শেহতীয়া খবৰ
Home / Uncategorized / একেৰাহে ৬ দিন বেংক বন্ধ! ছ’চিয়েল মিডিয়াত বিয়পিছে উৰাবাতৰি

একেৰাহে ৬ দিন বেংক বন্ধ! ছ’চিয়েল মিডিয়াত বিয়পিছে উৰাবাতৰি

ডিজিটেল ডেস্কঃ হোৱাটছএপত ভাইৰেল এটি মেছেজ। একেৰাহে ২ ছেপ্তেম্বৰৰ পৰা বন্ধ থাকিব দেশৰ প্ৰতিটো বেংক। এই ভাইৰেল মেছেজটোক লৈ বহু লোক চিন্তিত হৈ পৰিছে। বহুতে মেছেজটোৰ সত্যাসত্যক লৈ সন্দেহো প্ৰকাশ কৰিছে।

সেই সন্দেহ দূৰ কৰিবলৈ মেছেজটোতে চেষ্টা চলোৱা হৈছে। ভাইৰেল মেছেজটোত উল্লেখ থকা মতে, অহা ২, ৩, ৪, ৫ আৰু ৮, ৯ ছেপ্তেম্বৰত সমগ্ৰ দেশজুৰি বন্ধ থাকিব সকলো বেংক। আৰম্ভণিতে কোৱা হৈছে যে ছেপ্তেম্বৰৰ ৪ আৰু ৫ তাৰিখত ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীসকলে পেঞ্চন বৃদ্ধিৰ দাবীত কৰ্মবিৰতি ঘোষণা কৰিছে।

একেদৰে ২ ছেপ্তেম্বৰত দেওবাৰ আৰু ৩ ছেপ্তেম্বৰত জন্মাষ্টমী উপলক্ষে বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পিছতে ৮ ছেপ্তেম্বৰ ছেকেণ্ড ছেটাৰডে আৰু ৯ ছেপ্তেম্বৰত পুনৰ দেওবাৰ হোৱাত এই দুদিনো বেংক বন্ধ থাকিব বুলি ভাইৰেল মেছেজটোত দাবী কৰা হৈছে। ইয়াৰ ফলত সমগ্ৰ দেশতে পোনপটীয়া বেংকি সেৱাৰ লগতে, এটিএম, অনলাইন সেৱা আদিতো ব্যাঘাত জন্মিব বুলিও এই মেছেজত উল্লেখ আছে।

পিছে এই ভাইৰেল মেছেজটো কিমান সত্যনো? আহকচোন সেয়া ভালদৰে জানি লও। প্ৰকৃততে একেৰাহে ৬ দিন সমগ্ৰ দেশতে বেংকসমূহ বন্ধ থকাৰ ভাইৰেল মেছেজটো হৈছে এটা গুজৱ, ফেক নিউজ।

স্বাভাৱিকভাৱেই ২ ছেপ্তেম্বৰত দেওবাৰ আৰু ৩ ছেপ্তেম্বৰত জন্মাষ্টমী হিচাপে বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পিছত সপ্তাহটোৰ বাকী আটাইকেইটা দিনতে পূৰ্বৰ দৰেই খোলা থাকিব দেশৰ বেংকসমূহ। পুনৰ ৯ ছেপ্তেম্বৰ দেওবাৰ হোৱা বাবে বন্ধ থাকিব।

আনহাতে, ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰী সংস্থাই কৰ্মবিৰতি পালন কৰিলেও তাৰ সম্পূৰ্ণ প্ৰভাৱ বাকী বেংকসমূহৰ ওপৰত নপৰে। কিয়নো ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীসকলে বাকী বেংকসমূহৰ ধনৰ লেন-দেন বা আন কাম-কাজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাথাকে। ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীসকলে ধৰ্মঘটত বহিলে কোনো কোনো ক্ষেত্ৰত সামান্য প্ৰভাৱ পৰিব যদিও তাৰ ফলত বেংকসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ নপৰে।

ব্যাঘাত জন্মিব পৰা সেৱাসমূহৰ ভিতৰত আছে চেক ক্লিয়াৰেন্স, পেমেণ্ট আৰু ছেটলমেণ্ট, ফৰেক্স লেনদেন, আৰটিজিএছ আৰু এনইএফটি। এই প্ৰক্ৰিয়াসমূহ কাৰ্যকৰী কৰিবৰ বাবে ৰিজাৰ্ভ বেংক আৰু গ্ৰাহক বেংকৰ মাজত ৰিয়েল টাইম কমিউনিকেশ্যনৰ প্ৰয়োজন হয় বাবেই কেন্দ্ৰীয় বেংকটোৰ কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত ব্যাঘাত জন্মিব পাৰে।

সেয়া হ’লেও ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত এটিএমকে আদি কৰি আপোনাৰ দৈনিক বেংকিং লেনদেনত বিশেষ অসুবিধাৰ সৃষ্টি নহয়। মোবাইল আৰু নেট বেংকিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে আইএমপিএছ লেনদেন। অৱশ্যে ৪ আৰু ৫ ছেপ্তেম্বৰত এই ধৰ্মঘটৰ ফলত বেংকৰ পৰা মোটা পৰিমাণৰ ধন উলিয়াই অনাত অসুবিধাই দেখা দিব পাৰে।