শেহতীয়া খবৰ
Home / ক্ৰীড়া / সামৰণি পৰিল অষ্ঠাদশ এছিয়ান গেমছৰ

সামৰণি পৰিল অষ্ঠাদশ এছিয়ান গেমছৰ

ডিজিটেল ডেস্কঃ অন্ত পৰিল এছিয়ান দেশৰ মহা ক্রীড়া সমাৰোহৰ। ১৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াত আৰম্ভ হোৱা এছিয়ান গেমছ আজি বর্ণিল কার্যসূচীৰে অন্ত পৰিল। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টা আৰু পালমপাঙত ১৮ আগষ্টৰ পৰা চলি আছিল এছিয়ান গেমছ। যত অংশগ্রহণ কৰিছিল ৪৫খন দেশৰ এথলীটে। ১৮ আগষ্টত জাকার্টাৰ গেলোৰা ৱাং কার্মো ষ্টেডিয়ামত এই ক্রীড়া সমাৰোহৰ উদ্বোধনী হৈছিল বর্ণাঢ্য কাৰ্যসূচীৰে। আজি একেখন ষ্টেডিয়ামতে বর্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে এছিয়ান গেমছৰ। আজিৰ এই গেমছৰ সামৰণী অনুষ্ঠানত যাতে কোনো ধৰণৰ বিক্ষিপ্ত সংঘটিত হ’বলৈ নাপায় তাৰ বাবে ইণ্ডোনেছিয়াৰ প্রশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। কমেও ৯,৫০০ শীর্ষ নিৰাপত্তাৰক্ষী এছিয়ান গেমছৰ সামৰণী অনুষ্ঠানৰ পর্যবেক্ষণৰ দায়িত্বত আছিল। মন কৰিবলগীয়া যে অষ্টাদশ ঘটনা  এছিয়ান গেমছত ভাৰতৰ ৮০৪জনীয়া দলে অংশগ্রহণ কৰিছিল। ইয়াৰে ৫৭২ গৰাকী আছিল এথলীট। আন বাকীসকল আছিল প্রশিক্ষক।