শেহতীয়া খবৰ
Home / ৰাজনীতি / লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা যুঁজ দিব কানহাইয়া কুমাৰে

লোকসভা নিৰ্বাচনত বিহাৰৰ পৰা যুঁজ দিব কানহাইয়া কুমাৰে

ডিজিটেল ডেস্কঃ দিল্লীৰ সন্মানীয় শিক্ষা প্ৰতিষ্ঠান জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰ আগন্তক ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুছৰাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে বাঁওপন্থী দলসমূহৰ সৈতে কানহাইয়া কুমাৰৰ এই বিষয়টো সন্দৰ্ভত এক বুজাবুজি হৈছে৷ চিপিআইৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ছাত্ৰনেতা৷ স্মৰ্তব্য যে ২০১৬ৰ ফ্ৰেব্ৰুৱাৰীত জেএনইউৰ অভ্যন্তৰত ভাৰতবিৰোধী শ্লোগান দিয়াৰ লগতে আফজল গুৰুৰ স্মাৰক অনুষ্ঠানৰ আয়োজন কৰি বিতৰ্কৰ সন্মুখীন হৈছিল কানহাইয়া৷