শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৬০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে

৬০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে

ডিজিটেল ডেস্কঃ এক সুন্দৰ ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক খিতাপ আনিলে নিজৰ দখলত৷ বিশ্বৰ প্ৰথম স্থানত থকা বেটছমেন বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ৬০০০ ৰান৷ কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থ মেচৰ প্ৰথম ইনিছত নিজৰ ছয় ৰান সম্পূৰ্ণ কৰাৰ লগে লগে এই খিতাপ দখল কৰে৷

বিৰাট কোহলীয়ে নিজৰ ১১৯ তম ইনিংছত এই খিতাপ দখল কৰে৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ কম ইনিংছত ৬০০০ ৰান সম্পূৰ্ণ কৰিছিল প্ৰাক্তন অপেনাৰ বেটছমেন সুনিল গাভাছকাৰে৷ গাভাছকাৰে ১১৭ ইনিংছত পূৰণ কৰিছিল এই খিতাপ৷

এই তালিকাত বিৰাট কোহলী দ্বিতীয় স্থানত আছে৷ ভাৰতবৰ্ষৰ ক্ৰিকেট দলত বিৰাট কোহলীৰ পিছত কম ইনিংছত ৬০০০ ৰান শচিন তেণ্ডুলকাৰ (১২০), বিৰেদ্ৰ সেহবাগ (১২১) আৰু ৰাহুল দ্ৰাবিড় (১২৫) সম্পূৰ্ণ কৰিছে৷

কম সময়ত ৬০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰা ভাৰতীয় ক্ৰিকেটাৰ

সুনিল গাভাছকাৰ                    ১১৭ ইনিংছ

বিৰাট কোহলী                         ১১৯ ইনিংছ

শচিন তেণ্ডুলকাৰ                     ১২০ ইনিংছ

বিৰেদ্ৰ সেহবাগ                        ১২১   ইনিংছ

ৰাহুল দ্ৰাবিড়                           ১২৫ ইনিংছ

মহম্হদ আজহাৰ উদ্দিন            ১৪৩ ইনিংছ