শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / গুৱাহাটীত মুকলি ‘মাই এভাৰ গ্ৰীণ ফিউচাৰ’

গুৱাহাটীত মুকলি ‘মাই এভাৰ গ্ৰীণ ফিউচাৰ’

ডিজিটেল ডেস্ক, গুৱাহাটীঃ উত্তৰ পূবৰ ভিতৰত ‘মাই এভাৰ গ্ৰীণ ফিউচাৰ’ৰ প্ৰথমটো প্ৰতিষ্ঠান আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত প্ৰতিষ্ঠানটোৰ উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষ বিষয়া জাকিৰ হুছেইনে হাতীগাঁও চাৰিআলিৰ দৈনিক গণ অধিকাৰ কাকতৰ কাৰ্যালয়ৰ সমীপত মাই এভাৰ গ্ৰীণ ফিউচাৰৰ কাৰ্যালয়টো মুকলি কৰে। হুছেইনে জানিবলৈ দিয়া অনুসৰি উত্তৰ পূৰ্বৰ ভিতৰত এইটো প্ৰথমটো মাই এভাৰ গ্ৰীণ ফিউচাৰৰ কাৰ্যালয়। উক্ত কাৰ্যালয়ৰ জৰিয়তে উত্তৰ পূবৰ বিভিন্ন প্ৰান্তত ফুড চাপ্লিমেণ্ট যোগান ধৰা হ’ব। একেদৰে  প্ৰতিষ্ঠানৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন লাভ কৰিব পাৰিব বুলিও হুছেইনে আশা প্ৰকাশ কৰে। সকলোৰে সুস্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি উন্নত মানদণ্ডৰ ফুড চাপ্লিমেণ্ট যোগান ধৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটো দায়বদ্ধ বুলিও উল্লেখ কৰে তেওঁ।