শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰাসকল কোন ?

এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰাসকল কোন ?

জাহিদুল ইছলাম মিৰ্ধা|

এক দীঘলীয়া পৰিক্ৰমা আৰু বাদ বিবাদৰ অন্তত অসমৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আমি পাবলৈ ওলাইছো। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ইতিমধ্যে কেবাটাও স্তৰ অতিক্ৰম কৰি আজিৰ পৰ্যায়ত উপনীত হৈছে। দুটাকৈ ভাগত প্ৰকাশ পোৱা নাগৰিকপঞ্জীত প্ৰায় দুই কোটি নব্বৈ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু চল্লিছ লক্ষাধিক লোকৰ নাম বিভিন্ন কাৰণত খচৰা তালিকাৰ পৰা বাদ পৰি ৰৈছে । এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশ হোৱাৰ লগে লগে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে মিশ্ৰিত প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে। সংসদৰ দুয়োটা সদনতে এনআৰচিৰ বিষয়টো লৈ কেবাদিনো ব্যাপক চৰ্চাৰ লগতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে। এফালে যদি এনআৰচিৰ কৃতিত্ব লোৱাৰ বাবে ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠনৰ মাজত টনা-আজোঁৰা লাগিছে আনফালে বাদ পৰা সকলক লৈয়ো আৰম্ভ হৈছে নিকৃষ্ট ৰাজনীতি আৰু বোকা ছটিওৱাৰ খেল। এনআৰচিৰ পৰা নাম বাদ পৰাসকলক প্ৰথমে একাধিক দল সংগঠনে একপ্ৰকাৰ বিদেশী বুলিয়ে আখ্যায়িত কৰা পৰিলক্ষিত হৈছিল । কিন্তু যেতিয়া দেখা গ’ল যে এনআৰচিৰ পৰা নাম বাদ পৰাসকলৰ মাজত এনেকুৱা এক বৃহৎ সংখ্যক মানুহৰ নামো বাদ পৰিছে যিসকলে নিজকে খিলঞ্জীয়া অথবা ভূমিপুত্ৰ বুলি দাবী কৰে। এনেকুৱা এটা অৱস্থাৰ মাজতে বহুতো পাবত গজা নেতা পালিনেতাই আকৌ এনআৰচিৰ খচৰাত লাখ লাখ বিদেশী অথবা বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চিঞৰ বাখৰ কৰা দেখা গৈছে।

এতিয়া কথা হ’ল, যিসকল লোকৰ নাম চুড়ান্ত খচৰাৰ পৰা বাদ পৰিছে সেইসকল কোনবোৰ মানুহ  সেইসকলৰ মাজত এক বৃহৎ সংখ্যকেই হ’ল শিশু আৰু মহিলা। লাখ লাখ এনেকুৱা পৰিয়াল আছে যি পৰিয়ালৰ এজন, দুজন বা তিনিজনৰ নাম বাদ কৰি আছে। এনেকুৱা পৰিয়ালো আছে যিসকলৰ মাত্ৰ এজন বা দুজনৰ নাম আহিছে বাকীসকলৰ নাই। পিতৃ মাতৃৰ নাম আহিছে সন্তানৰ নাম নাই। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল যে অসমৰ প্ৰাক্তন তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰ, প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ লোককে আদি কৰি বিধায়ক অনন্তকুমাৰ মালোৰ নামো খচৰা এনআৰচিৰ পৰা বাদ পৰি ৰৈছে। নিজৰ পিতৃৰ লিগেছি ব্যৱহাৰ কৰা আৰু পিতৃৰ লগত সম্পৰ্কৰ যোগসুত্ৰ স্থাপন কৰাৰ পাছতো মাকজনী ডি-ভোটাৰ হোৱা বাবেই তেওঁলোকৰ সতি-সন্ততিৰ নাম এনআৰচিত “হল্ড”কৰি ৰখা হৈছে। ইয়াৰ উপৰিও যিসকল লোকৰ নাম বাদ পৰি ৰৈছে তাৰে মাজত এক বৃহৎ সংখ্যক লোকৰ ১৯৫১ চনৰ লিগেছি আছে যিবোৰৰ বংশবৃক্ষ পৰীক্ষণৰ সময়তে সত্যতা প্ৰতিপন্ন হৈ গৈছে। গতিকে এইফালৰ পৰাও আমি সেই বাদ পৰা লোকসকলক পোনপটীয়াকৈ বিদেশী বা বাংলাদেশী বুলি কৈ দিয়াটো ঠিক হ’বনে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এনআৰচিৰ কাম চলি থকাৰ পাছতো একাংশ বিষয়া কৰ্মচাৰীৰ মইমতালিৰ বাবেই এইদৰে লাখ লাখ মানুহৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰি ৰ’ল। ইয়াৰ উপৰিও একাংশ মানুহৰ নামত হকে বিহকে বিদেশীৰ জাননী জাৰি কৰিও এনআৰচিৰ পৰা নাম বাদ পেলাই ৰখাৰ উদাহৰণ বহুত আছে।

এতিয়া প্ৰশ্ন হ’ল, এনআৰচি কৰ্তৃপক্ষৰ দ্বাৰা আৰোপ কৰা চৰ্তাৱলী পুৰণ কৰাৰ পাছতো কেনেকৈ ইমান বৃহৎ সংখ্যক মানুহৰ নাম বাদ পৰি ৰ’ল ? এইসকল মানুহে জমা দিয়া নথিপত্ৰবোৰ কি ভুৱা আছিল নেকি ? যদি ভুৱা নথিয়েই আছিল তেনেহলে নথি পৰীক্ষণৰ সময়ত সেইবোৰ মানি লোৱা হৈছিল কিয় ? যদি নথিপত্ৰ ভুৱাই আছিল তেনেহলে পৰীক্ষণৰ সময়তে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা নহল কিয় ? নথি পৰীক্ষণ আৰু বংশবৃক্ষ পৰীক্ষণৰ নামত সাধাৰণ মানুহক কম নগুৰনাগতি কৰিছিলনে ? তথাপিও সাধাৰণ জনতাই অসীম ধৈৰ্য ধাৰণ কৰি কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনা বিনাবাক্যে মানি লৈছিল। কিয়নো সকলোৰে এটাই আশা আছিল যে এখন ত্ৰুটিমুক্ত এনআৰচি প্ৰকাশ হ’ব য’ত প্ৰতিজন প্ৰকৃত ভাৰতীয়ৰ নাম সন্নিবিষ্ট হ’ব আৰু অসমৰ এক জলন্ত সমস্যাৰো সমাধান হৈ যাব । কিন্তু বাস্তৱত সেয়া হ’লনে ? সম্পূৰ্ণ খচৰাৰ পৰা এই চল্লিছ লক্ষাধিক মানুহৰ নাম বাদ পেলাই এতিয়া আকৌ নতুন সমস্যাৰ সৃষ্টি কৰা নাইনে ? এই মানুহখিনিক কোনোবাই শংকামুক্ত কৰিব পাৰিছেনে আজিলৈ ? এই নতুন সমস্যাটোৱে এতিয়া মানুহক আৰু অধিক শংকিতহে কৰি তুলিছে। এই শংকিত মানুহখিনিৰ শংকা দুৰ কৰিবলৈ কোনেও সক্ষম হোৱা নাই। কাৰণ এইখন কেৱল এখন এনআৰচিয়েই নহয়, এইখন বহুতৰ বাবে এতিয়া জীৱন মৰণৰ খেল। এনেকুৱা এক জটিল সন্ধিক্ষণত ভুতৰ ওপৰত দানহ পৰাদি আন একাংশই চিঞৰি আছে যে এনআৰচিৰ খচৰাত হেনো বিদেশীৰ নাম সুমুৱাইছে। যি সময়ত উপযুক্ত নথিপত্ৰ জমা দিয়াৰ পিছতো লাখ লাখ মানুহৰ নাম বাদ পৰি ৰৈছে, তেনেকুৱা সময়ত এনেবোৰ অভিযোগ উত্থাপন কৰাটো একপ্ৰকাৰ ভণ্ডামিৰ বাহিৰে একো নহয়। আচলতে এই চক্ৰটোৱে বিচাৰিছিল যে এনআৰচিৰ পৰা এক বিশেষ ধৰ্মাৱলম্বীৰ ৪০-৫০ লাখ লোকৰ নাম বাদ পৰক। কিন্তু তেওঁলোকৰ সেই আশাত চেঁচাপানী পৰাৰ বাবেই এতিয়া আকৌ এনআৰচিত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চিঞৰ-বাখৰ কৰি আছে। আচলতে সেই চক্ৰটোৱে বিচৰা নাই যে অসমৰ বিদেশী সমস্যাটোৰ এক স্থায়ী সমাধান হওক।

এনআৰচি প্ৰকাশৰ অন্তিম মুহূৰ্তত ইপিনে আকৌ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চলিছে বিদেশী ঘোষণা কৰাৰ অঘোষিত প্ৰতিযোগিতা। যিসময়ত এনআৰচিয়েই নাগৰিকত্ব প্ৰমাণৰ চুড়ান্ত দলিল হ’বলৈ গৈ আছে তেনে সময়তে এই ন্যায়াধীকৰণসমূহৰ সদস্যসকলে যধেমধে বিদেশী ঘোষণা কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। উপযুক্ত নথিপত্ৰ থকাৰ পাছতো সমান্য ভুল-ত্ৰটিৰ অজুহাত দেখুৱাই এজন প্ৰকৃত ভাৰতীয়ক বিদেশী বুলি ঘোষণা কৰি থকা হৈছে। এইবোৰ হৈ আছে একমাত্ৰ চৰকাৰী পৃষ্টপোষকতাতেই। এইবিষয়ে এটি প্ৰতিবেদন গণ অধিকাৰৰ পাতত প্ৰকাশ হৈছিল যত চৰকাৰে কিদৰে ন্যায়াধীকৰণৰ সদস্যসকলৰ পাৰদৰ্শিতাৰ এটি তালিকা প্ৰকাশ হৈছিল । চৰকাৰী এননেবোৰ ঘৃণনীয় কাণ্ডৰে আচলতে পাকে প্ৰকাৰে এনআৰচিখনকে বাধা দিবলৈ উঠিপৰি লাগিছে সেইকথা কাৰো বুজিবলৈ বাকী নাই। কিয়নো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা আৰু ডি-ভোটাৰৰ কাৰণ দেখুৱাই প্ৰায় ২.৫ লাখ লোকৰ নাম হোল্ড কৰি ৰখা হৈছে। এইসকলৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ’ব তাৰ কোনো নিৰ্দিষ্ট কাৰ্যপন্থা এনআৰচি কৰ্তৃপক্ষই লোৱা নাই। যদি এইবোৰ নিষ্পত্তি হোৱালৈ ন্যায়াধীকৰণসমূহৰ ওপৰত ভৰসা কৰি থকা হয় তেনেহলে এনআৰচিৰ চুড়ান্ত তালিকা প্ৰকাশ কেতিয়া হ’ব সেয়া কোৱাটো টান। সেইবাবেই এনআৰচি কৰ্তৃপক্ষই এইসমূহ গোচৰ এনএছকে পৰ্যায়ত সমাধা কৰিব লাগে । এই ক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব দিয়ক যে অভিযুক্ত বিদেশী আৰু ডি-ভোটাৰ সকলে এনআৰচিৰ প্ৰ-পত্ৰৰ লগত গাথি দিয়া নথিবোৰ শুদ্ধ অথবা বৈধ নথি হয় নে নাই ? যদি কোনোবাৰ নথি জাল হয়, তেন্তে তাক গ্ৰেপ্তাৰ কৰক আৰু এনআৰচিৰ পৰা তাৰ নাম বাদ দিয়ক তাত কোনেও আপত্তি নকৰে। আৰু যদি নথিবোৰ শুদ্ধ হয় তেন্তে সেই শুদ্ধ তথ্যৰ ভিত্তিত তাৰ নামটো এনআৰচিত সন্নিৱিষ্ট কৰক। যিহেতু এনআৰচি কৰ্তৃপক্ষৰ পৰা বাৰে বাৰে কৈ থকা হৈছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ নথিপত্ৰ জমা দিয়া সকলোৰে নাম এনআৰচিত অন্তৰ্ভুক্ত হ’ব । তেনেহ’লে এই ডি-ভোটাৰসকলৰ ক্ষেত্ৰত আকৌ ইয়াৰ ব্যতিক্ৰম কিয় ? যদি তেওঁলোকে জমা দিয়া নথিবোৰ অবৈধ বা জাল নথি তেনেহলে সেইসকলক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পত দিয়ে য’ত দিয়ে দিয়ক। আৰু যদি সেই নথিবোৰৰ বৈধতা বা গ্ৰহণযোগ্যতা আছে তেনেহ’লে তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰাত ইমান আপত্তি কিহৰ ?

গতিকে আমাৰ এটাই দাবী সেয়া হ’ল, ১৯৭১ চনৰ আগৰ বৈধ নথিপত্ৰৰ লগতে উপযুক্ত সংযোগী নথি জমা দিয়া প্ৰতিগৰাকী আবেদনকাৰীৰ নাম এনআৰচিৰ খচৰা তালিকাত অন্তৰ্ভুক্ত হ’ব লাগিব। আৰু  ৭১ ৰ পাছত অহা আৰু কোনো বৈধ নথিপত্ৰ জমা দিব নোৱাৰা কাৰো নাম এনআৰচিত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব। মুঠতে আমাৰ এটাই কথা, এজনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰাকৈ আৰু এজনো বিদেশীৰ নাম সুমুৱাব নোৱাৰাকৈ এখন ত্ৰুটিমুক্ত এনআৰচি হ’ব লাগিব। এইক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশনা আৰু এন আৰ চিৰ ওপৰতহে সকলো কথা নিৰ্ভৰ পৰিব।

মোবাইলঃ ৭০০২৬৪২৮১২