শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ঃ দেশত বৈধ হ’ল সমলিংগীয় সম্পৰ্ক

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ঃ দেশত বৈধ হ’ল সমলিংগীয় সম্পৰ্ক

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে। এই ৰায়ৰ পাছত ভাৰতীয় দণ্ডবিধি ৩৭৭ ধাৰাৰ অন্ত পৰিল। এই ৰায়যোগে ন্যায়ালয়ে বৈধতা প্ৰদান কৰিলে সমলিংগীয় সম্পৰ্ক। বৃহস্পতিবাৰে ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এই ৰায়দান প্ৰদান কৰি কয়- সকলো ন্যায়াধীশৰ সহমতত এই ৰায় দিয়া হৈছে।

লগতে তেওঁ কয়- এখন সমাজ ব্যক্তিৰ পৰা পৃথক হ’ব নোৱাৰে। এই ৰায়দানৰ বাবে গঠিত বিচাৰপীঠত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰকে ধৰি মুঠ ৫জন ন্যায়াধীশেৰে গঠিত হৈছে। উচ্চতম ন্যায়ালয়ে সমলিংগসকলৰ অধিকাৰৰ দাবীত নবতেজ সিং জোহাৰ, সুনীল মেহৰা, অমন নাথ আদিয়ে এই আবেদন দাখিল কৰিছিল। য’ত সমলিংগীয় সম্বন্ধ গঢ়াৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাৰ বাবে হোৱা বাধাক প্ৰত্যাহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে, দেশত ইয়াৰ বিৰুদ্ধে প্ৰথম ২০০১চনত এখন আবেদন দাখিল কৰা হৈছিল। ২০১৩চনৰ ১১ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে সেই আবেদনৰ ৰায়দান কৰি সমলিংগীয় সম্পৰ্ক অপৰাধ ঘোষণা কৰিছিল। তাৰ পাছতেই বিষয়টো পাইছিল গৈ উচ্চতম ন্যায়ালয়। উচ্চমত ন্যায়ালয়ৰ পৰা এই ৰায় অহাৰ পাছতেই দেশজুৰি সমলিংগীয় লোকসকলে সন্তুষ্টি ব্যক্ত কৰিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই কথা স্পষ্ট কৰি দিছে- সমলিংগীয় লোকসকলেও সন্মানসহকাৰে জীয়াই থকাৰ অধিকাৰ আছে।

ন্যায়ালয়ে লগতে কয়- এয়া অপৰাধ নহয়। ইয়াৰ বাবে মানুহৰ চিন্তা-ধাৰা সলনি কৰিব লাগিব। মই যি তাক স্বীকাৰ কৰাতো প্ৰয়োজন। নিজৰ ব্যক্তিত্বৰ পৰা কোনো আতৰি যাব নোৱাৰে। সাম্প্ৰতিক সময়ত আমাৰ বিচাৰ আমাৰ চিন্তাধাৰা ভিন্ন হ’ব পাৰে।

মুখ্য ন্যায়াধীশ  দীপক মিশ্ৰ, ন্যায়াধীশ ৰোহিংটন নৰীমন, এ এম খানবিলকৰ, ডি ৱাই চন্দ্ৰচুৰ আৰু ন্যায়াধীশ ইন্দু মলহোত্ৰাৰে গঠিত এই বিচাৰপীঠে এই ৰায়দান কৰে। সমলিংগীয় অপৰাধ হিচাপে গণ্য কৰা আই পি চি ৩৭৭ ধাৰাৰ সন্দৰ্ভত ১০ জুলাইত উচ্চতম ন্যায়ালয়ৰ এই বিচাৰপীঠে শুনানি আৰম্ভ কৰিছিল। ৪দিন শুনানি গ্ৰহণৰ পাছত এই গোচৰৰ ৰায় স্থগিত ৰখা হৈছিল।