শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আইনৰ দৃষ্টিত বাল্যবিবাহ আৰু অভিভাৱকৰ চুক্তি পত্ৰৰ বৈধতা

আইনৰ দৃষ্টিত বাল্যবিবাহ আৰু অভিভাৱকৰ চুক্তি পত্ৰৰ বৈধতা

আনোৱাৰ হুছেইন|
বাল্য বিবাহ এক সামাজিক ব্যাধি৷ এই কথা আমি সৰুৰ পৰাই শুনি আহিছিলো৷ কিন্তু সমাজত এই বিবাহ আমাৰ চকুৰ আগত অনুষ্ঠিত হৈয়ে আছে৷ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত ইয়াৰ প্ৰভাৱ খুব বেছি৷ সংখ্যালঘু লোকসকল সৰ্বদিশতে অনগ্ৰসৰ হোৱাৰ বাবে এই সামাজিক ব্যাধিটোক সমাজৰ পৰা নিৰ্মল কৰিব পৰা নাই৷ সংখ্যালঘু সম্প্ৰদায়ৰ যি দুই এগৰাকী শিক্ষিত লোক ইয়াৰ বিৰুদ্ধে মাত মাতে তাতকৈ এই কাৰ্য্যত উৎসাহ দিয়াৰ সংখ্যা অধিক যাৰ বাবে বাল্য বিবাহ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ বাল্য বিবাহৰ ফলত জনসংখ্যাৰ বিস্ফোৰণ,দৰিদ্ৰতা আৰু অশিক্ষিত লোকৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত বিদেশী সমস্যাৰ সৃষ্টি কৰিছে৷
বাল্য বিবাহ ৰোধ কৰিবলৈ ১৯২৩ চনতে The Child Marriage Restraint Act 1929 প্ৰণয়ন কৰিছিল চৰকাৰে৷ এই আইনৰ ধাৰা ২ ত স্পষ্টকৈ কোৱা হৈছে যে ২১ বছৰৰ তলৰ ল’ৰা আৰু ১৮ বছৰৰ তলৰ ছোৱালী মাজত হোৱা বিয়া হৈছে বাল্য বিবাহ (Child Marriage)৷ উক্ত আইনৰ ৩,৪,৫ আৰু ৬ ধাৰাত বিবাহত দৰা কইনা অথবা অভিভাৱকক সৰ্বোচ্চ ৩ মাহলৈ জেল আৰু জৰিমনা বিহাৰ কথা উল্লেখ আছে৷ ইয়াৰ ওপৰিও বাল্য বিবাহ ৰোধ কৰিবলৈ The Prohibition of Child Marriage Act 2006 প্ৰণয়ন কৰা হৈছে৷ এই আইনৰ ২ নং ধাৰাত বাল্য বিবাহৰ সংজ্ঞা একেদৰেই দিয়া হৈছে৷ উক্ত আইনৰ ধাৰা ৯ অনুসৰি ১৮ বছৰৰ ওপৰৰ কোনো দৰাই বাল্য বিবাহ কৰিলে তেওঁৰ সৰ্বোচ্চ ২ বছৰৰ সস্ত্ৰম কাৰাদণ্ড বা ১লাখ টকা লৈকে জৰিমনা অথবা দুয়োটা শাস্তি হব পাৰে৷  ধাৰা ১০ ত যিয়ে বাল্য বিবাহ অনুষ্ঠিত কৰে ,নিৰ্দেশ দিয়ে অথবা উচটনি দিয়ে সি তাৰ বাবে অনুৰূপ শাস্তি ভোগ কৰাৰ কথা ঘোষণা কৰা হৈছে৷ ঠিক সেইদৰে ধাৰা ১১ (১) ত উল্লেখ কৰা হৈছে যে পিতৃ-মাতৃৰ,অভিভাৱক, কোনো সংগঠন, সংস্হাই বাল্য বিবাহ অনুষ্ঠিত কৰিবলৈ উৎসাহ বা অনুমতি দিয়ে আৰু ইচ্ছাকৃত ভাৱে যদি বাধা নিদি বৰন্ছ বিয়াত উপস্থিত বিয়াৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে তেওঁলোক আইনৰ দৃষ্টিত সমান অপৰাধী আৰু ধাৰা ৯ আৰু ১০ ৰ লেখীয়াকৈ শাস্তিৰ কথা ঘোষণা কৰা হৈছে আৰু তিনিও টা ধাৰা জামিন অযোগ্য (Non-bailale) গতিকে অপৰাধীয়ে এনে অপৰাধ কৰিলে জেল হাজতৰ ভাত খোৱাটো নিশ্চিত৷এনে আইন থকাৰ পিছতো সঠিকভাৱে কাৰ্যকৰী নোহোৱাৰ বাবে সংখ্যালঘু সমাজত বাল্য বিবাহ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷আদালত লৈ যিমান মহিলা গাৰ্হ্যস্ত হিংসাৰ বলি হৈ প্ৰতিকাৰ বিচাৰি ন্যায়ালয়ৰ দাৰস্হ হয়, তেওঁলোকৰ অধিক সংখ্যক বাল্য বিবাহৰ বলি৷ কম বয়সীয়া ছোৱালী জনী মা দেউতাৰ মৰমত থাকি ডাঙৰ দীঘল হোৱাৰ পিছত হঠাতে স্বামীৰ ঘৰত গৈ পৰিয়ালৰ সৈতে খাপ খাব নোৱাৰে৷ যিহেতু তেওঁলোকৰ মন মগজু সংসাৰ পৰিচালনাৰ বাবে পৰিপক্ক নহয়৷ বাল্য বিবাহৰ কু-প্ৰভাৱৰ বিষয়ে লিখিব গ’লে কাকতৰ পৃষ্ঠা শেষ হৈ যাব৷
আজিৰ পৰা এক দুই বছৰ আগলৈকে বাল্য বিবাহ ৰোধৰ বাবে আইন থকা স্বত্ত্বেও মুকলিভাৱে বাল্য বিবাহ অনুষ্ঠিত হৈ আহিছিল৷ তেওঁলোকৰ অভিভাৱকৰ যুক্তি এটাই ছোৱালী ডাঙৰ (১২ বছৰ সম্পূৰ্ণ হোৱা) হৈছে, এতিয়া বিয়া নিদিলে কিবা অঘটন ঘটাব পাৰে৷ চৰ অথবা গাওঁ অঞ্চলৰ লোক সকলৰ কথা হল -ছোৱালী লিখা পঢ়া কৰাই নাই, ঘৰত ৰাখিলে বোজা৷ গতিকে বিয়া দি ঘৰৰ পৰা ওলাই দিব পাৰিলেই মুক্তি৷ বাল্য বিবাহ অনুষ্ঠিত হলেও আইনী প্ৰক্ৰিয়াৰে শাস্তি দিব পৰা নগৈছিল৷ কাৰন নিগনিৰ ডিঙিত টিলিঙা আঁৰিব কোনে, সেয়াও এক লাখ টকীয়া প্ৰশ্ন৷ সকলোৱে মিলি এই অপৰাধ সংঘটিত কৰি আহিছিল৷ কিন্তু ইয়াৰ কু-প্ৰভাৱ ইমানেই ভয়ানক ৰূপ ধাৰণ কৰিছিল যে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গোটেই অসম জুৰি যোৱা ইং ২৮/১/২০১৭ তাৰিখে বাল্য বিবাহ বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰে৷ ই এক প্ৰসংশনীয় আৰু সকলোৱে ইয়াক আদৰণী জনাইছিল৷ ফলস্বৰূপে দৈনিক বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু বহু অপৰাধীয়ে ৰঙা ঘৰৰ ভাত খাব লগীয়া হৈছিল৷তেতিয়া বাল্য বিবাহ অনুষ্ঠিত কৰিবলৈ গ’লে এশ বাৰ ভাবিবলৈ বাধ্য হৈছিল৷ কিন্তু শেহতীয়াকৈ বাল্য বিবাহ অনুষ্ঠিত কৰাৰ পন্থাৰ কিছু পৰিৱৰ্তন হৈছে৷বাল্য বিবাহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আইনী বাধা বিঘিনি আহি পৰাত দুই এগৰাকী অধিবক্তা (সকলোৱে নহয়) বাল্য বিবাহ অনুষ্ঠিত কৰাৰ নতুন পদ আৱিষ্কাৰ কৰে৷ সেয়া হৈছে নাবালক দৰা-কইনা অভিভাৱকৰ মাজত চুক্তি (Deed of Agreement) সম্পাদন কৰে যত উল্লেখ থাকে যে উক্ত নাবালক দৰা-কইনাৰ উপযুক্ত বয়স হ’লে বিবাহ অনুষ্ঠিত কৰাব৷ সেয়া আজিৰ পৰা এক ডেৰ বছৰ আগৰ কথা৷ তেতিয়া দুই এটা এনেকুৱা নাবালক দৰা কইনাৰ অভিভাৱকৰ মাজত চুক্তি পত্ৰ (Deed of Agreement) সম্পাদন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে ইয়াৰ জৰিয়তে বাল্য বিবাহৰ সংখ্যা দিনক দিনে বৃদ্ধি হবলৈ ধৰিছে৷ শেহতীয়াকৈ ইয়াৰ প্ৰভাৱ ইমানেই বৃদ্ধি পাইছে যে এই লৈ সামাজিক মাধ্যমত সৰৱ চৰ্চ্চা আৰু সমালোচনা চলিছে৷ মইও আইনী বৃত্তিত জড়িত হোৱাৰ বাবে কথা বিলাক গাঁত কাঁইট বিন্ধা দি বিন্ধিছিল৷ আচল কথাটো হল কম বয়সীয়া (ল’ৰা ২১ আৰু ছোৱালীৰ ১৮ তলৰ) দৰা-কইনাৰ বিয়া ঠিক হোৱাৰ পিছত আৰক্ষী আৰু আমছুৰ ভয়তে উকীলৰ শৰনাপন্ন হয়৷ উকীলে (সকলোৱে নহয়) বুদ্ধি দিয়ে যে আপোনালোকৰ ল’ৰা ছোৱালীৰ বয়স কম আছে, কৰ্ট মেৰিজ নহ’ব৷গতিকে দৰা-কইনাৰ উভয়ৰে অভিভাৱকে চুক্তি পত্ৰৰ জৰিয়তে ‘কৰ্ট মেৰিজ’ কৰাই থওঁক আৰু বয়স হ’লে বিয়া উঠাই লব৷ এয়া হ’ল প্ৰকাশ্য পৰামৰ্শ৷ পিছত উকীলে কাণে কাণে কব দৰা-কইনাৰ অভিভাৱকৰ চুক্তি পত্ৰ হোৱাৰ এক দুই মাহ পিছত কোনেও নজনাকৈ বিয়া পাতি লব আৰু পৰামৰ্শ মতেই চলে কাম৷ গাঁৱৰ সহজ সৰল লোকে এনেকৈয়ে আৰম্ভ কৰিছে বাল্য বিবাহৰ নতুন অধ্যায়ৰ৷ অলপতে এনেকুৱা গোচৰ এটাও পোহৰলৈ আহিছে৷ কৰ্টৰ পৰা দৰা-কইনাৰ অভিভাৱকে চুক্তি-পত্ৰ (Deed of Agreement) কৰি লৈ যায় আৰু গাঁৱত গৈ দুদিনমান পিছত মৌলবী এজনৰ ওচৰলৈ যায় আৰু চুক্তি পত্ৰ প্ৰদৰ্শন কৰি কয় যে কৰ্টত মেৰিজ কৰাই আনিছো আপুনি সামাজিক ভাৱে বিয়া খন পঢাই দিয়ক৷গাঁৱৰ মৌলবী ইংৰাজী পঢ়িব নাজানি সামাজিক বিয়া সম্পাদন কৰাৰ অভিযোগত ৰঙা ঘৰৰ ভাত খাব লগা হল৷
এতিয়া আহো অভিভাৱকৰ চুক্তি-পত্ৰৰ বৈধতা সম্পৰ্কে৷ দৰা-কইনা নাবালক হোৱাৰ বাবে চুক্তিবদ্ধ হল যে উপযুক্ত বয়স হ’লে তেওঁলোকৰ বিয়া সম্পূৰ্ণ কৰিব৷ দৰা-কইনা প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে তেওঁলোক নিজ ইচ্ছামতে যিকোনো কাৰ্য কৰিবলৈ অধিকাৰ লাভ কৰে৷ আনকি মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰাপ্তবয়স্ক সকলে নিজ ইচ্ছামতে সিহঁতৰ জীৱন লগৰী বাচি লব পাৰে বুলি বিভিন্ন সময়ত ৰায়দান দি থৈছে৷ গতিকে প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে অভিভাৱকৰ চুক্তি পত্ৰৰ বৈধতা থাকিল কত ?ইয়াত দুটা কথা৷ প্ৰথম হ’ল এই চুক্তি পত্ৰৰ জৰিয়তে আওপকীয়াকৈ বাল্য বিবাহৰ সূচনা কৰা হৈ আছে৷ দ্বিতীয় কথাটো হল প্ৰাপ্তবয়স্ক হোৱাৰ পিছত চুক্তি ভংগ কৰিলে আইনী প্ৰতিকাৰ পাবলৈ নাই৷ তেতিয়াহলে এই চুক্তি পত্ৰ সম্পাদন কৰি দিয়াৰ অৰ্থ কি থাকিল৷ এই ক্ষেত্ৰত সচেতন ৰাইজৰ মত হল – কেইটামান টকা ঘটাৰ লক্ষ্যৰে উকীলে এনে আইনী বৈধতা নথকা চুক্তি পত্ৰ (Deed of Agreement) সম্পাদন কৰি ৰাইজক ৰাম ঠগন দিয়াৰ বাহিৰে আন একো নহয়৷ অধিবক্তাৰ যুক্তি হল ৰাইজে আহিলে আমি চুক্তি পত্ৰ কৰি দিবই লাগিব, মই নিদিলে বিলেগ উকীলে কৰি দিব৷ গতিকে আমাৰ মত হ’ল নটাৰী বিষয়া সকলে এনে আইনী বৈধতা নথকা চুক্তি পত্ৰত ছীল চহী নামাৰিলে উকীলে কৰ পৰা চুক্তি পত্ৰ সম্পাদন কৰিব ? আৰু এই ক্ষেত্ৰত আমছুৰ দৰে সংগঠনৰ কৰণীয় কাম আছে বুলি আমি ভাবো৷ আহক আমি সকলোৱেই মিলি বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি দূৰ কৰি সমাজখনক আগুৱাই লৈ যাওঁ ৷
লিখকৰ ফোনঃ ৯৮৬৪১১১১০৫