শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / অসমৰ বংগীয় মূলৰ মুছলমানৰ খিলঞ্জীয়া বিষয়ত ইতিহাসে কি কয়

অসমৰ বংগীয় মূলৰ মুছলমানৰ খিলঞ্জীয়া বিষয়ত ইতিহাসে কি কয়

✍ছোৰহাব আলী মণ্ডল|

সমাজ, দেশ প্ৰগতিৰ পথত ইতিহাসেই এক গুৰুত্বপূৰ্ণ সহায়ক। কিন্তু মিছা ইতিহাসৰ প্ৰভাৱ নতুন প্ৰজন্মৰ স্মৃতিত বৃত্তান্ত সুমুৱাই দিয়াটো সমাজৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিকৰ। বিশ্বব্যাপী জনগোষ্ঠীয় পৰিচয় প্ৰকৃত ইতিহাসৰ ভিত্তিতে নিৰ্ণীয়মাণ। সুচতুৰ ইংৰাজসকলে ইতিহাসত ভেজালযুক্ত কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি সমগ্ৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল। দেখা যায়– আমাৰ অসম ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ খিলঞ্জীয়া আদি প্ৰসংগত ইতিহাসবিদ, বুৰঞ্জীবিদসকল ভেজালমুক্ত নহয়। এয়া যে মানৱ জাতিৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস। অসমত আমি যিমানবিলাক জাতি-উপজাতি, ভাষা-ভাষী, ধৰ্মৰ জনগোষ্ঠীক দেখিবলৈ পাইছো, এওঁলোকৰ আটাইৰে পূৰ্বপুৰুষ আছিল এসময়ত ইয়ালৈ প্ৰব্ৰজন কৰি অহা বিদেশী লোক। ইয়াত অৱশ্যেই কোনোৱেই মাটি ফুটি ওলোৱা নাই। অগা-পিছাকৈ বিভিন্ন জনগোষ্ঠীয়ে এইখন ৰাজ্যত থিতাপি লৈছেহি। ভাৰতৰ জাতিতত্ত্ব সম্পৰ্কত নেহৰুৱে কৈছিল– ‘ভাৰতৰ প্ৰাচীনতম জাতি হিচাপে দ্ৰাবিড় জাতিকেই জানো।’ অসম নাম পুৰণি নাম নহয়। অসমৰ ভূমি প্ৰাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমি আছিল। এই ৰাজ্যৰ ভূমিৰ সৰ্বপ্ৰথম মানৱ গোষ্ঠী তথা জাতি হ’ল দ্ৰাবিড় জাতি। বহুতো পণ্ডিতৰ মতে– অসমৰ অইন অইন গোষ্ঠীৰ পদাৰ্পণৰ আগৰ পৰাই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত দ্ৰাবিড়সকলে বাস কৰিছিল। ইয়াৰ পিছত পাহাৰীয়া অঞ্চলত থিতাপি লয় অষ্ট্ৰিক আৰু মংগোলিয়ানসকলে। মুণ্ডা, কোল, পুলিন্দ, হাড়ি, শৱৰ, ডোম, চণ্ডাল, কুকি, মণিপুৰী, কছাৰী, অৰুণাচলৰ বাংচু জনজাতিৰ লোকসকল অষ্ট্ৰিক প্ৰজাতিৰ পৰ্যায়ভুক্ত। আকৌ বৰ্তমানৰ আহোম, কছাৰী, কোঁচ, ৰাভা, হাছং, মিকিৰ, কাৰ্বি, লালুং, গাৰো, নগা, লুচাই, কুকি, চুতীয়া, খামটি, চিংফৌ, অঁকা, ডফলা, মিচিং, বড়ো আদি লোকসকল মংগোলীয় জাতিৰ বুলি খ্যাত। মংগোলীয় জাতিৰ এক অংশই ইছলাম গ্ৰহণ কৰি মোগল নামে পৰিচিত হৈ শক্তিশালী ৰাজশক্তি হিচাপে ভাৰতীয় ইতিহাসত চিহ্নিত হৈ আছে। অসম, ত্ৰিপুৰা, চট্টগ্ৰাম অঞ্চলত মংগোলয়ড জাতিৰ অধিকসংখ্যকে বসবাস কৰে। আৰ্য নামৰ জাতিটো খ্ৰীষ্টীয় ৪০০ৰ পৰা ৮০০ শতিকালৈকে ভগনিয়াৰ বা আশ্ৰিত হোৱাকৈ আহিছিল। এই আৰ্য দাবীদাৰৰ প্ৰধান ব্ৰাহ্মণসকল ১৬১৭ খ্ৰীঃত অসমলৈ অহা বুলি ইতিহাসে সোঁৱৰায়। স্পষ্ট এয়ে যে বংগ, পুণ্ড্ৰ, বঙাল, বাং, বাগদী, গংগাৰিভী, মাগধ, উপবংগ, মিথিলা, ৰাঢ় (বাৰেন্দ্ৰ) তাম্পলিপ্ত, কাজগম, সমতট, শ্ৰীহট্ট, হৰিকেল, কলিংগ, প্ৰাগজ্যোতিষ, কামৰূপ, কামতা, কোঁচ-হাজো, অসম, বাৰ্মীজ, বংগৰ অসম আৰু ১৯৪৭ চনৰ স্বাধীন ভাৰতৰ অসম, প্ৰাচীন ‘পুণ্ড্ৰবৰ্ধন ৰাষ্ট্ৰ’ৰ ভূমি আছিল। এই ভূমিৰ বয়স ৬০ কোটি বছৰ। এই ভূমিৰ সৰ্বপ্ৰথম মানৱ জাতি হ’ল দ্ৰাবিড়। স্মৰণযোগ্য যে প্ৰকৃত ইতিহাস মতে প্ৰাগজ্যোতিষ-কামৰূপ ভূমি (পুণ্ড্ৰবৰ্ধন)ৰ আদিম অধিবাসী পোদ, কিৰাত, নিষাদ, মুণ্ডা, অষ্ট্ৰিক, ডোমা, কোল, ডামিল, কেৱট, কৈৱৰ্তসমূহ দ্ৰাবিড় প্ৰভৃতিৰ বংশজাত, অসমৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া। এইসকল জাতিৰ পৰা যিসকললে খ্ৰীষ্টান, বৌদ্ধ, ইছলাম, হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে তেওঁলোকে সময়ে সময়ে ভৌগোলিক পৰিৱৰ্তনৰ– পুণ্ড্ৰবৰ্ধনৰ ভূমিত জন্ম লোৱা, জাতিয়ে আন্তঃপ্ৰব্ৰজনেৰে স্থায়িত্ব লোৱা নতুন অসমতো ভূমিপুত্ৰ আৰু খিলঞ্জীয়া। এইসমূহ জাতিৰ পৰা ধৰ্মান্তৰিত মুছলমান অসমত প্ৰায় ১ কোটিৰ ওচৰা-উচৰি (অসমীয়া ভাষাত জীণ যোৱা) মুছলমান দ্ৰাবিড়ভাষী আজিৰ বঙালী মুছলমান। ইছলামী সংস্কৃতিত ভাষা, ধৰ্মৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা নহয়। ৰাজ্যৰ পৰিস্থিতি, সংখ্যাগুৰুৰ মতামতৰ সন্মতিত দ্ৰাবিড়ভাষী, বঙালীভাষী মুছলমানে অসমীয়া ভাষাক চহকী কৰি বিশ্বৰ দৰবাৰত উপনীত কৰোৱাত অগ্ৰণী ভূমিকা অব্যাহত ৰাখিছে। জাতিটো এতিয়া ‘অসমীয়া’ বুলিয়ে জনাজাত। সেইদৰে বৈষ্ণৱী ধাৰাৰ পৰা ধৰ্মান্তৰিত গড়িয়া, পাৰস্য-দ্ৰাবিড় সভ্যতাৰ সংমিশ্ৰিত মৰিয়া, দ্ৰাবিড়-মংগোলীয় সংমিশ্ৰণৰ কোঁচ ৰাজবংশীয় জনগোষ্ঠীৰ পৰা স্বদেশী, দ্ৰাবিড়-মংগোলিয়াৰ সংমিশ্ৰণৰ চিলেটীয়া, মংগোলিয়া বড়োৰ পৰা ধৰ্মান্তৰিত শৰণীয়া হিন্দু আৰু বড়োৰ বাথৌ ধৰ্মৰ পৰা ধৰ্মান্তৰিত খ্ৰীষ্টান ধৰ্মীয় বাদাৰীসকল। ‘বৰ্তমান অসমৰ ভূমি প্ৰাচীন পুণ্ড্ৰবৰ্ধন (বাঢ়, বাৰেন্দ্ৰ), প্ৰাগজ্যোতিষ-কামৰূপ, কমতা, কোঁচ-হাজো-অসম প্ৰভৃতিৰ খাচ ভূমি। এই খাচ ভূমিৰ ভূমিপুত্ৰ দ্ৰাবিড়ৰ বংশজাতে ৰাজ্যৰ ভৌগোলিক পৰিৱৰ্তনত আন্তঃপ্ৰব্ৰজন হ’লেই যদি বিদেশী প্ৰব্ৰজনকাৰী ধৰা হয়, তেন্তে এই ভূমিৰ প্ৰাচীন ভূমিৰ ভূমিপুত্ৰৰ দেশত অহা বিদেশীসকল আৰু অসম নামৰ দুশ বছৰীয়া দেশত ভূমিপুত্ৰ খিলঞ্জীয়াৰ হৰ্তাকৰ্তা কেনেকৈ হয়? এইসমূহ দিশত ইতিহাসে কি কয়? সেইটোহে আচল কথা।’ (খিলঞ্জীয়াৰ অনুসন্ধান, লেখক এছাহাক আলী দেৱান)। প্ৰাচীন প্ৰাগজ্যোতিষৰ ভূমিপুত্ৰ, অসমৰ প্ৰাগজ্যোতিষপুৰীয়া খিলঞ্জীয়া মুছলমানক হিংসাৰ বশৱৰ্তীত তথা চৰম জাতীয়তাবাদীয়ে জাত্যভিমানীৰ দ্বাৰাই বিকৃত ইতিহাস ৰচনা কৰি নানা প্ৰাসংগিক নামেৰে মতাটো অব্যাহত ৰাখিছে। অসত্যৰ ইতিহাস আৰু সাহিত্যৰ বাৰ্তা সদায় পিছফালে অপ্ৰগতিশীল। ১৮৭৪ চনত অসমৰ চাৰিসীমা নিৰ্ধাৰণ কৰিছিল ভাৰতৰ বংগৰ চৰকাৰে। সেই অসমখনো প্ৰাগজ্যোতিষৰ ভূমিয়েই একত্ৰিত হৈছিল। তাহানিৰ পৰা ইয়ালৈ প্ৰব্ৰজন কৰাসকল নিজৰ ভূমিতেই আহিছে। ই প্ৰব্ৰজন নহয়। আন্তঃপ্ৰব্ৰজনহে। যিসকল বিদেশীয়ে প্ৰাগজ্যোতিষৰ ভূমিত অৱস্থান লৈ নিজকে আজি প্ৰাক্-ঐতিহাসিক যুগক বাদ দি খিলঞ্জীয়াৰ দাবীদাৰ তেওঁলোকেহে প্ৰব্ৰজনকাৰী আৰু দ্ৰাবিড়ৰ ভূমিক চিৰতৰে তেওঁলোকৰ ভূমি বুলি ইতিহাস বনাব খুজিছে। বাস্তৱ হ’ল– ইয়াত অন্যান্য জাতি-সম্প্ৰদায়ে ভগনীয়াৰ হৈ বিদেশী হিচাপে আশ্ৰিত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি গঠনৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সংঘৰ্ষই দ্ৰাবিড় জাতিৰ লগত বিভিন্ন সম্প্ৰদায়গত সংঘৰ্ষ। মংগোলীয় আৰু অষ্ট্ৰিক জাতিয়ে তেওঁলোকৰ ভূমিত নিজস্বতা সংৰক্ষণৰ আধাৰেৰে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল ৰাজ্য গঠন কৰিলে। অসমতো বিটিএডি নিলে। কোঁচ ৰাজ্যৰ বাবেও সজোৰ দাবী চলে। নিজৰ আধিপত্য বিস্তাৰৰ তথা ন্যায্য প্ৰাপ্তিৰ বাবে এই খিলঞ্জীয়া মুছলমানে ভীতিৰ পৰিৱেশৰ শিকলি ভাঙি-ছিঙি ওলাই আহিবৰ হ’ল। ৰাষ্ট্ৰ বা ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীয়ে সকলোতে সমান অধিকাৰ ভোগ কৰাটো ন্যায়সন্মত বুলিয়ে স্বীকৃত। অসম ৰাজ্যখনত স্বাধীনতাৰ ৭২ বছৰতো খিলঞ্জীয়া মুছলমানক ৰাজ্যখনৰ সকলো সা-সুবিধা, চাকৰি-বাকৰি ইত্যাদিত অকল বঞ্চিতকৰণহে প্ৰতীয়মান হৈ আহিছে। বিভিন্ন সময়ত বিভিন্ন ইছ্যুৰে সাম্প্ৰদায়িকতাৰে তথা হিন্দুৰ সকলোৱে একগোট হৈ ইহঁতৰ জীৱন যাপন প্ৰণালীৰ বিপৰ্যস্ততা অব্যাহত ৰখা হৈছে। নৈপৰীয়া তথা ব্ৰহ্মপুত্ৰ উপত্যকাত বসতিস্থলৰ (শদিয়াৰ পৰা ধুবুৰীলৈ) এই জনগোষ্ঠীৰ উন্নতিৰ হকে, ভূমি সংৰক্ষণ, বানপানী প্ৰতিৰোধ ইত্যাদি দিশত অত দিনেও চৰকাৰী পদক্ষেপ, কাম-কাজৰ লেখত ল’বলগীয়া কোনো উদাহৰণ পাবলৈ নাই। এই জাতিটো সদায় নিজকে অসমীয়া বুলি পৰিচয় দি অহাৰ পিছতো সদায় এক নহয় এক সন্দেহৰ দৃষ্টিত নিৰ্যাতন চলাই অহা হৈছে। অসমত অসমীয়া ভাষা, পৰিচয় আদি জীয়াই আছে এই বাংলাভাষী খিলঞ্জীয়া মুছলমানৰ অক্সিজেনতহে। ইয়াত গোষ্ঠীয়ে গোষ্ঠীক নিঃশেষ কৰাৰ প্ৰক্ৰিয়া বিদ্যমান। অসমত পূৰ্বৰে পৰাই ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে সমাজবোৰ, জনগোষ্ঠীক ভাগ ভাগ কৰি পৰিৱেশ উত্তাল কৰি আহিছে। স্বাধীনতা লাভৰ পিছত সংবিধানপ্ৰদত্ত সকলো সুবিধা একমাত্ৰ এই জনগোষ্ঠীটোৰ বাহিৰে বিভিন্ন জনগোষ্ঠীয়ে পৃথক ৰাজ্য অথবা স্বায়ত্ত-শাসিত পৰিষদেৰে ভোগ কৰি আহিছে। বিভিন্ন জাতিয়ে স্বৰ্গীয় সুখভোগত উপনীত হ’বলৈ সক্ষম হৈছে। আনহাতে এই গোষ্ঠীৰ নেতা, সংগঠন, বুদ্ধিজীৱীৰ নীৰৱ ভূমিকা অতি পুতৌজনক। গণতন্ত্ৰৰ মূল আদৰ্শক বাস্তৱত  ৰূপায়িত কৰিবলৈ হ’লে দেশৰ সকলো স্তৰতে স্থানীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত দায়িত্বশীল আৰু স্বায়ত্ত-শাসনৰ ব্যৱস্থা হোৱাটো প্ৰয়োজন। অসম ৰাজ্য যিহেতুকে স্বায়ত্ত-শাসিত অঞ্চল, পৃথক ৰাজ্যৰ সৃষ্টি অব্যাহত চৰ-চাপৰিৰ তথা সংখ্যালঘুৰ উন্নয়নৰ স্বাৰ্থত চৰ-চাপৰি স্বায়ত্ত পৰিষদ, বা সময়ে সময়ে দাবী উত্থাপিত মতে– মুছলিম স্বায়ত্ত পৰিষদ, মিঞালেণ্ড ইত্যাদি যিকোনো নামৰ পৰিষদ গঠনৰ প্ৰয়োজন হৈ পৰিছে। বিভিন্ন বিভাগীয় ৩০-৪০ টা বিষয়ৰ ক্ষমতা পৰিষদে চলাই গ’লে জাতিটো জীয়াই থকাৰ আশা কৰিব পাৰি। সম্প্ৰতি এন আৰ চি উন্নীতকৰণৰ নামতো ত্ৰুটিমুক্ত নোহোৱাটো পৰিলক্ষিত হৈছে। সকলোৱে মনে-প্ৰাণে শুদ্ধ আৰু নিখুঁত এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰিছে। বৈষম্যমূলকতা পৰিহাৰ কৰি অসম এক দীঘলীয়া আৰু জটিল সমস্যাৰ সমাধান হওক। চূড়ান্ত খচৰা তালিকাত দেখদেখকৈ ইচ্ছাকৃত অলেখ ভুল-ভ্ৰান্তি  প্ৰতীয়মান হৈছে। সময়েহে ক’ব কেনে ধৰণৰ নিখুঁত নাগৰিকপঞ্জী প্ৰস্তুত হয়।

ফোনঃ ৯৪৩৫৬-৭৬৫৬৭