শেহতীয়া খবৰ
Home / আঞ্চলিক / ধৃত ছামেদুৰৰ মুখত বিস্ফোৰক তথ্যঃ দীঘলীয়া হ’ব কলংকিত ৰাজপত্ৰিত বিষয়াৰ তালিকা

ধৃত ছামেদুৰৰ মুখত বিস্ফোৰক তথ্যঃ দীঘলীয়া হ’ব কলংকিত ৰাজপত্ৰিত বিষয়াৰ তালিকা

কেলেংকাৰীত জড়িত ৪০ শতাংশ ৰাজপত্ৰিত বিষয়া মুক্ত আকাশৰ তলত

কৃষি বিষয়াৰ নিযুক্তিত মহিলা এপিএছচিৰ সদস্যৰ ৰহস্যজনক ভূমিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰীত ৫৬ জন ৰাজপত্ৰিত বিষয়া ৰঙা ঘৰৰ আলহী হোৱাৰ পিছত শেহতীয়াকৈ কৃষি উন্নয়ন বিষয়ৰ কেলেংকাৰীৰ গোচৰত ছামেদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছতে এপিএছচিৰ কেলেংকাৰী সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ আহিছে। ৰাকেশ পালৰ অধ্যক্ষতাত এপিএছচি কেলেংকাৰীত হাত উজান দিয়াৰ পিছত কৃষি উন্নয়ন বিষয়াৰ কেলেংকাৰীত সহযোগিতা আগবঢ়াই পুনৰ গ্ৰেপ্তাৰ হ’বলগীয়াত পৰিছিল ছামেদুৰ ৰহমান। ৰাকেশ পালৰ অধ্যক্ষকতাৰ সময়ৰ এপিএছচিৰ সদস্যজনে কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। কৃষি নিযুক্তি বঞ্চিত প্ৰাৰ্থী তেজপুৰৰ বেদান্ত বিকাশ দাস নামৰ যুৱকজনে তোলা গোচৰৰ তদন্তত ভঙাগড় আৰক্ষীয়ে বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। এক কথাত কেঁচু খান্দোতে সাপ ওলোৱাৰ লেখীয়া হৈছে ছামেদুৰ ৰহমানৰ জেৰাৰ অন্তত। শুকুৰবাৰে হাতীগাঁৱৰ পৰা এপিএছচিৰ প্ৰাক্তন সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ পিছত কাহিলিপাৰাত তদন্তকাৰী আৰক্ষীয়ে দুদিনত আঠ ঘণ্টা জেৰা চলায়। এই আঠ ঘণ্টাৰ পিছতে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰী তথা এপিএছচি কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ কৰে। এক বিশেষ সূত্ৰে জানিব পৰা অনুসৰি জেৰাত এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰি ছামেদুৰ ৰহমানে কেলেংকাৰীৰ সমস্ত মাষ্টাৰ মাইণ্ড ৰাকেশ পাল বুলি অভিহিত কৰাৰ উপৰি কেলেংকাৰীত সহযোগিতা নকৰিলে কাৰ্যালয়ত এঘৰীয়া কৰে বুলি মন্তব্য কৰে। এপিএছচিত শতকৰা আশী শতাংশ অনিয়মৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল বুলি স্বীকাৰোক্তি দি তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে চল্লিশ শতাংশ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰাৰ বিপৰীতে আন চল্লিশ শতাংশ এতিয়াও গ্ৰেপ্তাৰৰ পৰা বাচি আছে বুলি মন্তব্য কৰা বুলি জানিব পৰা গৈছে। তেনেস্থলত আগন্তুক সময়ত অধিক দীঘলীয়া হ’ব এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়াৰ তালিকা। ৰাকেশ পালৰ সময়ত এপিএছচিৰ চাকৰি লাভ কৰা অধিকাংশৰে পৰীক্ষা বহী ফৰেনচিকত প্ৰেৰণ কৰা হৈছে যদিও তাৰে প্ৰতিবেদন আহি নোপোৱাৰ বাবে এতিয়ালৈকে বাকী চল্লিশ শতাংশৰ মুখৰ পৰা মুখা আঁতৰা নাই। তেনেস্থলত ছামেদুৰৰ তথ্যৰ পৰা তদন্তকাৰী আৰক্ষীয়ে দীঘলীয়া কৰিব পাৰে কলংকিত ৰাজপত্ৰিত বিষয়াৰ তালিকা। আনহাতে কৃষি বিষয়াৰ কেলেংকাৰী সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাৰ সময়ত বিস্ফোৰক স্বীকাৰোক্তি দি পাঁচজন মন পচন্দৰ  প্ৰাৰ্থীক ছামেদুৰে চাকৰি দিয়া বুলি স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে। আনহাতে ২০১৪ চনত অনুষ্ঠিত কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত এগৰাকী মহিলা সদস্যই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰে এপিএছচিৰ প্ৰাক্তন সদস্যজনে। উল্লেখ্য যে ৰাকেশ পালৰ দুৰ্নীতিৰ সমিতিত বসন্ত দলে, ছামেদুৰ ৰহমান, ৰঞ্জিত বৰঠাকুৰ আৰু এগৰাকী মহিলা সদস্য আছিল। ২০১৪ চনত অনুষ্ঠিত পৰীক্ষাৰ পিছত ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। আনহাতে ২০১৫ চনতেই ৰহস্যময়ী মহিলা সদস্যগৰাকীয়ে যোগদান কৰিছিল। ইয়াৰ পিছতে কৃষি উন্নয়ন বিষয়াৰ পৰীক্ষাৰ অ’এমআৰ চিটত নম্বৰ দিছিল মহিলা সদস্য গৰাকীয়ে। উল্লেখ্য যে তদন্তকাৰী ভঙাগড় আৰক্ষীয়ে কৃষি উন্নয়ন বিষয়াৰ কেলেংকাৰীৰ ক্ষেত্ৰত ২৭ গৰাকী পৰীক্ষাৰ্থীৰ বহীত জালিয়াতি হোৱাৰ তথ্য উজাগৰ কৰিছিল। ফৰেনচিক প্ৰতিবেদনৰ পৰা লাভ কৰা তথ্যত এই ২৭ গৰাকী প্ৰাৰ্থীৰ উত্তৰ বহীত ব্যাপক জালিয়াতি সংঘটিত হৈছিল। ইয়াৰে ১৭ গৰাকীয়ে কৃষি উন্নয়ন বিষয়াৰ চাকৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দহজন বিফল হৈছিল। উক্ত বৰ্ষত ৮৪ গৰাকী প্ৰাৰ্থীয়ে কৃষি উন্নয়ন বিষয়াৰ চাকৰি লাভ কৰিছিল। অৱশ্যে ফৰেনচিকত এতিয়াও বাকীসমূহ বহীৰ পৰীক্ষা অব্যাহত থকাত তাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰা নাই। তেনেস্থলত ফৰেনচিকৰ প্ৰতিবেদনৰ পিছতেই আৰু দীঘলীয়া হ’ব কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত জড়িত ৰাজপত্ৰিত বিষয়াৰ তালিকা। উল্লেখ্য যে এপিএছচি কেলেংকাৰীত ধুবুৰীৰ শ্ৰম পৰিদৰ্শক জ্যোৰ্তিময় অধিকাৰী, ধেমাজিৰ চক্ৰ বিষয়া কমল দেৱনাথ, সোণটিলাৰ সহকাৰী অধিনায়ক দিলীপ কলিতা, এ চি এছ বিষয়া ৰুমী শইকীয়া, বদৰুল ইছলাম চৌধুৰী, নিশামণি ডেকা, মঙলদৈৰ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰী, লখিমপুৰ জিলাৰ কদমৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়, শিৱসাগৰৰ অতিৰিক্ত আয়ুক্ত দীপক খনিকৰ, বৰপেটাৰ শ্ৰম পৰিদৰ্শক ৰাজু সাহা, আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী, হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিৎ বৰা, কৰিমগঞ্জৰ নিয়োগ বিষয়া সুদীপ্তা গোস্বামী ভট্টাচাৰ্য, যোৰহাটৰ এছ বিৰ ডি এছ পি হেমন্ত হিল্লোল শইকীয়া, শোণিতপুৰৰ দ্বাদশ এ পি বি এনৰ সহকাৰী কমাণ্ডেণ্ট ছাবিৰা ইমৰান, কোকৰাঝাৰ জিলাৰ চৰাইখোলাৰ সপ্তম এ পি বি এনৰ সহকাৰী কমাণ্ডেণ্ট জয়ন্ত কুমাৰ নাথ, শোণিতপুৰৰ সহকাৰী নিয়োগ বিষয়া অমৰজ্যোতি দাস, আৰক্ষী সীমান্ত শাখাৰ ডি এছ পি হৰ্ষজ্যোতি বৰা, মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়া দৈথুন বৰগয়াৰী, নলবাৰীৰ বানেকুছিৰ চক্ৰ বিষয়া কুনাল দাস, কোকৰাঝাৰৰ ডি এছ পি যতীন্দ্ৰ বৰুৱা, ৰাজৰ্ষি সেন ডেকা কোকৰাঝাৰ জিলাৰ চক্ৰ বিষয়া, গিতালী দলে গোগামখুৰ চক্ৰ বিষয়া, নগাঁৱৰ কৰ বিষয়া সুনয়না আইদেউ, দক্ষিণ শালমাৰাৰ ২৬ আই আৰ ডি এনৰ ডি এছ পি কৌশিক কলিতা, ঢকুৱাখনাৰ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, মাজুলীৰ সহকাৰী নিয়োগ বিষয়া সত্যজিৎ সৰকাৰ, ৰঙিয়াৰ আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰা, নলবাৰী কৰ পৰিদৰ্শক বৰ্ণালী দেৱী, পাটাছাৰকুছিৰ চক্ৰ বিষয়া জয়দেৱ মহন্ত, শোণিতপুৰৰ ডিটিঅ’ প্ৰসেনজিৎ ঘোষ, এচিএছ বিষয়া উৎপল ভূঞা, বৰ্ণালী দাস, শুভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মনিকা টেৰণপি, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ চাইবুৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীপশিখা ফুকন, লিনা কৃষ্ণ কাকতি এপিএছ বিষয়া গুলচন দাউলাংগাপু, পল্লৱী শৰ্মা, ভাৰ্গৱ ফুকন, পৰিৱহণ বিষয়া সুৰজিতা হাজৰিকা, কৰ অধীক্ষক ঋতুৰাজ নেওগ, এপিএছ কবিতা দাস আৰু কৰ পৰিদৰ্শক নিপন কুমাৰ পাঠক সম্প্ৰতি কাৰাগাৰৰ আলহী। তেনেস্থলত ছামেদুৰ ৰহমানৰ জেৰাৰ তথ্যই আৰু অধিক ৰাজপত্ৰিত বিষয়া জালত পৰাৰ সম্ভাৱনীয়তাই প্ৰকাশ কৰিছে।