শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ২০২০ ত যানজঁটৰ পৰা মুক্ত হ’ব দেশৰ ৰাজধানী নতুন দিল্লী

২০২০ ত যানজঁটৰ পৰা মুক্ত হ’ব দেশৰ ৰাজধানী নতুন দিল্লী

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে আজি উচ্চতম ন্যায়ালয়ক কয় যে দেশৰ ৰাজধানী ২০২০ চনৰ ভিতৰত যানজঁটৰ পৰা মুক্ত হ’ব৷ আৰক্ষী-প্ৰশাসন ইতিমধ্যে যানজঁটৰ সমস্যা সমাধান কৰাৰ বাবে উঠিপৰি লাগিছে৷ যানজঁটৰ সমস্যাই সাধাৰণ লোকক অতিষ্ঠ কৰি তোলাৰ সময়ত দিল্লী আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে দেশৰ ৰাজধানীক যানজঁটমুক্ত কৰাত৷ ইপিনে উচ্চতম ন্যায়ালয়ত আৰক্ষীয়ে এই বিষয়ত এক প্ৰতিবেদনো দাখিল কৰে৷ প্ৰতিবেদনত উল্লেখ কৰে যে ২০২০ চনৰ ভিতৰত দেশৰ ৰাজধানী সম্পূৰ্ণৰূপে যানজঁটৰ পৰা মুক্ত হ’ব৷