শেহতীয়া খবৰ
Home / Uncategorized / ভাৰতত এইবাৰ এয়াৰ টেক্সি চলাব উবেৰে

ভাৰতত এইবাৰ এয়াৰ টেক্সি চলাব উবেৰে

ডিজিটেল ডেস্কঃ উবেৰ টেক্সি বুক কৰিল মোবাইলৰ এপৰ জড়িয়তে৷ লগে লগে আপোনাৰ ঘৰৰ ছাদত আহি নামিল এটি এয়াৰ টেক্সি৷ যিখনত উঠি আপোনি লগে লগে পাই গ’ল আপোনাৰ গন্তব্য স্থান৷ মুখামুখি হ’বলগীয়া নহ’ল কোনো যানযটৰ আৰু অপেক্ষা কৰিবলগীয়া নহ’ল কোনো ট্ৰেফিক চিগনালত৷ সপোন নহয় বাস্তৱতে হ’লৈ গৈ আছে এনেকুৱা ঘটনা৷ এইবাৰ ভাৰতত আৰম্ভ হ’বলৈ গৈ আছে উবেৰ এয়াৰ টেক্সি৷ বৃহস্পতিবাৰে ট’কিঅত উবেৰৰ এলিভেটেড এছিয়া স্পেছিফিক এক্সপোত এই কথা ঘোষণা কৰা হয়৷ উক্ত অনুষ্ঠানত পাঁচখন দেশৰ নাম উল্লেখ কৰা হৈছে৷ যাৰ ভিতৰত আছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু ব্ৰাজিল৷

আমেৰিকাৰ ডালাছ আৰু লছ এঞ্জেলেছৰ মাজত প্ৰথম এই এয়াৰ টেক্সি চলোৱাৰ সিদ্ধান্ত কৰিয়ে উবেৰে৷ তাৰ পিছতে নাম ঘোষণা কৰা হৈছে মুম্বাই-দিল্লী আৰু বাংগালুৰ৷ কলিকতাত এই সুবিধা পোৱা যাবনে নাই এই কথা এতিয়াওঁ নিশ্চিত নহয়৷ পিছেত দেশৰ ভিতৰতে এবাৰ এই সেৱা আৰম্ভ হৈ গ’লে কলিকতাতো এই সেৱা আৰম্ভ হ’বলৈ নেলাগিব৷ উবেৰে জনোৱা মতে অহা পাঁচ বছৰৰ ভিতৰত লাহে লাহে এই সেৱাসমূহ কাৰ্যক্ষম কৰি তোলা হ’ব৷