শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / শিক্ষক দিৱসঃ এক চমু অৱলোকন

শিক্ষক দিৱসঃ এক চমু অৱলোকন

✍জাহিদুল ইছলাম মিৰ্ধা|

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰৰ দিনটোতে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত আমাৰ দেশৰ এগৰাকী মহান মনিষী, প্ৰখ্যাত দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে। তেওঁ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা আছিল । ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্ত্বৱধানত থাকি শিক্ষা লয়৷ ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় , বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান Megna শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিদ্ধান্ত লয়৷ ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে৷ ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়৷ সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে৷ জীৱনত তেওঁৰ কৰ্ম ৰাজিৰ বাবে বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হৈছিল৷ ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে৷ ড০ ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল৷ তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম৷ লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে- “teachers should be the best minds in the country” তাৰ পিছত ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ এনে এগৰাকী মহান মনিষীয়ে শিক্ষক সমাজৰ সন্মানাৰ্থে নিজৰ জন্মদিনটো উচৰ্গিত কৰি তেখেতৰ মহানতাৰ আন এক নিদৰ্শন দাঙি ধৰিছিল৷ কিন্তু মানৱ সম্পদ গঢ়াৰ খনিকৰ এই শিক্ষকসকল আজি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ বিভিন্ন সময়ত শিক্ষকসকলে নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত নামিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ এইখন দেশত হৈ গৈছে ৷ পৃথিৱীৰ বিভিন্ন দেশত শিক্ষকসকলক বহু উচ্চ মৰ্যাদা প্ৰদান কৰাৰ বিপৰীতে আমাৰ দেশত কিন্তু তাৰ বিপৰীত অৱস্থা এটা দেখিবলৈ পোৱা যায়৷ বিশেষকৈ আমাৰ অসমত যি অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকল আছে তেওঁলোকৰ লগত চৰকাৰে দেখুৱাই অহা অৱহেলা হৈছে তাৰ এক জলন্ত উদাহৰণ৷ বছৰৰ পিছত বছৰ ধৰি এই শিক্ষাগুৰু সকলে বিনাবেতনে পাঠদান কৰি আছে অথচ এইসকলক লৈ কোনেও বলিষ্ঠভাৱে মাত মতা পৰিলক্ষিত হোৱা নাই৷ ২০-৩০ বছৰ ধৰি পেটত গামোছা বান্ধি পাঠদান কৰি অহা এইসকল শিক্ষকৰ প্ৰাপ্য আদায় দিবলৈও ৰজাঘৰীয়াৰ কোনো আগ্ৰহ দেখা নাযায়৷ বিগত কেবাবছৰ ধৰি চলাই অহা নেৰানেপেৰা আন্দোলনৰ ফলশ্ৰুতিত যোৱাটো চৰকাৰৰ কাৰ্যকালত কিছু বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই কেইবাহাজাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৃত কৰাৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল৷ বঞ্চিত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলে বিভিন্ন সময়ত চৰকাৰৰ লগত এই সমস্যাক লৈ আলোচনা কৰিছিল যদিও সেয়াও কেৱল আশ্বাসতে সীমাবদ্ধ হৈ থাকিল৷ বৰ্তমানৰ চৰকাৰখনেও যোৱা বিধানসভাৰ নিৰ্বাচনত এই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈ আছে৷ গতিকে ৰাজ্যৰ এক বৃহৎ সংখ্যক শিক্ষক শিক্ষয়িত্ৰীক প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখি ধুমধামেৰে শিক্ষক দিৱস পালনৰ কিবা অৰ্থ আছে বুলি মই নাভাৱো৷ এইবোৰৰ উপৰিও প্ৰচলিত শিক্ষাব্যৱস্থাত শিক্ষক সকলক এনেকুৱা মানসিক চাপত ৰখা হৈছে যিবোৰে শিক্ষকসমাজক একপ্ৰকাৰ হতাশ কৰি তুলিছে৷ যাৰ ফলত শিক্ষকসকলেও পাঠদানৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈ আহিছে । বিভাগীয় মন্ত্ৰীয়ে ৰাজহুৱাকৈ শিক্ষকসকলক অপমান কৰাৰ দৰে ঘটনাও এইখন অসমতে ঘটি গৈছে ।শিক্ষক-শিক্ষয়িত্ৰীসকলৰো এটা অংশই সম্প্ৰতি শিক্ষকতাৰ বৃত্তিটোক পেছালৈ ৰূপান্তৰিত কৰিছে৷ এই শ্ৰেণীৰ শিক্ষকসকলে ছাত্ৰছাত্ৰী আৰু সমাজৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ কথা পাহৰি যোৱা যেন অনুমান হয়৷ কিছুদিন আগলৈকে সমাজত শিক্ষকসকলক মৰ্যাদাৰ দৃষ্টিৰে চোৱা হৈছিল৷ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষকসকলক সদায় উচ্চ আসন দিয়া হৈছিল৷ ছাত্ৰ-ছাত্ৰী সকলেও শিক্ষাগুৰুক নিজৰ পিতৃতুল্য জ্ঞান কৰিছিল৷ কিন্তু আজি সেই পৰিৱেশ দেখা পোৱা নাযায়৷ সমাজ ব্যৱস্থাত যিদৰে শিক্ষকসকলৰ মৰ্যাদা হ্ৰাস হৈছে তেনেকৈ ছাত্ৰছাত্ৰীৰ মাজতো শিক্ষাগুৰুৰ প্ৰতি প্ৰদৰ্শন কৰিবলগীয়া সন্মান আৰু শ্ৰদ্ধাৰ পৰিমাণ কমি আহিছে৷ এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে প্ৰচলিত শিক্ষাব্যৱস্থা যিমান দায়ী সিমানেই দায়ী শিক্ষক-শিক্ষয়িত্ৰী সকলো৷ সেয়েহে এনে এক ধ্বংসমুখী পৰিবেশত উলহ মালহেৰে শিক্ষক দিৱস উদযাপনৰ কিবা মানে আছে বুলি মনে নধৰে৷ গতিকে যিগৰাকী মহান ব্যক্তিৰ জন্মদিনটো দেশৰ শিক্ষকসমাজৰ সন্মানাৰ্থে উচৰ্গিত, সেইগৰাকী ব্যক্তিৰ আদৰ্শ আৰু চিন্তাধাৰা আমি এবাৰ উপলব্ধি কৰা প্ৰয়োজন৷ দেশৰ প্ৰতিগৰাকী শিক্ষকেই নিজৰ দায়িত্ব আৰু কৰ্তব্য সঠিকভাৱে পালন কৰিলেহে সেই মহান ব্যক্তিগৰাকীৰ জন্মদিনটোৰ প্ৰকৃত তাৎপৰ্য ফুটি উঠিব৷ এইক্ষেত্ৰত চৰকাৰী ভূমিকা হ’ব উল্লেখনীয়৷ শিক্ষক-শিক্ষয়িত্ৰী সকলে ভুগি থকা বিভিন্ন সমস্যা চৰকাৰে দুৰ কৰি এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিব নোৱাৰিলে কেৱল এটা দিন উলহমালহেৰে নিৰ্দিষ্ট কেইজনমান শিক্ষকক বঁটা বাহনেৰে সন্মানিত কৰিলেই দায়িত্ব শেষ হৈ নাযায়৷ প্ৰাদেশিকৰণৰ পৰা আদি কৰি চাকৰি নিয়মীয়া কৰাকে এশ এবুৰি সমস্যাৰ মাজত ককবকাই থকা এইসকল ভুক্তভোগী শিক্ষাগুৰুৰ প্ৰাপ্য দাবী পুৰণ কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মুখত হাঁহি বিৰিঙাব পাৰিলেহে শিক্ষক দিৱস পালনৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব৷ সদৌ শেষত নিজৰ জন্মদিনটো শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে উচৰ্গা কৰি যোৱা সেই মহান মনিষী ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা জনাই মোৰ এই ক্ষুদ্ৰ লিখনিৰ ইয়াতেই সামৰণি মাৰিলোঁ৷

ফোনঃ ৭০০২৬৪২৮১২