ৰাৰ নামৰ সোঁফালে মাকৰ নামো লিখা আছে। বৃদ্ধ বয়সত ল’ৰা স্বদেশী আৰু মাক বিদেশী– হাঁহি উঠা কথা, নাভূত-নাশ্ৰুত ঘটনা। মই গাঁও অঞ্চলৰ প্ৰায় পৰিয়ালৰ মহিলাৰ ক্ষেত্ৰত লক্ষ্য কৰিছো, যিসকল মহিলাৰ বয়স ৪০/৪৫ বছৰ বয়সৰ ঊধৰ্বৰ আৰু পঞ্চায়ত নথি জমা দিছে, সেইসকল মহিলাৰ বেছিভাগৰেই নাম অহা নাই। চৰকাৰী জাননী মতে বিবাহিত মহিলাই চাৰ্কোল অফিচাৰৰ চহীযুক্ত পঞ্চায়ত নথি জমা দিব লাগে, কাৰণ বিয়াৰ পিছত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হওঁতে স্বামীৰ নাম দিয়া হয়- পিতৃৰ নাম নাহে। কিন্তু বৰ্তমান সময়ত কাৰ্যতঃ দেখা গ’ল- পঞ্চায়ত নথিখন যেন গ্ৰাহ্যৰ সীমাৰ বাহিৰত। বিশেষ উল্লেখ্য যে গাঁৱলীয়া মুছলমান মহিলাৰ ক্ষেত্ৰত ৬০ বা ৭০ৰ দশকত কোনো ছোৱালীক স্কুললৈ যাবলৈ দিয়া হোৱা নাছিল। সেইবাবে এনে সময়ত মহিলাৰ কোনো বিদ্যালয়ৰ প্ৰমাণ-পত্ৰও নাই। তদুপৰি সেই সময়ত বিয়াৰ ৰেজিষ্টাৰী কাবিনো নাছিল আৰু জন্মৰ প্ৰমাণ-পত্ৰতো নাছিলেই। এতিয়া দ্বিতীয়খন খচৰা মৰ্মে এইসকল মহিলাক বলিৰ পঠা সজোৱা হৈছে। সকলোৰে মাতৃ-ভনীস্বৰূপ মহিলাসকলে স্বদেশী হৈও চকুপানী টুকিছে।

তদুপৰি বংশবৃক্ষ পৰীক্ষণৰ জৰিয়তে ভাই-ককাইৰ লিগেচী ডাটা মিলাই সত্যাসত্য প্ৰমাণ কৰিব পাৰে। বংশবৃক্ষ পৰীক্ষণৰ বাবে মানুহক শ শ কিলোমিটাৰ দূৰলৈ টানি নিয়া হৈছে। মহিলাসকলৰ ক্ষেত্ৰত দেউতাকৰ লিগেচী ক’ড মিলাই পৰীক্ষা কৰিব পাৰে, কিন্তু এই পৰীক্ষা কৰিও নাম কৰ্তন কৰা হৈছে। কিন্তু কি উদ্দেশ্যত ইহঁতক নাগৰিকপঞ্জীৰ পৰা কৰ্তন কৰা হয়- ইও এক ৰহস্যৰ কথা। এইবোৰ কৰ্মচাৰীৰ গাফিলতি নে উদ্দেশ্যপ্ৰণোদিত· আকৌ প্ৰায় প্ৰতিটো পৰিয়ালৰ এটা-দুটাকৈ ল’ৰা-ছোৱালীৰ নাম কৰ্তন কৰা হৈছে। এতিয়া আকৌ কোৱা হৈছে- ৰাইজ চিন্তিত আৰু শংকিত হ’ব নালাগে। অহা ৩০ ডিচেম্বৰত সম্পূৰ্ণ এন আৰ চি পাব। প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছতো এনে অভয়বাণী শুনাইও মহিলা, ল’ৰা-ছোৱালী আৰু প্ৰকৃত অসংখ্য খিলঞ্জীয়াৰ নাম বাদ পৰিছে। আজি ভাৰতীয় জনতা দলৰ সভাপতিয়ে সগৰ্বে এই ৪০ লাখ মানুহ বাংলাদেশী বুলি কৈ ডাংকোব মাৰিছে, কিন্তু বাস্তৱত লাখ লাখ খিলঞ্জীয়াৰ নাম বাদ পেলাই আনন্দৰ হাত চাপৰি নেকি৷

‘ডি’ ভোটাৰৰ ক্ষেত্ৰত অলেখ খেলিমেলি পৰিলক্ষিত হৈছে। বহুত স্বদেশীক ‘ডি’ ভোটাৰ সজাই ডিটেনচন কেম্পত ৰখা হৈছে। ‘ডি’ ভোটাৰৰ পৰিয়ালৰ সদস্যসকলক নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ নাগৰিকপঞ্জী ব্যক্তিগত দলিল। জন্মসূত্ৰে আৰু বিবাহসূত্ৰে ভাৰতীয় হিচাপে হাৰাশাস্তি খাব নালাগে। সন্দেহমুক্ত হ’বলৈ আইনী প্ৰক্ৰিয়াৰ যিহেতু ব্যৱস্থা কৰা হৈছে, তেনেস্থলত আগতীয়াকৈ নাম কৰ্তন কৰা উচিত নহয়।

দূৰদৰ্শনৰ টক শ্ব’ত এজন স্বনামধন্য বিধায়কে বহিয়েই কেৱল মুছলমানক অকথ্য ভাষাৰে সমালোচনা কৰাৰ লগতে তুচ্ছ-তাচ্ছিল্য কৰা প্ৰায় দেখিবলৈ পাওঁ। দূৰদৰ্শনৰ কৰ্মকৰ্তাসকলে তেওঁক সাদৰে আমন্ত্ৰণ কৰি আনি বহুৱাই আবোল-তাবোল বকায়। মুছলমানক গালি পৰা শুনিলে সৱৰে ভাল লাগে। মুছলমান তেওঁৰ বাবে ভাইৰাছ। ‘চৰ-চাপৰিত এন আৰ চিৰ বিষয়াসকল বাংলাদেশী আৰু সিহঁতে বাংলাদেশীসকলক স্বদেশী বনাই আছে। অসম এতিয়া শংকৰ-আজানৰ দেশ নহয়, আজমল-আজানৰ দেশ।’ তেওঁৰ ইমান সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে চৰকাৰে এষাৰ মাতো নামাতে আৰু প্ৰশাসনৰ ফালৰ পৰাও তেওঁক বাধা দিয়া নহয়। তেওঁ গালি পাৰি আছে, পাৰি থাকক। সকলোৱে শুনি আনন্দ পায়। কবি ৰবি ঠাকুৰৰ এষাৰি কবিতা আছে- ‘হে মোৰ দুৰ্ভাগা দেশ, যাদেৰে কৰেছ অপমান, অপমানে হতে হবে তাদেৰ সবাৰ সমান।’ কথা হ’ল- এখন দেশৰ হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টিয়ান যিয়েই হওক সকলোৱে সমানে ন্যায় পাব লাগে। অসাম্য, অন্যায় আৰু আস্থাহীনতাই দেশৰ শান্তি বিনাশ কৰে আৰু অশান্তিয়ে জাতীয়তাৰ মেৰুদণ্ড ভাঙি কলংকৰ অধ্যায় সূচনা কৰে। কেৱল শ্ল’গান আৰু দূৰদৰ্শনৰ টক শ্ব’ৱে দেশ তৰিব নোৱাৰে। দেশ তৰিবলৈ হ’লে স্বদেশৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে আন্তৰিক সহযোগিতা আৰু ঐক্যবদ্ধতাৰ প্ৰয়োজন। বেজবৰুৱাৰ ভাষাৰে- ‘বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল।’

মোবাইলঃ ৭৮৯৬৯-৭৫২৭৫