শেহতীয়া খবৰ
Home / ৰাজনীতি / অগপত যোগ দিব এমজিভি কে ভানুৱে!

অগপত যোগ দিব এমজিভি কে ভানুৱে!

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰে গুৰুত্বপূৰ্ণ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে অগপত যোগ দিব নেকি সেইলৈ এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে এক গোপন বৈঠকত মিলিত হয় প্ৰাক্তন আমোলা এম জি ভি কে ভানু। দীৰ্ঘ সময় ধৰি বিধায়ক আৱাসত ভানুৰ সৈতে আলোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকৰ কাৰণ কি আছিল সেই সন্দৰ্ভত এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত গোপন আলোচনা চলিছে বুলি চৰ্চা লাভ কৰিছে। কেৱল এয়াই নহয় শীঘ্ৰেই ভানুৱে অগপত যোগদান দিব বুলিও চৰ্চা লাভ কৰিছে। বৈঠকৰ অন্তত ভানুৱে সাংবাদিকৰ সৈতে মুখামুখি হোৱাত বিষয়টোৰ পৰা ফালৰি কাটি এক সৌজন্যমূলক সাক্ষাৎ বুলি উল্লেখ কৰে। এনেই মহন্তক দেখা কৰিবলৈ আহিছিল বুলি ভানুৱে উল্লেখ কৰে। যি কি নহওক প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে আজি ভানুৰ বৈঠকে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। আনকি আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা ভানু অগপৰ প্ৰাৰ্থী হ’লেও আচৰিত হ’বলগীয়া একো নাই বুলিও উল্লেখ কৰে একাংশই। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পদৰ পৰা অৱসৰগ্ৰহণ কৰিছে ভানু। বিগত সময়ত ভানুৱে ৰাজনৈতিক দলত যোগদান কৰিবলৈ মন মেলিছে বুলিও বাতৰি প্ৰকাশ পাইছিল। তেনেস্থলত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে হোৱা গোপন বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছিল।